Logo
image

একাংশ ডক্টৰেট ডিগ্ৰীধাৰী অধ্যাপকৰো জ্ঞানৰ অভাৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰঃ ‘বুঢ়া শালিকাৰ মাত নোলায়, গতিকে নতুনসকলক লৈ শিক্ষা বিভাগ আগবাঢ়িব লাগিব৷ পিএইচডি লৈয়ো জ্ঞানৰ অভাৱ একাংশ অধ্যাপক-অধ্যাপিকাৰ৷’– ৰাজ্যৰ একাংশ জ্যেষ্ঠ কলেজ শিক্ষকক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত ৫৮গৰাকী নৱ নিযুক্ত কলেজ শিক্ষকক নিযুক্তি-পত্ৰ বিতৰণ কৰি এনেদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে৷ তেওঁ কয়– ‘এতিয়াৰ পৰা মহাবিদ্যালয়সমূহৰ  পাৰদৰ্শিতা মহাবিদ্যালয়ৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ক’ত নিযুক্তি পালে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব৷ বিকাশৰ হাৰত পৃথিৱীৰ শীৰ্ষত আছে ভাৰত৷ দেশৰ ৬ শতাংশ জিডিপি ধৰি ৰখাটো কুশল নেতৃত্বৰ বাবেহে সম্ভৱ হৈছে৷’ উল্লেখ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ সংকল্পক বাস্তৱ ৰূপ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা আজি ৫৮ গৰাকী প্ৰাৰ্থীলৈ আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ ৰাজ্যখনৰ বিভিন্ন প্ৰাদেশীকৃত মহাবিদ্যালয়ত ৫৮গৰাকী সহকাৰী অধ্যাপক আৰু ৩গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থী আৰু তেওঁলোকৰ গৌৰৱান্বিত অভিভাৱকসকলৰ উপস্থিতিত এই নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে অসম চৰকাৰে বহু আশা-আকাংক্ষা লৈ আজি এই প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰিছে৷ তেওঁ প্ৰতিগৰাকী প্ৰাৰ্থীক নতুন শিক্ষানীতিৰ প্ৰতি লক্ষ্য ৰাখি  ডিপাৰ্টমেণ্টেলইজিম অৰ্থাৎ নিজৰ বিভাগতে অকল সীমাবদ্ধ নাথাকি জ্ঞান দান আৰু আহৰণৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰিবলৈ আহ৩ান জনায়৷ তেওঁ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাদান কৰিব লাগিব, যাতে ছাত্ৰ-ছাত্ৰীসকলে ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁলোকৰ জীৱন যুঁজত সফলতাৰে আগবাঢ়ি যাব পাৰে৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক দৃঢ়তা, পৰিকল্পনা আৰু নেতৃত্ব এই তিনিটা কথা উপলব্ধি কৰি আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে৷ ইয়াৰ উপৰি তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে বৰ্তমান উন্নয়ন আৰু বিকাশৰ হাৰত ভাৰতবৰ্ষই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰৰ শিক্ষা বিভাগেও মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে গ্ৰহণ কৰা Samarth e-Gov আৰু শিক্ষা সেতু এক উল্লেখনীয় পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে জোৰ দি কয়৷ তেওঁ আৰু লগতে কয় যে বৰ্তমান চৰকাৰখনে কোনখন মহাবিদ্যালয়ৰ পৰা কিমান শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰি সংস্থাপন লাভ কৰিছে তাৰ প্ৰতি নজৰ ৰাখিব৷ আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্ত,  উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা পমী বৰুৱা উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত বৃহস্পতিবাৰে সন্ধিয়া দিছপুৰৰ পি ডব্লিউ ডি কনভেনছন চেণ্টাৰত সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০১২ চনত চাকৰি পোৱা শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণক আদৰি লয় নে বৰ্তমানৰ ব্যৱস্থাতে থাকে ইয়াৰ  বাবে চৰকাৰে অপচন প্ৰদান কৰিব৷ ২০১২ চনৰ পিছত নিযুক্তি পোৱা সকলে চৰকাৰৰ সকলো প্ৰস্তাৱ আদৰি লৈছে৷ তেওঁলোক চৰকাৰৰ সিদ্ধান্তত সুখী৷ চাকৰি নিয়মীয়াকৰণ হ’লে স্বাভাৱিকতে কিছু অৰ্থনৈতিক লোকচানৰ সন্মুখীন হ’বই লাগিব৷ কিয়নো তেওঁলোকৰ আগৰখিনি হিচাপত আনিব পৰা নাযাব৷