Logo
image

হাগ্ৰামাক কটাক্ষ প্ৰমোদ বড়োৰঃ প্ৰমোদে ক'লে, "হাগ্ৰামাই যুগৰ লগত আগবাঢ়িব নোৱাৰাটো তেওঁ দোষ, বিপিএফ নোহোৱা হ'ব"

ডিজিটেল সংবাদ, ওদালগুৰিৰ প্ৰতিবেদকঃ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োই টেক্টৰক মাৰুটি বুলি ভাবি স্পীডত চলাই থকা বুলি কটাক্ষ কৰাৰ পিছতে হাগ্ৰামা মহিলাৰীক উভতি ধৰিলে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে কয় যে বৰ্তমান টেক্টৰৰ স্পীড কোম্পানীয়ে বঢ়াই দিছে যেতিয়া আমি স্পীডত চলাব লাগিব। আগতে টেক্টৰৰ স্পীড ১২ আছিল আজিকালি ৬০ হৈছে। আমি কেৱল স্পীডত যোৱা নাই। এতিয়া প্ৰযুক্তিৰ যুগ। এতিয়া ৫-জিৰ যুগ। গতিকে আমি যুগৰ লগত চলিব লাগিব। হাগ্ৰামা মহিলাৰীয়ে যুগৰ লগত আগবাঢ়িব নোৱাৰাটো তেখেতৰ দোষ। 

ইপিনে এইবাৰ বিপিএফৰ পৰা দুজন সাংসদ জয়ী হ'ব আৰু এজনে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যক কটাক্ষ কৰি প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীয়ে মুংগেৰি লাল কি হাসিন চপনেৰ দৰে সপোন দেখিছে। তেওঁ লগতে কয় যে হাগ্ৰামা মহিলাৰী ১৭ বছৰ শাসনত থকা পিছতো মানৱ সম্পদৰ কথা বুজি নাপালে। যোৱা ১৭ বছৰে বিটিআৰত কোনেও শান্তিত শুব পৰা নাছিল। বিপিএফ আৰু নাথাকে। পৰৱৰ্তী নিৰ্বাচনত দুই এখন আসনতহে বিপিএফে প্ৰতিদ্বন্দ্বিতা কৰিব। ইউপিপিএলৰ প্ৰথম উদ্দেশ্য শান্তি স্থাপন কৰা আছিল। এতিয়া বিটিআৰত শান্তি আহিছে। 

উল্লেখ্য যে শুকুৰবাৰে ওদালগুৰিৰ মনপুৰ খেলপথাৰত ইউপিপিএল দলৰ জনসভা তথা বিশাল যোগদান সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই কেন্দ্ৰীয়, ৰাজ্য আৰু বিটিআৰ চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমুখী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিটিআৰ অঞ্চলত শান্তি স্থাপন হোৱা বুলি উল্লেখ কৰি জনসাধাৰণে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে। 

এই সভাত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকৰ লগতে দুই হাজাৰৰো অধিক লোকে ইউপিপিএলত যোগদান কৰে। সভাত বিটিআৰৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে দলটোৰ বহু কেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ইপিনে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ওদালগুৰি চহৰত নিৰ্মাণ হ'ব লগীয়া 'দ্য খাউলা স্মৃতি ট্ৰাইবেল অতিথি গৃহ'ৰো আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়োকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।