Logo
image

ভূপেন বৰাৰ লগত 'শূন্য'টো লাগিয়েই থাকেঃ বিধায়ক ফনীধৰ তালুকদাৰ

ডিজিটেল সংবাদ, ভৱানীপুৰৰ প্ৰতিবেদকঃ "কংগ্ৰেছ দল, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগত 'শূন্য'টো লাগিয়েই থাকে। ভূপেন বৰাৰ অভিলাষী আঁচনি হ'ল- তেওঁৰ 'শূন্য'টো। 'শূন্য'ৰ কেনেদৰে বিকাশ কৰিব পাৰে। 'শূন্য'টো কেনেকৈ ডাঙৰ কৰিব পাৰে। কিন্তু বিজেপিৰ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আদিকে ধৰি বিভিন্ন অভিলাষী আঁচনি চলি আছে। বিজেপিৰ অভিলাষী আঁচনিবোৰ হ'ল সামাজিক ক্ষেত্ৰখনৰ ভিন্ন বিকাশ। ভূপেন বৰা, কংগ্ৰেছৰ ৰাজনীতি 'শূন্য' হৈয়েই থাকিব।"- এইদৰে কংগ্ৰেছ দল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে৷

শুকুৰবাৰে ভৱানীপুৰ সমষ্টিৰ সাংবাদিকৰ প্ৰশ্নোত্তৰত বিধায়ক ফনীধৰ তালুকদাৰে কয় যে কংগ্ৰেছ আৰু এআইইউডিএফক অসমত ২২খন বিধানসভাৰ আসন দিয়া হৈছে। সেই ২২খন আসনত তেওঁলোকে যি কৰে কৰি থাকিব। ভাৰতবৰ্ষত লোকসভাতো কংগ্ৰেছে দুই-এখন আসন পাব। লগতে বিধায়ক তালুকদাৰে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটাই মুদ্ৰা। দুয়োটা দলৰ ভোট এটায়েই, মুছলমানসকল। আগন্তুক লোকসভা নিৰ্বাচনত এখন বা দুখন আসনৰ বাবে কংগ্ৰেছ আৰু এআইইউডিএফ দুয়োটা দলেই লগ হ'ব।