Logo
image

মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ডিচেম্বৰঃ তৃণমূল কংগ্ৰেছৰ অগ্নিবৰ্ষী সাংসদ মহুৱা মৈত্ৰক ‘কেছ ফৰ কুৱেৰী’ অৰ্থাৎ অৰ্থৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ লোকসভাত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতেই সদনৰ  বাহিৰলৈ ওলাই আহি উগ্ৰমূৰ্তি ধাৰণ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই৷ তেওঁ কয়– মোক সম্পূৰ্ণ বিধি উলংঘা কৰি বৰ্খাস্ত কৰা হৈছে৷ বস্ত্ৰহৰণৰ পৰ্ব শেষ হ’ল৷  এতিয়া কুৰুক্ষেত্ৰ আৰম্ভ হ’ব৷ উল্লেখ্য, সাংসদ মহুৱা মৈত্ৰই মুম্বাইৰ ব্যৱসায়ী দৰ্শন হীৰানন্দানিৰ পৰা ২ কোটি নগদ টকা, মূল্যবান উপহাৰ লোৱাৰ উপৰি লোকসভাৰ ৱেবছাইটৰ লগ-ইন-আইডি আৰু পাছৱৰ্ড ব্যৱসায়ীজনক ব্যৱহাৰ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ ইয়াৰে ২ কোটি টকা লোৱাৰ অভিযোগ প্ৰমাণিত হোৱা নাছিল৷ আনহাতে দৰ্শন হীৰানন্দানিক লোকসভাৰ ৱেবছাইটৰ আইডি আৰু পাছৱৰ্ড দিয়া বুলি স্বীকাৰ কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে৷ তেওঁ দাবী কৰা অনুসৰি লোকসভাৰ ৱেবছাইটত ব্যৱসায়ী দৰ্শন হীৰানন্দানিৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দ্বাৰা সংসদত প্ৰশ্ন ‘টাইপ’ কৰাৰ বাবেহে তেওঁ আইডি আৰু পাছৱৰ্ড দিছিল৷ তেতিয়াও ‘অ’টিপি’ তেওঁৰ মোবাইললৈ আহিছিল৷ অৰ্থাৎ ইচ্ছা কৰিলেই কোনেও তেওঁৰ লোকসভাৰ সাংসদে লাভ কৰা ৱেবছাইটৰ ‘প্ৰৱেশ’ৰ সুবিধা লাভ কৰা নাছিল৷ তদুপৰি দৰ্শন হীৰানন্দানিয়ে তেওঁক এখন বিদেশী ব্ৰেণ্ডৰ স্কাৰ্ফ জন্মদিনত আৰু ডুবাইৰ ডিউটি ফ্ৰি দোকানৰ পৰা নগন্য সংখ্যক প্ৰসাধন সামগ্ৰী দিয়া বুলিও মহুৱা মৈত্ৰই স্বীকাৰ কৰিছিল৷ বন্ধুত্বৰ খাতিৰতে তেওঁক সেই সামান্য উপহাৰ দিছিল, যি উপহাৰৰ সৈতে লোকসভাৰ প্ৰশ্নৰ  কোনো সম্পৰ্ক নাছিল৷ এই সন্দৰ্ভত লোকসভাৰ এথিক্স কমিটীয়ে অভিযোগকাৰী, অভিযুক্তৰ সাক্ষ্য গ্ৰহণ কৰাৰ পাছত মহুৱা মৈত্ৰক লোকসভাৰ গোপনীয়তা ভংগ আৰু দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি বৰ্খাস্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল৷ আজি শুকুৰবাৰে লোকসভাত এথিক্স কমিটীৰ প্ৰতিবেদনক লৈ আলোচনা হয় আৰু কমিটীয়ে আগবঢ়োৱা বৰ্খাস্তৰ পৰামৰ্শ ধবনিভোটত গৃহীত হয়৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত ঘোষণা কৰি কয়–‘সদনে কমিটীয়ে আগবঢ়োৱা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কমিটীৰ মতে সাংসদ মহুৱা মৈত্ৰৰ কাৰ্যকাল অনৈতিক আৰু অশালীন৷ সেয়ে তেওঁ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰাৰ বাবে উপযুক্ত নহয়৷’ উল্লেখ্য, এথিক্স কমিটীয়ে মহুৱা মৈত্ৰৰ সন্দৰ্ভত প্ৰস্তুত কৰা ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন সংসদত বিস্তৃতভাৱে আলোচনা কৰা নহ’ল৷ আনকি অভিযুক্ত সাংসদগৰাকীক আত্মপক্ষ সমৰ্থনৰো সুযোগ দিয়া নহ’ল৷ সদনত এই সন্দৰ্ভত নিচেই কম সময়ৰ বাবে আলোচনা হয় আৰু তৃণমূল কংগ্ৰেছ তথা আন বিৰোধী দলে অভিযোগ সন্দৰ্ভত বিস্তৃত আলোচনাৰ দাবী কৰাৰ লগতে অভিযুক্তক বক্তব্য প্ৰদানৰ সুযোগ দিব লাগে বুলিও দাবী কৰে৷ পিছে অধ্যক্ষ ওম বিৰলাই ২০০৫ চনত ১০জন সাংসদক বৰ্খাস্ত কৰাৰ উদাহৰণ দাঙি ধৰি সেই দাবী নাকচ কৰে৷ স্মৰ্তব্য, ২০০৫ চনত নগদ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰাৰ অভিযোগত যি ১০ জন সাংসদক বৰ্খাস্ত কৰা হৈছিল, তাৰে ৬ জন আছিল বিজেপিৰ সাংসদ৷ আজি সংসদত অধ্যক্ষ ওম বিৰলাই সেই উদাহৰণ দাঙি ধৰি বিৰোধীৰ দাবী নাকচ কৰাত তৃণমূলকে ধৰি বিৰোধী দলৰ সাংসদে সংসদ ত্যাগ কৰে৷ ফলত সংখ্যাগৰিষ্ঠ শাসনাধিষ্ঠিত দলৰ সদস্যৰ ধবনিভোট বিনাবাধাই গৃহীত হয়৷

সদনৰ ভিতৰত আত্মপক্ষ সমৰ্থনৰ সুযোগ নাপালেও বৰ্খাস্ত হোৱাৰ পাছত বাহিৰলৈ ওলাই আহিয়েই বিস্ফোৰক মূৰ্তি ধৰে মহুৱা মৈত্ৰই৷ মহুৱাই কয়, তেওঁৰ বিৰুদ্ধে পদক্ষেপ লোৱা হ’ল প্ৰমাণ নোহোৱাকৈ৷ বিপক্ষক গছকি পেলোৱাৰ অস্ত্ৰ  হিচাপে এথিক্স কমিটীক মোদী চৰকাৰে ব্যৱহাৰ কৰা বুলিও মহুৱাই মন্তব্য কৰে৷ তেওঁৰ মতে যিখন কমিটীৰ পৰামৰ্শ মতে তেওঁক বৰ্খাস্ত কৰা হৈছে, সেই কমিটীয়ে প্ৰতিটো নিয়মেই উলংঘা কৰি এই পৰামৰ্শ আগবঢ়াইছে৷ মহুৱাৰ দাবী, তেওঁ নগদ ধন লোৱাৰ কোনো প্ৰমাণ নাই৷ সেই প্ৰমাণ বিচৰাই নহ’ল৷ আনহাতে লোকসভাৰ ৱেবছাইটৰ লগ ইন আইডিৰ পাছৱৰ্ড এজন ব্যৱসায়ীক ব্যৱহাৰৰ বাবে দিয়াৰ বাবে যি লোকসভাৰ নিৰাপত্তা ভংগৰ অভিযোগ উঠিছে, মহুৱাৰ মতে তাৰ কোনো বিধিয়েই নাই৷ সেই আইডি আৰু পাছৱৰ্ড আনৰ সৈতে ‘শ্বেয়াৰ’ কৰিব পৰা-নোৱাৰা সন্দৰ্ভত কোনো লিখিত বিধি লোকসভাত নথকা বুলি মহুৱা মৈত্ৰই দাবী কৰে৷ সেই বিধি নথকা বিষয়ত তেওঁক নিয়ম উলংঘা কৰাৰ অপৰাধত কিদৰে বৰ্খাস্ত কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে৷ মহুৱাৰ মতে দুজন ‘বেচৰকাৰী নাগৰিক’ৰ [প্ৰাইভেট চিটিজেন] সাক্ষ্যৰ ওপৰত ভিত্তি কৰি এথিক্স কমিটীয়ে যি প্ৰতিবেদন প্ৰস্তুত কৰিলে, সেয়া তেওঁক বৰ্খাস্ত কৰাৰ লক্ষ্য সন্মুখত লৈয়েই কৰা হ’ল৷ আনহাতে তেওঁলোক তিনিওকে মুখামুখিকৈ এথিক্স কমিটীয়ে প্ৰশ্ন নকৰিলে৷ তেনে কৰা হ’লে প্ৰকৃত সত্য ওলাই আহিলহেঁতেন৷ তদুপৰি যিজন ব্যৱসায়ীৰপৰা ধন আৰু উপঢৌকন লোৱা বুলি অভিযোগ উঠিছিল, সেই দৰ্শন হীৰানন্দানিৰ সাক্ষ্য এথিক্স কমিটীয়ে গ্ৰহণ নকৰিলে৷ ইয়াৰ বিপৰীতে তেওঁৰ পৰা দাবী-ধমকি দি মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য বুলি কেইখনমান পত্ৰহে অনা হ’ল৷ তেওঁ কয়–‘মোৰ মুখ বন্ধ কৰিবলৈ চৰম অন্যায় কৰা হ’ল৷ মোৰ বয়স এতিয়া ৪৯ বছৰ৷ অহা ৩০ বছৰ মই সংসদৰ বাহিৰে-ভিতৰে যুঁজিম৷’

সাংসদ পদ খাৰিজ হোৱাৰ লগে লগে মহুৱা মৈত্ৰৰ ওপৰত চি বি আই জপিয়াই পৰিব বুলি স্বয়ং বিতাড়িত সাংসদগৰাকীয়েই মুকলিকৈ আশংকা প্ৰকাশ কৰিছে৷ উল্লেখ্য, যোৱা ২৬ নৱেম্বৰত চি বি আয়ে লোকপালৰ পৰামৰ্শৰ ভিত্তিত মহুৱা মৈত্ৰৰ ২ কোটি টকা উৎকোচ লোৱাৰ অভিযোগৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু অধিবক্তা জয় অনন্ত ডেহাদ্ৰায়ে লোকপালত মহুৱাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল৷ জনপ্ৰতিনিধিৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰা লোকপালে মহুৱাৰ অভিযোগ চিবিআইৰ দ্বাৰা তদন্ত কৰিব লাগে বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ ওপৰত অৰ্পণ কৰিছিল৷ লোকপালৰ পৰামৰ্শৰ ভিত্তিত গোচৰ তৰা চিবিআয়ে মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ ধাৰণা কৰা হৈছে, এতিয়া চি বি আয়ে মহুৱা মৈত্ৰক এই গোচৰত অচিৰেই জেৰা আৰম্ভ কৰিব৷ সাংসদ হিচাপে থকা বিশেষাধিকাৰ আজিৰ পৰা লুুপ্ত হোৱাত এতিয়া মহুৱা মৈত্ৰক চিবিআয়ে চৰম হাৰাশাস্তি কৰাৰ সুযোগ লাভ কৰিছে৷ 

যোৱা ১৫ অক্টোবৰত বিজেপিৰ ঝাৰখণ্ডৰ গোড্ডাৰ সাংসদ নিশিকান্ত ডুবেই মহুৱা মৈত্ৰৰ বিৰুদ্ধে ‘কেছ ফৰ কুৱেৰি’ৰ অভিযোগ উত্থাপন কৰিছিল৷ একেই অভিযোগ উত্থাপন কৰিছিল জয় অনন্ত ডেহাদ্ৰাই নামৰ এজন অধিবক্তাই৷ জয় অনন্ত কিছুদিন আগলৈকে মহুৱা মৈত্ৰৰ সংগী আছিল৷ পাছত দুয়োৰে সম্পৰ্কত ফাঁট মেলে৷ নিশিকান্ত ডুবেৰ অভিযোগৰ ভিত্তিত লোকসভাৰ অধ্যক্ষই তদন্তৰ দায়িত্ব এথিক্স কমিটীক অৰ্পণ কৰে৷ অভিযোগ মতে ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতাৰ বাবে আদানি গোষ্ঠীৰ বিৰুদ্ধে দৰ্শন হীৰানন্দানিয়ে কেতবোৰ প্ৰশ্ন  কৰিছিল, যি প্ৰশ্ন তেওঁ মহুৱা মৈত্ৰৰ হৈ লোকসভাৰ ৱেবছাইটত লিখি দিছিল৷ আদানি গোষ্ঠীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ নাম জড়িত কৰি মহুৱা মৈত্ৰই দৰ্শন হীৰানন্দানিৰ সৈতে লগ লাগি প্ৰধানমন্ত্ৰীৰ মৰ্যাদা লোপ কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছিল৷ এথিক্স কমিটীয়ে নিশিকান্ত ডুবে, জয় অনন্ত আৰু মহুৱাৰ পৃথকে সাক্ষ্য লৈ ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁক বৰ্খাস্তৰ পৰামৰ্শ আগবঢ়ায়৷ এথিক্স কমিটীৰ মতে, সাংসদ হিচাপে বিধিভংগ কৰি মহুৱা মৈত্ৰই দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰিছে৷ সেই পৰামৰ্শ লোকসভাই, প্ৰকৃততে চৰকাৰী পক্ষই প্ৰায় আলোচনাবিহীনভাৱে মানি লয়৷