Logo
image

চৰকাৰৰ চকু চৰত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ডিচেম্বৰঃ এইবাৰ চৰত চকু পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ৷ চৰৰ ভোট নালাগে বুলি ৰাজহুৱাভাৱে মন্তব্য কৰি অহা চৰকাৰখনে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চৰবাসীৰ মন জয় কৰিবলৈ পৰিকল্পনা হাতত লৈছে৷ ইয়াৰ অংশৰূপে শুকুৰবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটত চৰ অঞ্চলৰ বাবে গঠন কৰা হৈছে সুকীয়া বিভাগ৷ চৰ অঞ্চলৰ উন্নয়ন সঞ্চালকালয়ক সংখ্যালঘু পৰিক্ৰমা আৰু চৰ অঞ্চল সঞ্চালকালয় নামাকৰণ কৰি চৰ অঞ্চলৰ উন্নয়ন কৰাৰ দিহা কৰিছে চৰকাৰখনে৷ উক্ত সঞ্চালকালয়ৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মুছলমানৰ আৰ্থ-সামাজিক মূল্যায়ন কৰা হ’ব৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে শুকুৰবাৰে চৰক লৈ গঠন কৰা নতুন বিভাগত অনুমোদন জনায়৷ শুকুৰবাৰে অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত অনুসৰি উচ্ছতম ন্যায়ালয়ৰ বাধা স্বত্বেও আকৌ আৰম্ভ হ’ব আহতগুৰিৰ মহযুঁজ৷ আঁহতগুৰিৰ মহযুঁজ আৰম্ভ কৰাত অনুমোদন জনায় হিমন্ত বিশ্ব নেতৃত্বাধীন অসম কেবিনেটে৷ কেবিনেটৰ সিদ্ধান্ত মতে সকলো পৰম্পৰাগতভাৱে চলি অহা মহযুঁজ নতুন এছ’ পি মৰ্মে পুনৰ আৰম্ভ কৰা হ’ব৷ তদুপৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যত শীঘ্ৰেই স্থাপন হ’ব  ডিজিটেল লাইব্ৰেৰী৷ ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে ‘মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্যৰ আঁচনি ২০২৩-২৪’ৰ অধীনত শিশু আৰু কিশোৰ কিশোৰীৰ বাবে পুথিভঁড়াল আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব৷ এই আঁচনিৰ লক্ষ্য হৈছে আনুমানিক ২৫৯.৭০ কোটি টকাৰে  ২১৯৭খন গাঁও পঞ্চায়ত আৰু ৪০০ খন পৌৰ ৱাৰ্ডত নতুন পুথিভঁৰাল নিৰ্মাণ আৰু গ্ৰন্থ-আচবাব-ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ ব্যৱস্থাৰে স্থাপন হ’ব উক্ত ডিজিটেল লাইব্ৰেৰী৷ চৰৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে নতুন সঞ্চালকালয় স্থাপন কৰা হ’ব৷ খিলঞ্জীয়া মুছলমানসকলৰ জিলাভিত্তিক তথ্য সংগ্ৰহ কৰা হ’ব৷ ইয়াৰ বাবে নতুনকৈ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ অঞ্চল সঞ্চালকালয় গঠন কৰা হ’ব৷ পূৰ্বৰ চৰ অঞ্চল সঞ্চালকালয়ৰ নাম সলনি কৰা সংখ্যালঘু পৰিক্ৰমা আৰু চৰ অঞ্চল সঞ্চালকালয় কৰা হ’ব৷ খিলঞ্জীয়া মুছলমানৰ এটা সমীক্ষা কৰি নতুন বিভাগে৷ গৰীয়া, মৰিয়া, চৈয়দ, জোলহা, দেশী আদি জনগোষ্ঠীৰো হ’ব সমীক্ষা৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শুকুৰবাৰে কেবিনেটৰ পাছত সংবাদ মাধ্যমৰ  আগত এই কথা সদৰি কৰে৷ তেওঁ আৰু কয়–অসমৰ বহু খিলঞ্জীয়া মুছলমানক মাজে মাজে কোনো কোনোৱে অনুপ্ৰৱেশকাৰী বুলি একাকাৰ কৰি বক্তব্য কৰি অহা বাবে তেওঁলোকে নিজৰ সমীক্ষা হোৱাটো বিচাৰিছিল৷ সেই বাবে কেবিনেটে অসমৰ খিলঞ্জীয়া মুছলমানৰসকলৰ এটা সমীক্ষা কৰাৰ সিদ্ধান্ত লৈছে৷