Logo
image

কাজিৰঙাত উন্নয়নৰ নামত প্ৰকৃতি ধবংস

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৯ ডিচেম্বৰঃ কাজিৰঙা আৰু কাৰ্বি আংলঙৰ সীমান্ত এলেকাত এতিয়া অবাধ গতিত চলিছে নিৰ্মাণকাৰ্য৷ প্ৰকৃতিৰ ওপৰত এচাম ধবংসকাৰী ধনবান লোকে পাহাৰ কাটি, বন্যপ্ৰাণী অহা-যোৱা কৰা পথ বন্ধ কৰি বিশাল পৰ্যটন নিৱাস, অট্টালিকা আদি নিৰ্মাণ কৰাৰ ফলত এতিয়া কাজিৰঙা আৰু কাৰ্বি আংলং জিলাত মানুহ আৰু হাতীৰ সংঘাত দিনকদিনে বৃদ্ধি পাব ধৰিছে৷ উল্লেখ্য কাজিৰঙা- কাৰ্বি আংলং ৰাজ্যখনৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ হস্তীপ্ৰকল্প৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক হাইলেণ্ড হিচাপে পৰিগণিত হৈ আহিছে কাৰ্বি পাহাৰ৷ কাৰ্বি পাহাৰৰ অবিহনে কাজিৰঙাৰ বন্যপ্ৰাণীৰ ভৱিষ্যত অন্ধকাৰ৷ বিশেষকৈ ব্ৰক্ষপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিবছৰে বানৰ সৃষ্টি কৰাৰ সময়ত গঁড়, হাতী ম’হ, হৰিণা, গাহৰি, বাঘ আদি বন্যপ্ৰাণীৰ একমাত্ৰ আশ্ৰয়স্থল তথা নিৰাপদ ঠাই কাৰ্বি পাহাৰ বুলি ব্যৱহাৰ কৰি আহিছে৷ এতিয়া এই পাহাৰতেই এচাম ৰাজনৈতিক নেতা, বিধায়ক, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ সদস্যই পাহাৰ ধবংস কৰি, প্ৰাকৃতিক সম্পদ নিজ স্বাৰ্থৰ খাতিৰত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে, কাজিৰঙাৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ সদস্য, বিধায়ক, ৰাজনৈতিক নেতা, ধনবান ব্যৱসায়ী আদিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকক আতিথ্য প্ৰদান কৰাৰ উদ্দেশ্যে এতিয়া উঠি-পৰি লাগিছে বৃহৎ আকাৰৰ পৰ্যটন নিৱাস, কেইবা কিলোমিটাৰ ধৰি বন্যপ্ৰাণী বিচৰণ কৰি থকা স্থানত বৃহৎ পকী বেৰ আদি নিৰ্মাণ কৰি আছে৷ ফলত এই পৰ্যটন নিৱাস, পকীবেৰ আদিয়ে কাজিৰঙা আৰু কাৰ্বি আংলঙৰ মাজত এক বাধাৰ প্ৰাচীৰ গঢ়ি তুলিছে৷ ফলত বন্যপ্ৰাণী বিশেষকৈ হাতী অহা-যোৱা কৰা পথত এনেদৰে নিৰ্মাণ কাৰ্য কৰাত হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাব ধৰিছে৷ হাতীৰ নিৰাপদ ঠাই, খাদ্য, বিচৰণভূমিত ব্যঘাত জন্মাবলৈ চেষ্টা কৰাত এতিয়া সঘনাই হাতীকে ধৰি বন্যপ্ৰাণীয়ে সাধাৰণ জনগণৰ সৈতে মুখামুখি হ’বলৈ বাধ্য হৈ পৰিছে৷ ইতিমধ্যে বিগত এপশেকত এজন কৃষকক হাতীয়ে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে দুজন সাধাৰণ কৃষকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে৷ উল্লেখ্য, ভাৰতৰ উচ্ছতম ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা মতে, কাজিৰঙা আৰু কাৰ্বি আংলঙত সকলোধৰণৰ খননকাৰ্য বন্ধ৷ কিন্তু অতি আচৰিত কথা যে উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক এতিয়া কিছু ধনবান, ৰাজনৈতিক নেতা আদিয়ে একপ্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি বিভাগীয় লোকৰ সন্মুখত আইনবিৰূদ্ধ কাম কৰি আছে৷ এইক্ষেত্ৰত স্থানীয় একাংশ জাতীয় সংগঠন, সাংবাদিক, ৰাজনৈতিক পালি নেতা, ভূ-দালাল, মধ্যস্থতাৰকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷ সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মীয়ে এনে অবৈধ কাম দেখিও নেদেখাৰ ভাও ধৰি একপ্ৰকাৰ দুষ্কৃতিকাৰীৰ সংগ দিয়া পৰিলক্ষিত হৈছে৷ অতি গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা কাৰ্বি আংলং জিলাৰ বন্যপ্ৰাণীৰ সুৰক্ষা বা নিৰাপত্তাৰ প্ৰতি যেন এতিয়া কাৰোৰেই কাণসাৰ নাই৷ সকলো অবৈধ কাম দেখিও সংশ্লিষ্ট বিভাগৰ বিষয়াই উৰ্ধতম কতৃৰ্পক্ষক এখন চিঠি লিখি অৱগত কৰাৰো অৱকাশ কৰা নাই৷ বিষয়াসকলে এতিয়া কেৱল নিজৰ আসনখন ৰক্ষা কৰি পাৰিলে কিছু ধন ঘটাৰ মনোবৃত্তিত নামি পৰিছে বুলি অভিযোগ উঠিছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে কহঁৰাৰ কাষৰীয়া হাতীখুলি চাহ বাগিচাৰ সংলগ্ন বোকাখাত ৰাজহ চক্ৰৰ অধীনত এটুকুৰা চৰকাৰী ভূমিত চৰকাৰে হেলিপেড নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল যদিও কাৰ্বি আংলং জিলাৰ ইংলেপথাৰ এলেকাত সঘনাই হাতী, বাঘ, গাহৰি, পহু আদি বন্যপ্ৰাণী অহা-যোৱা তথা বিচৰণ কৰি থকাৰ বাবে চৰকাৰে হেলিপেডৰ পৰিকল্পনা বাতিল কৰিছিল যদিও আশ্চৰ্যজনকভাৱে উক্ত ইংলেপথাৰৰ পাহাৰত এতিয়া কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ সদস্য, ৰাজনৈতিক নেতাই সকলো আইনক মষিমূৰ কৰি বৃহৎ পকীবেৰ আৰু পৰ্যটন নিৱাস নিৰ্মাণ কৰিছে৷ এই ৰাজনৈতিক নেতা, ধনবান লোকৰ কাৰণে যেন এতিয়া নাই কোনো আইন-কানুন৷ চৰকাৰী আইনবোৰ কেৱল সাধাৰণ জনগণৰ বাবেহে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কাৰণে প্ৰকৃতিপ্ৰেমীৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে সততে মাত মাতি থাকে কিন্তু প্ৰকৃতি ধবংস কৰা এই বলৱান লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’বলৈ আগবাঢ়ি নহাত কাজিৰঙাৰ সাধাৰণ নাগৰিকে আক্ষেপ প্ৰকাশ কৰিছে৷ আইন, নিষেধাজ্ঞা কেৱল সাধাৰণ খাতিখোৱা লোকৰ বাবেহে নেকি বুলি এতিয়া স্থানীয় সাধাৰণ লোকে প্ৰশ্ন উত্থাপন কৰিছে৷