Logo
image

কেউখন বহীতেই আনৰ লেখা! কৰ অধীক্ষক ৱাহিদা গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ ডিচেম্বৰঃ এইবাৰ খোল খালে অসম লোকসেৱা আয়োগৰ ২০১৪ বৰ্ষৰ পৰীক্ষাৰ কেলেংকাৰিৰ ফাইল৷ ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ এছ আই টিয়ে এপিএছচিৰ ২০১৪ বৰ্ষৰ পৰীক্ষাত বক্ৰপথেৰে চাকৰি লোৱা পাল সেনাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ ২০১৩ বৰ্ষৰ এপিএছচি কেলেংকাৰিৰ গোচৰত ৩৭ বিষয়াক ন্যায়াধীশ বি কে শৰ্মা আয়োগে অভিযুক্ত কৰিছিল যদিও এছআইটিয়ে এৰা ধৰাৰ মাজেৰে ইয়াৰে মাত্ৰ ৪জন বিষয়াকহে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে৷ এছআইটিৰ এনে ৰহস্যজনক তদন্তক লৈ সৰ্বত্ৰ সন্দেহৰ সৃষ্টি হোৱাৰ সময়তে এইবাৰ ন্যায়িক আয়োগৰ ২০১৪ বৰ্ষৰ প্ৰতিবেদনত নাম থকা বিষয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে এছআইটিয়ে৷ এই অভিযানৰ প্ৰথম চিকাৰ হিচাপে তদন্তকাৰী আৰক্ষীৰ ওচৰত ধৰা দিলে কুখ্যাত ৰাকেশ পালৰ আমোলত উত্তৰ বহী জালিয়াতিৰে বাছনি লাভ কৰা কৰ অধীক্ষক ৱাহিদা বেগম৷ কৰ বিভাগৰ নগাঁও সংমণ্ডলৰ অধ্যক্ষ তথা কাৰ্বি আংলং জিলা বিক্ৰীকৰৰ ভাৰপ্ৰাপ্ত অধীক্ষক পদত কৰ্মৰত ৱাহিদা বেগমক শুকুৰবাৰে ডিফুস্থিত কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে এছআইটিয়ে৷ ন্যায়িক আয়োগৰ প্ৰতিবেদনতো নাম থকা এগৰাকী কৰ অধীক্ষক ৱাহিদা বেগমক কুখ্যাত ৰাকেশ পালে ডুপ্লিকেট উত্তৰ বহীত প্ৰশ্নোত্তৰ লিখাৰ সুবিধা কৰি দি বাছনি কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ফৰেনছিক প্ৰতিবেদনত৷ তদন্তকাৰী আৰক্ষীৰ এটা শীৰ্ষ সূত্ৰই ‘আমাৰ অসম’ক জানিবলৈ দিয়া অনুসৰি ৱাহিদা বেগমৰ এপিএছচিৰ মূল পৰীক্ষাৰ আটাইকেইখন উত্তৰ বহী অৰ্থাৎ মুঠ ৬খন উত্তৰ বহীয়েই ডুপ্লিকেট আছিল৷ ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ তেতিয়াৰ ভঙাগড়স্থিত প্ৰেছত ছপোৱা ডুপ্লিকেট উত্তৰ বহীৰ সৈতে ৱাহিদা বেগমে লিখা উত্তৰ বহীৰ পৃষ্ঠাৰ সম্পূৰ্ণ সাদৃশ্য থকাৰ তথ্য ফৰেনছিকৰ পৰীক্ষাত ইতিমধ্যে প্ৰমাণতি হৈছে৷ সূত্ৰটোৱে লগতে জনোৱা মতে ডুপ্লিকেট উত্তৰবহী কেইখনত থকা হস্তাক্ষৰৰ সৈতে ৱাহিদা বেগমৰ হস্তাক্ষৰৰ মিল নাই৷ ৱাহিদা বেগমৰ ঘৰতে উক্ত ডুপ্লিকেট উত্তৰ বহীত প্ৰশ্নোত্তৰ লিখা হৈছিল৷ ডুপ্লিকেট উত্তৰ বহীৰ হস্তাক্ষৰ ৱাহিদা বেগমৰ হস্তাক্ষৰৰ সৈতে মিল নথকাত কোনে প্ৰাৰ্থীগৰাকীৰ হৈ উত্তৰ বহীত লিখিছিল সেই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলিও এছ আই টিৰ সূত্ৰটোৱে সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে বি কে শৰ্মাৰ ন্যায়িক আয়োগেও কৰ অধীক্ষক ৱাহিদা বেগমলৈ চমন জাৰি কৰিছিল৷ ৱাহিদা বেগমৰ আটাইকেইখন উত্তৰ বহী ডুপ্লিকেট কেনেকৈ হ’ল এই সন্দৰ্ভতো আয়োগে ৱাহিদা বেগমক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু চতুৰ বিষয়াগৰাকীয়ে সেই সময়ত ন্যায়িক আয়োগৰ ওচৰত হাজিৰ হোৱা নাছিল৷ ইয়াৰ বিপৰীতে ডুপ্লিকেট উত্তৰ বহীৰ বিষয়ে অৱগত নহয় বুলি সদৰী কৰি তেওঁৰ বিৰুদ্ধে কোনোৱে ষড়যন্ত্ৰ কৰা বুলিহে দাবী কৰি লিখিত উত্তৰ প্ৰেৰণ কৰিছিল আয়োগলৈ৷ এছআইটিয়ে এতিয়া ২০১৪ বৰ্ষৰ পৰীক্ষাৰ অভিযুক্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাত ন্যায়িক আয়োগৰ প্ৰতিবেদনত নাম থকা ২০১৪ বৰ্ষৰ আন ১১ জন অভিযুক্তৰো বিপদ নিশ্চিত হৈ পৰিছে৷ ইফালে এছআইটিৰ হাতত গ্ৰেপ্তাৰ হোৱা ২০১৩ বৰ্ষত বাছনি লাভ কৰা এপিএছ বিষয়া সুকন্যা দাসৰ শুকুৰবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত তদন্তকাৰী আৰক্ষীয়ে গুৱাহাটীস্থ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায়৷ অৱশ্যে এছ আই টিৰ ফালৰ পৰা অভিযুক্ত বিষয়াগৰাকীক নতুনকৈ জিম্মাত নিবিচৰাত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ পাস সেনাৰ সদস্য তথা অসম আৰক্ষীৰ এজন এছপিৰ পত্নী সুকন্যা দাসক৷

কাৰ্যালয়ৰ পৰাই ৱাহিদাক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ ৰাকেশ পালৰ আশিষধন্য হৈ নগাঁও সংমণ্ডলৰ কৰ অধ্যক্ষ তথা কাৰ্বি আংলং জিলা বিক্ৰীকৰ বিভাগৰ ভাৰপ্ৰাপ্ত  অধীক্ষক ৱাহিদা বেগমক আজি এছআইটিয়ে ডিফু কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে৷ কালি দুপৰীয়া ১.৩০বজাত এপিএছচি কেলেংকাৰি তদন্তকাৰী এছআইটিৰ দলে বিষয়াগৰাকীক কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰি লগত লৈ যায়৷ উল্লেখ্য, ২০১৪চনৰ অসম প্ৰশাসনিক সেৱা বিষয়া আছিল ৱাহিদা বেগম৷ ২০১৪চনত বক্ৰপথেৰে চাকৰি লোৱা পাল বাহিনীৰ অন্যতম আছিল বেগম৷ বিক্ৰীকৰ বিষয়াগৰাকীক এছআইটিয়ে গ্ৰেপ্তাৰ কৰাৰ বিষয়ে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন আছিল সম্পূৰ্ণ অজ্ঞ৷