Logo
image

কেবিনেটৰ সিদ্ধান্তক আদৰণিঃ মাঘত আকৌ যুঁজিব গোনা ম'হে, লোকে লোকাৰণ্য হৈ পৰিব আঁহতগুৰি পথাৰ

ডিজিটেল সংবাদ, ৰহাৰ প্ৰতিবেদকঃ আকৌ লোকে-লোকাৰণ্য হৈ পৰিব আঁহতগুৰি পথাৰ৷ মাঘত আকৌ যুঁজিব গোনা ম'হে৷ ৰাজ্য চৰকাৰৰ কেবিনেটে শুকুৰবাৰে মৰিগাঁও জিলাৰ আঁহতগুৰিৰ ঐতিহাসিক ম'হযুঁজৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত পৰম্পৰাগত ম'হযুঁজ এছঅ'পিৰ জৰিয়তে অনুষ্ঠিত কৰাৰ বাবে অনুমোদন জনোৱাত উৎফুল্লিত হৈ পৰিছে আঁঁহতগুৰিৰ ৰাইজ৷ কেবিনেটত লোৱা সিদ্ধান্ত সদৰী কৰাৰ পিছতে যোৱা নিশা আঁহতগুৰিত আঞ্চলিক ম'হযুঁজ উদযাপন সমিতিৰ লগতে বিভিন্ন দল সংগঠন আৰু ৰাইজে ফটকা-আতচবাজী ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে আইনী বাধাৰ বাবে ২০১৪ চনৰ পৰাই আঁহতগুৰিত আনুষ্ঠানিকভাৱে ম'হযুঁজ অনুষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিবৰ্তে প্ৰাকৃতিকগত কাৰণতেই ম'হৰ গোৱাল আৰু মালিকসকলেহে অনানুষ্ঠানিকভাৱাে আঁহতগুৰিত ম'হযুঁজ অনুষ্ঠিত কৰিছিল। ১৯৭২ চনৰ পৰা মধ্য অসমৰ আঁহতগুৰিৰ লক্ষীনাথ বেজবৰুৱা ক্ষেত্ৰত আনুষ্ঠানিকভাৱে অতি উলহ-মালহৰে অনুষ্ঠিত এই ম'হ যুঁজ এতিয়া পুনৰ অনুষ্ঠিত কৰিবলৈ অনুমোদন জনোৱাত স্বাভাৱিকতেই ৰাইজ তথা ম'হযুঁজপ্ৰেমীসকল উৎসাহিত হৈ উঠিছে।