Logo
image

বিদ্ৰোহৰ আশংকাত অস্বস্তি বিজেপিৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ ডিচেম্বৰঃ এসপ্তাহ হৈ গ’ল, বিজেপিৰ তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন নহ’ল৷ যোৱা দেওবাৰেই ফলাফল প্ৰকাশ পাইছিল মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ৷  শনিবাৰে ফলাফল ওলোৱাৰ সপ্তম দিনলৈ মুখ্যমন্ত্ৰী সন্দৰ্ভত কোনো চয়-নিচয় কৰিব নোৱাৰিলে দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৱে৷ তিনিওখন ৰাজ্যৰ  বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই তিনিজনকৈ মুঠতে নজন পৰ্যবেক্ষক নিযুক্তি দিছে আৰু কাইলৈ দেওবাৰেহে সংশ্লিষ্ট তিনি ৰাজ্যৰ নিৰ্বাচিত বিধায়কৰ সৈতে পৰ্যবেক্ষকে আলোচনা কৰিব৷ সেই অনুসৰি দেওবাৰে পলমকৈ অথবা সোমবাৰেহে তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সম্ভাৱনা আছে৷ পৰ্যবেক্ষকে নিৰ্বাচিত বিধায়কৰ সৈতে আলোচনা কৰি যদিহে শীৰ্ষনেতৃত্বৰ ওচৰত প্ৰতিবেদন দাখিল কৰে, তেন্তে সেই প্ৰতিবেদন অনুসৰি সিদ্ধান্ত সোমবাৰৰ পূৰ্বে হোৱাৰ সম্ভাৱনা ক্ষীন৷ 

এই পৰিস্থিতিৰ মাজতে জয়লাভ কৰা তিনিওখন ৰাজ্যত শক্তিশালী বৰ্ষীয়ান নেতাৰ পৰা হ’ব পৰা বিদ্ৰোহৰ আশংকাত অস্বস্তি আৰম্ভ হৈছে গেৰুৱা দলটোত৷ মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ক লৈ বিজেপি সিমান উদ্বিগ্ন নহয়৷ অন্ততঃ চাৰি বাৰৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু তিনি বাৰৰ মুখ্যমন্ত্ৰী ৰমন সিঙৰ পৰা এই মুহূৰ্তত ডাঙৰ কোনো বিদ্ৰোহৰ আশংকা কৰা নাই বিজেপিয়ে৷ বিজেপিৰ শীৰ্ষ নেতৃত্ব ত্ৰস্তমান বসুন্ধৰা ৰাজে সিন্ধিয়াক লৈ৷ কিয়নো দীৰ্ঘদিন ধৰি মোদী-শ্বাহ লবীৰ সৈতে বসুন্ধৰা ৰাজে সিন্ধিয়াৰ সু-সম্পৰ্ক নাই৷ সদ্যসমাপ্ত নিৰ্বাচনৰ পূৰ্বে সেই সমীকৰণহীনতা উন্মুক্ত হৈ পৰিছিল, যেতিয়া প্ৰথমখন প্ৰাৰ্থী তালিকাত বসুন্ধৰা ৰাজেৰ নাম নাছিল আৰু দ্বিতীয় তালিকাত শীৰ্ষ নেতৃত্বই আঁতৰাই পেলাইছিল বসুন্ধৰা ৰাজেৰ অনুগত নেতাৰ নাম৷ নিৰ্বাচনৰ পূৰ্বেই বসুন্ধৰা ৰাজেৰ পাখি কটা আৰম্ভ কৰিছিল আৰু ৰাজস্থানত গেৰুৱা দল মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাকৈ নিৰ্বাচনত নামিছিল৷ এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া দীৰ্ঘায়িত হোৱাত বসুন্ধৰা ৰাজে সিন্ধিয়াক সেই পদৰ বাবে শীৰ্ষ নেতৃত্বই নভবা বুলি প্ৰায় নিশ্চিত হৈছে৷ বিজেপিৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি শীৰ্ষ নেতৃত্বই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিছে৷ কিন্তু নাম ঘোষণাৰ পাছত যাতে নিৰ্বাচিত বিধায়কৰ মাজত কোনো বিদ্ৰোহ নহয়, সেয়া নিশ্চিত কৰিবলৈ পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যসভাৰ সাংসদ মনোজ পাণ্ডে আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাওডেক দায়িত্ব দিছে৷ কিয়নো ৰাজস্থানত মুখ্যমন্ত্ৰী হিচাপে এজন নৱাগতৰ নাম ঘোষণা কৰিলে পূৰ্বৰ দুবাৰৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই বিদ্ৰোহ ঘোষণা কৰিব পাৰে৷

যোৱা বৃহস্পতিবাৰে বসুন্ধৰা ৰাজেই তেওঁৰ সাংসদ পুত্ৰ দুষ্মন্ত সিঙৰ সৈতে বিজেপিৰ সভাপতি জে পি নড্ডাক সাক্ষাত কৰি মুখ্যমন্ত্ৰীত্বৰ বাবে হেঁচা প্ৰয়োগ কৰি গৈছে৷ বসুন্ধৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰা নাই৷ নড্ডাক বসুন্ধৰা ৰাজেই তেওঁৰ শক্তি আৰু সমৰ্থনৰো উমান দি গৈছে৷ চৰ্চা আনুসৰি নিৰ্বাচিত ৭৫জন বিধায়কৰ সমৰ্থন আছে বসুন্ধৰাৰ পক্ষত৷ ৪৫ জন নিৰ্বাচিত বিধায়কে তেওঁৰ বাসগৃহত ইতিমধ্যে বৈঠকত মিলিত হৈছে৷ নিৰ্বাচিত মুঠ ৭৫ জন বিধায়কৰ ওপৰত বসুন্ধৰা ৰাজেৰ নিয়ন্ত্ৰণ থকাটো বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাবে দুঃচিন্তাৰ কাৰণ৷ যদিহে মুখ্যমন্ত্ৰিত্বৰ গাদী লাভ নকৰিলে বসুন্ধৰা ৰাজেই বিদ্ৰোহ কৰে, তেন্তে হাতলৈ অহা ৰাজ্যখন হেৰুৱাবলগীয়া হ’ব বিজেপিয়ে৷ বিদ্ৰোহ কৰিলে বসুন্ধৰা ৰাজেই কংগ্ৰেছৰ ৬৯ জন বিধায়কৰ সমৰ্থনত সহজেই চৰকাৰ গঠন কৰিব পাৰে৷ নিৰ্বাচিত ৮ জন নিৰ্দলীয় বিধায়ক হৈছে বিজেপিৰ টিকট নোপোৱা, কিন্তু বসুন্ধৰা ৰাজেৰ অনুগত৷ তদুপৰি কংগ্ৰেছৰ টিকট নোপোৱা ১ জন বিদ্ৰোহী নিৰ্দলীয়কে ধৰি বিএছপি আৰু আৰএলডিৰ ১ জনকৈ বিধায়ক আছে৷ অৰ্থাৎ বিজেপি বিৰোধী বিধায়ক আছে ৮০ জন৷ সেয়ে নিজৰ সমৰ্থকৰ সৈতে বসুন্ধৰা ৰাজেই বিদ্ৰোহ কৰিলে সহজেই চৰকাৰ গঠন কৰিব পাৰে৷ সেয়ে অস্বস্তিত থকা বিজেপিৰ হাইকামাণ্ডে ৰাজনাথ সিঙৰ নেতৃত্বত নিৰ্বাচিত বিধায়কক বুজাবলৈ তিনিজন পৰ্যবেক্ষকক দায়িত্ব দিছে৷ বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথম প্ৰচণ্ড কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ৷ আইআইটি কানপুৰৰ এমটেক, আমেৰিকাৰ হাৰ্টনৰ এমবিএ আছিল ওড়িশা কেডাৰৰ আইএএছ অশ্বিনী বৈষ্ণৱ৷ এই উচ্ছ শিক্ষিত ব্ৰাহ্মণ নেতাৰ নেতৃত্বত ৰাজস্থানৰ শাসন দীৰ্ঘদিনৰ বাবে কুক্ষিগত কৰাৰ লক্ষ্য বিজেপিৰ৷ তদুপৰি কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, ৰাজ্যৱৰ্ধন সিং ৰাথোড়, মহন্ত বালকনাথ, দিয়া কুমাৰীকো তালিকাত ৰাখিছে দলে৷ কিন্তু তাৰ পূৰ্বে সম্ভাৱ্য বিদ্ৰোহ শান্ত কৰাৰ লক্ষ্য বিজেপিৰ আৰু তাৰ বাবেই সময় লৈছে গেৰুৱা দলৰ নেতৃত্বই৷

অৱশ্যে অনুৰূপ আশংকা মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত নাই৷  শনিবাৰে বিদায়ী মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ‘ৰাম ৰাম টু অল’ বুলি এটা টুইট কৰাত সেয়া তেওঁৰ বিদায়ৰ ইংগিত বুলি চৰ্চা হৈছে৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ পচন্দৰ তালিকাৰ শীৰ্ষত আছে জ্যোতিৰাদিত্য সিন্ধিয়া৷ তালিকাত আছে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, প্ৰহ্লাদ পেটেল, ভি ডি শৰ্মা, কৈলাশ বিজয়বৰ্গীয়ৰ নাম৷ আনহাতে ছত্তীশগড়ত তিনিবাৰৰ মুখ্যমন্ত্ৰী ৰমন সিঙৰ পৰিৱৰ্তে বিষ্ণু দেউ ছাই, ৰেণুকা সিং, অ’পি চৌধুৰী আৰু অৰুণ সাউক তালিকাত ৰাখিছে৷ সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু দুষ্মন্ত গৌতমে৷ প্ৰসংগতঃ উল্লেখযোগ্য, বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কৰা দীঘলীয়া বৈঠকৰ পাছত বৃহস্পতিবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত ৪ ঘণ্টা ধৰি বৈঠক কৰে, য’ত ঘাইকৈ সম্ভাৱ্য মুখ্যমন্ত্ৰীৰ বিষয়েই আলোচনা হয়৷ বিজেপিৰ শীৰ্ষ সূত্ৰৰ মতে সেই দুই বৈঠকতে তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম নিশ্চিত হৈ গৈছে৷ কেৱল আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে ৯জন পৰ্যবেক্ষক নিয়োগ কৰি দলৰ সম্ভাব্য বিদ্ৰোহ আৰম্ভণিতে দমন কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছে৷ কোৱা হৈছে, প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে ‘ক্লাছ’ বিছাৰিছে, ‘কাষ্ট’ নহয়৷ তেওঁক এনে মুখ্যমন্ত্ৰী লাগে, যি অনাহক বিবৃতি দি বক্তব্য ৰাখি চৰ্চা বা বিতৰ্কিত থকাৰ পৰিৱৰ্তে নীৰৱে কাম কৰে আৰু সাধাৰণ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভোটাৰ আৰু দল তথা চৰকাৰক প্ৰস্তুত কৰিব পাৰে৷ শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু ৰমন সিঙৰ পৰা তেনে প্ৰত্যাশা কৰা কঠিন৷ সেয়ে উঠি আহিছে নতুন মুখৰ নাম৷ সামগ্ৰিক বিচাৰত ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব নতুন মুখ, য’ত ৰাজস্থানত ৰাজপুত হ’লেও মধ্য প্ৰদেশত অ’বিচি আৰু ছত্তীশগড়ত হ’ব জনজাতি মুখ্যমন্ত্ৰী৷ লোকসভা ভোটৰ বাবেই বিজেপিৰ এই চিন্তা৷ তিনিখন ৰাজ্যত ৬৫খন লোকসভাৰ আসন আছে৷ সেয়ে মুখ্যমন্ত্ৰী নিৰ্বাচনত ভুল কৰি বিজেপিয়ে সেই ৬৫খন আসন হেৰুৱাবলৈ বিচৰা নাই৷