Logo
image

‘কা’ কাৰ্যকৰী হ’লেই আঘাত আহিব অসমীয়া জাতিলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ [কা] বিৰুদ্ধে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে নাগৰিকত্ব সংশোধনী আইন [কা] বিৰোধী সমন্বয় সমিতিয়ে৷ ১২ ডিচেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব কা বিৰোধী বিভিন্ন দল-সংগঠনে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথস্থিত অসম শিক্ষক সন্মিলনীৰ কাৰ্যালয়ত ১২ ডিচেম্বৰৰ দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হ’ব প্ৰতিবাদী সভা৷  শনিবাৰে গুৱাহাটীৰ আমবাৰীস্থিত চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এখন সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে নাগৰিকত্ব সংশোধনী আইন [কা] বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড॰ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে৷ সংবাদমেলত গোহাঁয়ে কয়– যি সময়য়ত প্ৰকৃত সত্যত ৰহন সানি চিনেমাকে ধৰি বিভিন্ন মাধ্যমত অতি পক্ষপাত দুষ্ট, ক্ষতিকৰ ঘটনাৱলীৰ বিকৃত ৰূপ দাঙি ধৰাৰ চেষ্টা কৰা হৈছে সেই সময়ত বস্তুনিষ্ঠ, পক্ষপাতহীন বাতৰি আৰু  ব্যাখ্যাইহে সমাজৰ পৰিৱেশক ভয়নকভাৱে দূষিত হোৱাৰ পৰা ৰক্ষা কৰিব৷ অসমীয়াই পাহৰিব নোৱাৰে যে জাতিৰ পক্ষে অতিশয় বিপজ্জনক, সংবিধানত থকা উদাৰ ধৰ্মনিৰপেক্ষ ভাতৃত্ববোধ নস্যাৎ কৰা, ‘কা’ আইন জনমত উপেক্ষা কৰি বিশেষ আলোচনা নকৰাকৈ সংসদত গৃহীত কৰিছিল কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ চৰকাৰৰ এই কাৰ্যত বিচলিত আৰু ক্ষুব্ধ হৈ গুৱাহাটীৰে অগণন মানুহ, যাৰ সৰহ ভাগেই আছিল যুৱক-যুৱতী, ৰাজপথলৈ বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ ওলাই আহিছিল সম্পূৰ্ণ স্বতঃস্ফূৰ্তভাৱে৷ তেনে জাগৰণ হৈছিল সেইদিনা ৰাতি অসমৰ অন্যান্য চহৰতো৷ ৰাজ্যৰ বিজেপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পেপুৱা লাগি ৰাইজক কাতৰ অনুৰোধ কৰিছিল শান্ত হ’বলৈ, ঘৰলৈ উভতি যাবলৈ৷ অৰ্ধচেতনভাৱে দিছপুৰলৈ গৈ থকা জনতাই ভ্ৰূক্ষেপ কৰা নাছিল৷ পোনপতীয়াকৈ সমুখৰ পৰা গুলীচালনা কৰাৰ সাহস নকৰি সশস্ত্ৰ আৰক্ষীয়ে ঘৰলৈ উভতি আহোঁতে বা তেনে আন সুবিধাজনক পৰিস্থিতিত গুলীয়াই অসমৰ বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মৰ পাঁচজনকৈ নিৰীহ যুৱকক হত্যা কৰে৷ পিতৃ-মাতৃৰ বুকুত শোকৰ অগনি জ্বলাই, কোনো কোনো ক্ষেত্ৰত ঘৰখনৰ উপাৰ্জনত ৰামটাঙোন সোধাই চৰকাৰৰ আৰক্ষীয়ে এই নিৰীহ যুৱককেইজনক হত্যা কৰিছিল সন্ত্ৰাস সৃষ্টিৰ উদ্দেশ্যে৷ তাৎপৰ্যপূৰ্ণ কথা যে ৰাইজে জননীৰ এই সন্তানসকলক ‘শ্বহীদ’ বুলি স্বীকৃতি দিয়াৰ পিছত নেতৃত্বৰে একাংশই ৰহস্যজনক কাৰণ কিছুকাল পিছতহে তেওঁলোকক এই সন্মান দিছিল৷ আৰু চৰকাৰে আজিও সেই শ্ৰদ্ধা জনাবলৈ অস্বীকাৰ কৰি তেওঁলোকক সাধাৰণ অপৰাধী সজাবলৈ যোৱা চাৰি বছৰে অপচেষ্টা চলাই আছে৷ সিয়েই চৰকাৰৰ অন্যায় আৰু স্বেচ্ছাচাৰিতা প্ৰমাণ কৰে৷ আমি সেয়ে বছৰি আমাৰ সীমিত সামৰ্থকে এই বীৰ শ্বহীদসকলৰ স্মৃতি তৰ্পণ কৰি আছোঁ, আৰু ৰাইজকো জাননী দি আছো যে সংগ্ৰামৰ ওৰ ওৰ পৰা নাই, আৰু শ্বহীদৰ প্ৰতি আমাৰ আন্তৰিক আদৰ সন্মান জনাবলৈ আমি অটুট উৎসাহেৰে সংগ্ৰাম বিৰতিহীনভাৱে চলাই যোৱা প্ৰয়োজন৷ বিজেপি চৰকাৰে গণতন্ত্ৰ বিৰোধী আৰু প্ৰকৃতপক্ষে জনবিৰোধী কা আইন গাৰ বলেৰে গৃহীত কৰাৰ পিছত যদিও সকলো গণবিক্ষোভ, গণপ্ৰতিবাদ কঠোৰ বলপ্ৰয়োগেৰে দমন কৰিবলৈ বিচাৰিছিল, তথাপি জনগণনৰ নাড়ী স্পন্দন বুলি তাৰ প্ৰয়োগ স্থগিত ৰাখিছিল সময় আৰু সুবিধা মতে তাক কাৰ্যকৰী কৰিবলৈ৷ এতিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে আকৌ ৰুদ্ধকে_ ঘোষণা কৰিছে কা আইন এইবাৰ কাৰ্যকৰী কৰা হ’ব৷ নিঃসন্দেহে ইয়াৰ অন্তকালত নিৰ্বাচনী অংক আছে৷ কিন্তু তেওঁলোকৰ এনে হিচাব-নিকাচে দেশত নানা অশুভ প্ৰবনতাক শক্তি দিয়ে, সমাজৰ আভ্যন্তৰীণ শান্তি আৰু নিৰাপত্তাবোধক অস্থিৰ কৰে আৰু অসমীয়া জাতিৰ ভৱিষ্যত তথা অসমৰ স্বকীয়, পৰম্পৰাগত  চৰিত্ৰত মাৰাত্মক আঘাত হানে৷ ৰাইজৰ ঐক্যৱদ্ধ সংগ্ৰামেৰে এনে অশুভ অভিযান প্ৰতিহত কৰিব পাৰে৷ ইতিমধ্যে দেখা গৈছে যে অসমীয়া ভাষা আৰু জাতিৰ ভেটিত চিপৰাং মাৰিব পৰা বহু পদক্ষেপ চৰকাৰে লৈছে৷ এতিয়া কা আইনৰ কাৰ্যকৰীকৰণে তেনে প্ৰচেষ্টাৰ আটাইতকৈ ভয়ংকৰ পৰ্যায় হ’ব পাৰে৷ সেয়ে জাতিৰ ৰক্ষাৰ স্বাৰ্থত আৰু অসমৰ ঐতিহাসিক চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যত অসমৰ ৰাইজে পুনৰ কা বিৰোধী আন্দোলন তেজাল কৰি তোলাৰ গত্যন্তৰ নাই৷ সংবাদমেলত গোহাঁয়ে আৰু কয়–দেশৰ জনগন আজি সন্ধিক্ষণত উপনীত হৈছে৷ তিনিখন ৰাজ্যত বিজেপি জয়ী হৈ নতুন উৎসাহেৰে জনবিৰোধী কাম কৰিবলৈ লৈছে৷ মোদী আৰু আদানিক ক্ষুৰধাৰ সমালোচনা কৰা বাবে সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰা হৈছে৷ তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগেই নিদিলে৷ কেতবোৰ অশালীন প্ৰশ্নৰে সাংসদগৰাকীক ব্যতিব্যস্ত কৰি তুলিছে৷ ইমান অপমানজনক কথা কোৱাৰ পাছত তেওঁ আৰু সদনত থকাটো অসম্ভৱ হৈ পৰিছে৷ মোদী আদানিক যাতে তীব্ৰ সমালোচনা কৰিব নোৱাৰে তাৰ বাবে তেওঁক  বাহিৰ কৰাৰ ব্যৱস্থা কৰিছে বিজেপিয়ে৷ এয়া গণতন্ত্ৰ বিৰোধী৷ কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি গোহাঁই আৰু সমন্বয়ক তামুলীয়ে কা বিৰোধী যুঁজৰ শ্বহীদসকলৰ পূৰ্ণ স্মৃতিত ১২ ডিচেম্বৰৰ দিনা সন্ধিয়া ঘৰে ঘৰে বন্তী প্ৰজ্বলন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনায়৷