Logo
image

অগপ নেতৃত্বক অমিত শ্বাহৰ নিৰ্বাচনী উপহাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰঃ আগন্তুক লোকসভাৰ নিৰ্বাচনত অসমৰ এখন লোকসভাৰ আসনৰ পৰা এইবাৰ এজন অগপৰ প্ৰাৰ্থীক জিকোৱাৰ গেৰাণ্টি দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ চানক্যখ্যাত অমিত শ্বাহে৷ অগপৰ হাইকামাণ্ড অতুল বৰা, কেশৱ মহন্তক নিৰ্বাচনী উপহাৰ হিচাপে এই গেৰাণ্টি দিছে অমিত শ্বাহে৷ বিজেপিৰ উচ্ছস্তৰীয় সূত্ৰই সদৰি কৰা অনুসৰি এইবাৰ অগপক অমিত শ্বাহে ধুবুৰী লোকসভা সমষ্টিৰ লগতে নিশ্চিত জয়লাভৰ সম্ভাৱনা থকা আন এখন আসন উপহাৰ দিব৷  পিছে বিজেপিৰ মতে জয়লাভ নিশ্চিত আৰু অগপই লাভ কৰিবলগীয়া আসনখন বৰপেটা হ’বনে, কাজিৰঙা হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ মাজে সময়ে তেজপুৰ লোকসভাৰ আসনখনো অগপই উপহাৰ সূত্ৰে বিজেপিৰ পৰা লাভ কৰিব বুলি চৰ্চা হৈছে৷ লক্ষণীয় যে দিনচেৰেক পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিত্ৰদল অগপ আৰু ইউপিপিএলৰ আসন ভাগ-বটোৱাৰা সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছিল– “কোনে ক’ত নিৰ্বাচন খেলিব, সেয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থিৰ কৰিব৷ টিকট প্ৰদানৰ সময়ত পুথি-পাঁজিলৈ অমিত শ্বাহ বহি যাব৷ তেওঁ ক’ব– তুমি ইয়াত খেলা, তুমি তাত খেলা৷ তেওঁৰ সিদ্ধান্ত সকলোৱে মানি ল’বই লাগিব৷ লোকসভাৰ নিৰ্বাচন হৈছে নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ নিৰ্বাচন৷ এই নিৰ্বাচনত আমাৰ মুখ চাই কোনেও ভোট নিদিয়ে৷’