
’৮৩ৰ অভিশপ্ত দিনৰ গাথা ‘নেলীৰ কথা’
নেলীৰ কথা– অভিশপ্ত দিনটোৰ গাথাক ৰূপালী গল্পৰ ৰূপ দিয়া হৈছে৷ নেলীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ নিৰ্মাণ কৰা হৈছে গৱেষণাধৰ্মী ছবি– নেলীৰ কথা৷ ৮ ডিচেম্বৰত ৰাজ্যজুৰি ২৫টা চিত্ৰগৃহত মুক্তি পায় ছবিখনে৷ ছবিখনৰ পৰিচালনা পাৰ্থজিৎ বৰুৱাৰ৷ নেলীৰ গণহত্যাক মূল বিষয় হিচাপেলৈ সংবেদনশীলতাৰে ‘নেলীৰ কথা’ চিনেমাখন নিৰ্মাণ কৰা হৈছে৷ ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ [বৰ্তমানে মৰিগাও জিলা] নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই৷ নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ৷ নেলীৰ বৰবড়ীৰ ৫৮৫ জনৰ গণকবৰে আজিও মানুহৰ হৃদয় জোকাৰি যায় জুয়ে পোৰা তিৰাশীৰ ২৮ ফেব্ৰুৱাৰীৰ সেই ভয়াৱহ দিনৰ কথাই৷ পানীকেঁচুৱাৰ পৰা অশীতিপৰ বৃদ্ধলৈকে হত্যাৰ বলি হৈছিল৷ পৰিচালক পাৰ্থজিৎ বৰুৱাই অতি সাৱলীলভাৱে গৱেষণাৰ মাজেৰে কেমেৰাৰ ভাষাৰে নেলীৰ হত্যাকাণ্ডক পৰ্দালৈ আনিছে৷ ‘নেলী কথা’ চিনেমাখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ৷ নিজৰ ঢঙতে পৰিচালকে পৰিকল্পিতভাৱে নেলীৰ কাহিনীটো চেলুলয়ডত ধৰি ৰাখিছে৷ ছবিখনৰ বিষয়টো অতি স্পৰ্শকাতৰ আৰু চৰ্চিত যদিও পৰিচালকে বিতৰ্ক এৰাই চলি ছবিখনৰ ট্ৰিটমেণ্ট কৰিছে৷ হত্যাকাণ্ডৰ ‘ক্লু’ বিচৰা হৈছে যদিও অতি দক্ষতাৰে হত্যাকাণ্ডত তৃতীয় পক্ষ জড়িত বুলি এক ইতিবাচক দৃষ্টিভংগীৰে ছবিখন শেষ কৰিছে৷ পৰিচালকে ছবিখনত অবাবতে কোনো নষ্ট কৰা নাই যদিও মাজে মাজে হোৱা লেহেমীয়াই দৰ্শকক সামান্য আমনি দিব পাৰে৷ আমাৰ ধাৰণা অনাগত দিনত পৰিচালক এইক্ষেত্ৰত সচেতন হ’ব৷ চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত পাৰ্থজিৎ বৰুৱাই প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই৷ চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক নীল বৰ্মনৰ৷ সুমন দুৱৰাই চিনেমাখনৰ সুন্দৰ ফটোগ্ৰাফী কৰিছে৷ সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংতিৰ৷ কোনোধৰণৰ বেনাৰ আৰ্টিষ্ট নথকা ছবিখনত নতুন মুখৰ অভিনেতা-অভিনেত্ৰীসকলৰ পৰা পৰিচালকে বিচৰা ধৰণে ৰুচিসন্মত অভিনয় আদায় কৰিবলৈ সক্ষম হৈছে৷ কাৰো অভিনয় কৃত্ৰিমতা নাই৷ চিনেমাখনৰ মুখ্যচৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই৷ ছবিখনত দেখা যাব বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰ ৰাজীৱ পাটৰ [অৰ্ঘদ্বীপ বৰুৱা] নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাহাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাওঁসমূহলৈ যায়৷ বহু নজনা কথা জানিব পাৰে তেওঁ৷ ১০০ মিনিট দৈৰ্ঘ্যৰ নেলীৰ কথা ছবিখনত অভিনয় কৰিছে ক্ৰমে– অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড॰ আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, সুস্মিতা শইকীয়া, ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া, লক্ষ্যজ্যোতি শইকীয়া ৰূপম শইকীয়া৷ গোৱা মহোৎসৱৰ ফিল্ম বাজাৰৰ গ্ৰীণ ৰূমত ছবিখন উপলব্ধ হৈছে৷