Logo
image

আজমলৰ চেলেঞ্জঃ এআইইউডিএফৰ সৈতে মিত্ৰতা নকৰিলে সকলো নিৰ্বাচনতে হাৰিব কংগ্ৰেছ

ডিজিটেল সংবাদ, লক্ষীগঞ্জৰ প্ৰতিবেদকঃ এআইইউডিএফৰ সৈতে মিত্ৰতা নকৰিলে ছত্তিশগড়, ৰাজস্থান কিয় সকলো ঠাইতে কংগ্ৰেছৰ পৰাজয় নিশ্চিত৷ এই বিস্ফোৰক মন্তব্য এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ৷

দলটোৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত গুটিপাৰা হক বজাৰত শনিবাৰে বিয়লি আয়োজিত এখন বিশাল ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কংগ্ৰেছ দলক তুলাধূনা দিয়ে আজমলে৷ আজমলে কয় যে অসমত মুছলমানসকলৰ বাবে বিপদ মাতি আনিছে কংগ্ৰেছে৷ মুছলমানৰ মূৰত বাংলাদেশী লেবেল কংগ্ৰেছই আঁকি দিছে৷

লগতে আজমলে কয় যে বিজেপিয়ে একাংশ সমষ্টি বিলুপ্তিকৰণ কৰিছে যদিও আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী, নগাঁও, কৰিমগঞ্জ সমষ্টিত এআইইউডিএফ দল জয়ী হ'ব৷ এআইইউডিএফৰ বিলাসীপাৰা জিলা সভাপতি মুফতী ইয়াহ হিয়াৰ সভাপতিত্বত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত দলগাঁও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ, পূব বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদা প্ৰমুখ্যে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে৷