গুৱাহাটীৰ চিৰিয়াখানাত হাতীৰ বিশ্ৰাম ঘৰ মুকলি
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাত দেওবাৰে হাতীৰ বিশ্ৰাম ঘৰ মুকলি কৰা হয়। লায়ন্স ক্লাব অব গুৱাহাটীয়ে নিজা খৰছত নিৰ্মাণ কৰি হাতীৰ বিশ্ৰাম ঘৰটো অৰ্পণ কৰে চিৰিয়াখানা কৰ্তৃপক্ষক।
উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানাত হাতীৰ বাবে সুকীয়া আশ্ৰয়স্থলৰ পৰিমাণ কমি থকাৰ বাৱে বহু হাতীয়ে বতাহ-বৰষুণৰ সময়ত কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। লগতে হাতীয়ে বিভিন্ন সময়ত প্ৰতিকুল বতৰৰ সময়ত সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে লায়ন্স ক্লাবে হাতীৰ বাবে এই আশ্ৰয়স্থলটো নিৰ্মাণ কৰি দিয়ে।
মুকলি অনুষ্ঠানত আসম ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া অপৰাজিতা বৰবৰা, কৰ্তৃপক্ষৰ লগতে লায়ন্স ক্লাবৰ সভাপতি অজেয় পড্ডাৰকে ধৰি ভালে কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে অসম ৰাজ্যিক চিৰিয়াখনাৰ হাতীৰ বিশ্ৰাম ঘৰলৈ যোৱা ৫০০ মিটাৰ পথচোৱা মেৰামতি কৰি দিব বুলি লায়ন্স ক্লাবৰ সভাপতি অজেয় পড্ডাৰে ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰে।