প্ৰসংগঃ বিজেপিৰ জয়যাত্ৰা, নোটাৰ বৃদ্ধি আৰু বিশ্বগুৰুৰ সপোন
কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পাছত দলটোৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলি বিৰোধী দলসমূহে বিশ্বাস কৰাৰ লগতে একাংশ সংবাদ মাধ্যমেও এই সম্পৰ্কে অনুমান কৰিছিল যদিও কাৰ্যতঃ সেয়া নঘটিল৷ দেশৰ হিন্দী বলয়ৰ তিনিওখন গুৰুত্বপূৰ্ণ ৰাজ্যত বিজেপিয়ে অনায়াসে জয়লাভ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ শক্তিশালী স্থিতিক প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল৷ কিছু বছৰৰ পূৰ্বলৈকে ৰাজনৈতিক দলসমূহে অংশগ্ৰহণ কৰা নিকায়, পৌৰসভা, বিধানসভাৰ পৰা লোকসভাৰ নিৰ্বাচনলৈকে প্ৰাৰ্থীসকলে ‘নিৰ্বাচন খেলা’ৰ প্ৰক্ৰিয়াটোৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলৰ পৰা৷ বিজেপিয়ে দেশৰ নিৰ্বাচনসমূহত প্ৰতিদ্বন্দ্বিতা কৰাৰ এক নতুন পদ্ধতিৰ সৃষ্টি কৰি এক ইলেকশ্বন মেনেজমেণ্ট ছিষ্টেম অৰ্থাৎ নিৰ্বাচন পৰিচালন পদ্ধতিৰ সৃষ্টি কৰিলে যাৰ তুলনাত কংগ্ৰেছকে ধৰি ইণ্ডিয়া মহাজোঁটৰ প্ৰায় সকলো দলেই পিছ পৰি আছে৷ দেশত অভূতপূৰ্ব হাৰত নিবনুৱা বৃদ্ধি, দৰিদ্ৰতা, মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি, বিমুদ্ৰাকৰণৰ পাছতো বিদেশৰ পৰা ক’লাধন ঘূৰাই অনাত ব্যৰ্থতা, ধৰ্মীয় মেৰুকৰণ আদি সত্ত্বেও বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰাৰ অন্তৰালত আছে প্ৰধানমন্ত্ৰী মোদীৰ সৱল নেতৃত্ব আৰু জনতাক মোহাচ্ছন্ন কৰি ৰাখিব পৰাকৈ দলটোৰ সকলো পৰ্যায়ৰ নেতা-কৰ্মীক নিয়োগ কৰি নিৰ্বাচন ব্যৱস্থা পৰিচালনাৰ কূট-কৌশল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি স্বল্পভাষী প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে দেশৰ আৰ্থ-সামাজিক কাঠামোটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল৷ সৰলতা, পাণ্ডিত্য, কূটনৈতিক মন্তব্য আদিৰ বাবে ছোনিয়া গান্ধীৰ পুতলা বুলি বিৰোধীৰ দ্বাৰা সমালোচিত হোৱা সত্ত্বেও ড॰ মনমোহন সিঙে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো নিজৰ লগতে ভাৰতৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ কিছু পৰিমাণে হ’লেও সক্ষম হৈছিল৷ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই ড॰ মনমোহন সিঙৰ অৰ্থনীতিৰ ক্ষেত্ৰত থকা প্ৰজ্ঞাক স্বীকাৰ কৰি সেই সময়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলনতো মন্তব্য কৰিছিল যে ড॰ সিঙে যি কয় বিশ্বই মন দি শুনে৷ কিন্তু ড॰ সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দ্বিতীয়টো শাসনকালত ঘটা বৃহৎ বিত্তীয় কেলেংকাৰী, দুৰ্নীতিৰ উপৰি বহু কংগ্ৰেছী নেতা-মন্ত্ৰীৰ আত্মতুষ্টি, অৰিয়াঅৰি, দলীয় সংঘাত আদিয়ে দলটোলৈ চৰম বিপৰ্যয় কঢ়িয়াই আনিলে৷ কাজেই তেনে সময়ত গুজৰাট ম’ডেলৰ যোগেদি দেশৰ ভিতৰতে এজন দক্ষ, যোগ্য মুখ্যমন্ত্ৰীৰূপে জনপ্ৰিয় হোৱা নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত অৱতীৰ্ণ হৈয়ে সকলো ধৰণৰ ৰাজনৈতিক সমীকৰণ, হিচাপ-নিকাচ ওলট-পালট কৰি দেশৰ এক নতুন ৰাজনৈতিক অভিধাৰ সৃষ্টি কৰিলে যে যাৰ বাবে বিজেপি দলে দাক্ষিণাত্যৰ ৰাজ্য কেইখনৰ বাদে দেশৰ প্ৰায়বোৰ ৰাজ্যতে নিজৰ শক্তিশালী স্থিতি নিৰ্মাণ কৰাৰ লগতে কেন্দ্ৰতো তৃতীয়টো শাসন কালৰ বাবে আগবাঢ়িছে৷ সময়ৰ শৰ সময়তে মাৰিব জনা প্ৰধানমন্ত্ৰী মোদীয়ে সদ্যসমাপ্ত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত চন্দ্ৰ অভিযানত দেশৰ অভূতপূৰ্ব সফলতা, ভাৰতৰ অধ্যক্ষতাত বিশ্বৰ আটাইতকৈ শক্তিশালী অৰ্থনৈতিক গোট জি-২০ক মানৱকেন্দ্ৰিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰা, দেশক পাঁচ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰা, ভেকচিন উদ্ভাৱনৰ যোগেদি দেশৰ জনতাক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰা, যুঁজাৰু বিমানত উৰা মাৰি দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা প্ৰধানমন্ত্ৰীৰ দৃঢ়তা প্ৰতিষ্ঠা, সীমান্ত ৰক্ষাৰ হকে নিয়োজিত জোৱানৰ সৈতে দীপাৱলী উদ্যাপন, দেশক বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠাৰ বাবে লোৱা ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় কূটনীতিত ভাৰতৰ সফলতা আদিক এনেদৰে উপস্থাপন কৰিলে যাৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ বহু ভোটাৰৰ লগতে নৱপ্ৰজন্মকো আকৃষ্ট কৰিবলৈ সক্ষম হ’ল৷ ইতিমধ্যে জনকল্যাণৰ বাবে গ্ৰহণ কৰি অসংখ্য আঁচনিয়ে সৃষ্টি কৰা হিতাধিকাৰীৰ লগতে মধ্য প্ৰদেশ, ছত্তিশগড় আদি ৰাজ্যত জনজাতীয় ভোটাৰৰ বিজেপিৰ প্ৰতি অনুৰাগ আদিয়েও বিজেপিৰ জয়যাত্ৰাত ইন্ধন যোগালে৷ কিন্তু ইয়াৰ বিপৰীতে ইণ্ডিয়া জোঁটৰ নিৰ্বাচনী কৌশল অতি দুৰ্বল, নিষ্প্ৰভ হোৱাৰ উপৰিও নেতৃত্বৰ বিফলতাৰ বাবে কিছু সম্ভাৱনা থকাৰ সত্ত্বেও সুযোগৰ সৎ ব্যৱহাৰত বিফল হ’ল বিৰোধী দল৷ কোৱা বাহুল্য, লোকসভাৰ পূৰ্বে ছেমিফাইনেল সদৃশ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বিজেপিয়ে থমকি নৰৈ পূৰ্ণোদ্যমে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিছে৷ নৱপ্ৰজন্মৰ দেশ ভাৰতত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে বিভিন্ন অনুষ্ঠান, আঁচনিৰে সাঙুৰি পেলোৱাৰ পাছত শেহতীয়াকৈ ইউজিচিয়ে নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত ছেলফি পইণ্ট কলেজ, বিশ্ববিদ্যালয়ত স্থাপনৰ বাবে আহ্বান জনাইছে৷ সকলো শ্ৰেণীৰ ভোটাৰক নিজৰ প্ৰতি আকৃষ্ট কৰাত বিজেপিয়ে গ্ৰহণ কৰা কিছু পদক্ষেপক সমালোচনা কৰিলেও দলে ইয়ালৈ কেৰেপ কৰা নাই৷ ইফালে বিজেপিৰ অশ্বমেধৰ ঘোঁৰাৰ যাত্ৰা অব্যাহত থকাৰ সময়ত সদ্যসমাপ্ত ছত্তিশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, বিধানসভা নিৰ্বাচনত ৪৭টা সমষ্টিত নোটা-ত সৰ্বাধিক ভোট পৰাটো দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে এক উদ্বিগ্নতাৰ বিষয়৷ দিনকদিনে নিৰ্বাচনসমূহত নোটাৰ ভোট বৃদ্ধি, শিক্ষিত এচামে ভোটদানৰ পৰা বিৰত থকাটোৱে গণতন্ত্ৰৰ ব্যৱস্থাটোত যে কেৰোণ আছে তাক প্ৰতীয়মান কৰে৷ নিৰ্বাচন জয়ৰ সফলতাৰ লগতে নোটাৰ ভোট বৃদ্ধিৰ কাৰণসমূহ যদি শাসকগোষ্ঠীয়ে অনুধাৱন নকৰে তেন্তে বিশ্বগুৰুৰ সপোন অলীক হোৱাৰে সম্ভাৱনা বৃদ্ধি পাব৷






