Logo
image

কাৰ্বি যুৱ মহোৎসৱলৈ আহিব ৰাষ্ট্ৰপতি

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যুৱ মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু্‌ৱে৷ ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়া অসম ভ্ৰমণকালত কাৰ্বি সাংস্কৃতিক সমাজে এই যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত উপস্থিত  থকাৰ বাবে সাক্ষ্যাৎ কৰি আহ্বান জনাইছিল৷ পৰৱৰ্তীপৰ্যায়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰে ৰাষ্ট্ৰপতি ভৱনৰ সৈতে যোগাযোগ ৰাখিছিল আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে মহোৎসৱত উপস্থিত থকাৰ বাবে সঁহাৰি প্ৰদান কৰিছিল৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰজান পৰিষদীয় সমষ্টিত আজি বিজেপি নেতৃত্বাধীন পৰিষদখনে ২৬টা সমষ্টিত অনুষ্ঠিত কৰি অহা ঐক্য, বিজয় আৰু সমৃদ্ধি ৰেলীত অংশগ্ৰহণ কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদমাধ্যমৰ আগত কয় যে ১২-১৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া  কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাবলৈ তেওঁ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি নতুন দিল্লীলৈ ৰাওনা হ’ব৷ উত্তৰ-পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত ভাগ ল’বলৈ ইতিমধ্যে নগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে নেফিউ ৰিঅ’ আৰু কনৰাড চাংমাই সন্মতি প্ৰদান কৰা বুলিও ৰংহাঙে প্ৰকাশ কৰে৷ উল্লেখ্য যে পৰিষদীয় সমষ্টিটোৰ হিডিপিত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰংহাঙে পৰিপষদখনে বিগত সাত বছৰ কালত গ্ৰহণ কৰা বিভিন্ন উন্নয়মূলক আঁচনিৰ খতিয়ান দাঙি ধৰে৷ জনসাধাৰণক সজাগ হৈ এই উন্নয়নমূলক আঁচনি সমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰংহাঙে আহ্বান জনায়৷ বিজেপি নেতৃত্বাধীন পৰিষদখন দুয়োখন পাৰ্বত্য জিলাত উন্নয়নৰ বাবে বদ্ধ পৰিকৰ বুলিও দোহাৰে ৰংহাঙে৷ কাৰ্বি সাহিত্যৰ ঐন্যতম কাণ্ডাৰী প্ৰয়াত বংলং তেৰাঙৰ সোঁৱৰণিত প্ৰয়াত সাহিত্যিক গৰাকীৰ এটা প্ৰতিমূৰ্তি আৰু এখন স্মৃতি উদ্যান নিৰ্মানৰো আধাৰশিলা স্থাপন কৰে ৰংহাঙে৷ ইয়াৰোপৰি সমষ্টিটোৰ সীমান্তৰ লাহৰিজানত গড়কাপ্টানী বিভাগৰ নৱনিৰ্মিত এটা পৰিদৰ্শন বাংলাৰো উদ্বোধন কৰে ৰংহাঙে৷ আনহাতে এটা অডিটৰিয়াম হ’লৰ নিৰ্মাণৰো আধাৰশিলা ৰাখে ৰংহাঙে৷