Logo
image

জাগীৰোডত টাটাৰ ৪০,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প! সলনি হ’ব অসমৰ ৰূপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ডিচেম্বৰঃ এসময়ত পশ্চিমবংগৰ পৰা কাৰ্যতঃ নিজৰ উদ্যোগ বন্ধ কৰি আতৰি যাবলৈ বাধ্য হোৱা টাটা গোষ্ঠীয়ে পুনৰ অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷ পশ্চিমবংগৰ দাতিকাষৰীয়া ৰাজ্য অসমৰ প্ৰতি টাটা গোষ্ঠীৰ এই আকৰ্ষণ ইতিমধ্যে দেশৰ উদ্যোগিক জগতত আলোড়নৰ সৃষ্টি কৰিছে৷ দেশৰ অন্যতম উদ্যোগীক গোষ্ঠী টাটাই অসমত ৪০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ ইচ্ছাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰে যোগাযোগ কৰিছে৷ টাটাই অসমত এটা ইলেকট্ৰনিক কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছে৷ এই প্ৰকল্পটোৱে ৰাজ্যৰ অৰ্থনীতি আৰু নিয়োগ ক্ষেত্ৰখনলৈ অভাবনীয়  পৰিৱৰ্তন কঢ়িয়াই আনিব৷ আজিৰ তাৰিখলৈ ৰাজ্যত ব্যক্তিগতখণ্ডৰ দ্বাৰা এইটোৱে হ’ব সৰ্ববৃহৎ বিনিয়োগ৷ এনে প্ৰকল্পসমূহৰ জৰিয়তে সমৃদ্ধশালী অসম গঢ়াৰ দিশত অধিক আগবাঢ়িব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সামাজিক মাধ্যমক যোগে টাটা গোষ্ঠীৰ এই বৃহৎ বিনিয়োগৰ কথা প্ৰকাশ কৰাৰ সমান্তৰালভাৱে শনিবাৰে এক অনুষ্ঠানতো এই সন্দৰ্ভত  বিতং তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–টাটা ইলেকট্ৰনিকছ লিমিটেডে ভাৰত চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিছে জাগীৰোডত এটা ইলেকট্ৰনিক চেণ্টাৰৰ স্থাপনৰ বাবে৷ বহুত দিনৰ পৰা আমাৰ মনত প্ৰশ্ন আছিল যে আমাৰ ইয়াত ইলেকট্ৰনিকছ আৰু আইটিত বিনিয়োগ কিয় নহয়৷ প্ৰায় ৪০ হাজাৰ কোটি টকা ব্যয়ৰ প্ৰস্তাব তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰিছে৷ ছেমি কনডাক্টৰৰ এচেম্বল আৰু পেকেজিং হ’ব৷ অসম চৰকাৰৰ লগত কথা বতৰা হোৱাৰ পাচত আমাৰ কথাত সন্তুষ্ট হৈ তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰে ভাৰত চৰকাৰৰ লগত তেওঁলোকৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে অসমত বৃহৎ বিনিয়োগ হ’ব৷ অতি নীৰবে আমি এই কাম কৰি আহিছো৷ প্ৰথমবাৰৰ বাবে টাটাৰ দৰে এটা অনুষ্ঠানে অসমত ইলেক্টªনিক উদ্যোগ স্থাপনৰ বাবে আবেদন কৰিছে৷ তেওঁলোকে জাগীৰোডত এই উদ্যোগ স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে৷ যদি এই প্ৰক্ৰিয়া আগবঢ়াই নিব পৰা যায় তেন্তে অসমৰ উদ্যোগীকৰণত এটা নতুন পৰিৱেশৰ সৃষ্টি হ’ব৷ ভাৰত চৰকাৰৰ লগত আমিও যোগাযোগ কৰি আছো যাতে সোনকালে প্ৰস্তাবটোত অনুমোদন হয়৷ অহা এমাহ-ডেৰমাহৰ ভিতৰত ভাল খবৰ শুনিব পাৰিম বুলি আশা কৰিছো৷ উদ্যোগ হওক নহওক, টাটাই আমাক জনাইছে যে ৰ হাজাৰ যুৱক-যুৱতী তেওঁলোকক লাগে৷ তেওঁলোকে ইতিমধ্যে এহাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিব বিচাৰিছে যাতে এই উদ্যোগটো হ’লে অসমৰ প্ৰশিক্ষিত যুৱক-যুৱতীকে নিয়োগ কৰিব পাৰে৷ এই উদ্যোগটোত বহু বেছি মানব শক্তিৰ প্ৰয়োজন হ’ব৷ উল্লেখ্য যে চলিত বছৰৰ আগষ্ট মাহত চেমিকণ্ডাক্টৰৰ কাৰখানা স্থাপনৰ ক্ষেত্ৰত অনুমোদন দিছিল কেবিনেট বৈঠকে৷ ইয়াৰ পিছৰ পৰাই টাটা গ্ৰুপৰ সৈতে কথা বতৰা আৰম্ভ হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সামাজিক মাধ্যমত ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসাও কৰে৷ মৰিগাঁও জিলাৰ জাগীৰোডত থকা নগাঁও কাগজ কলৰ ভূমিতে টাটা গ্ৰুপে এই উদ্যোগটো স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছে৷ অসম চৰকাৰেও টাটা গোষ্ঠীক এই বৃহৎ পৰিসৰৰ ভূমি গতাই দিবলৈ ইতিমধ্যে সাজু হৈছে৷ প্ৰায় ৫৫০ একৰ মাটিকালিৰ এই উদ্যোগিক ভূমিখণ্ডক কেন্দ্ৰ কৰি চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত ইতিমধ্যে বহু পৰিকল্পনা কৰা হৈছে৷ আনকি ২০২২ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কেবিনেট বৈঠকে এই ভূমিত এখন চেটেলাইট টাউন শ্বিপ গঢ়ি তোলাৰো প্ৰস্তাবত অনুমোদন জনাইছিল৷ এই ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল নানা জল্পনা-কল্পনাৰো৷ এনে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম চৰকাৰে এই বৃহৎ ভূমিখণ্ড টাটা গ্ৰুপক দিবলৈ আগবাঢ়িছে অসমৰ উদ্যোগিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে৷