Logo
image

জালিয়াতিৰে এনআৰচিত অন্তৰ্ভুক্তক কৰ্তন কৰা হ’ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰঃ নামনি আৰু মধ্য অসমৰ বহু অসমীয়াই নিজৰ মাটি গতাই দিলে অনুপ্ৰৱেশকাৰীক৷ বহু অসমীয়া পৰিয়ালে আৰ্থিকভাৱে মূল্যায়ন কৰি নিজৰ মাটি-বাৰী বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ হাতত বিক্ৰী কৰিছে৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত অনুষ্ঠিত শ্বহীদ দিৱসত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–শ্বহীদৰ ত্যাগক কোনো আৰ্থিক সাহায্যৰে তুলনা কৰিব নোৱাৰি৷ চৰকাৰে শ্বহীদসকলৰ পৰিয়ালক সংস্থাপন তথা তেওঁলোকৰ কাষত  থিয় হ’বলৈ শ্বহীদ আৰু  নিৰ্যাতিত ন্যাস গঠনকে ধৰি বহু প্ৰচেষ্টা হাতত লৈছে৷ অতি কম সময়ৰ ভিতৰতে এই শ্বহীদ স্মাৰক ক্ষেত্ৰত নিৰ্মাণ হৈ উঠিবলগীয়া শ্বহীদ স্তম্ভ আৰু শ্বহীদ উদ্যানখনেও  জাতিটোক ভৱিষ্যতৰ যুঁজসমূহৰ বাবে সাহস আৰু প্ৰেৰণা যোগাই যাব৷ অসম আন্দোলনত অংশগ্ৰহণ কৰি বহুতে ৰাজনৈতিক জীৱন আৰম্ভ  কৰিছে৷ ১৯৭৯ চনৰ ৯ ডিচেম্বৰৰ দিনা  পুৱতি নিশা লাখটকীয়াৰ পৰা বেগম আবিদা আহমেদৰ নিৰ্বাচনী প্ৰক্ৰিয়া যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁক বাধা দিবলৈ প্ৰচেষ্টা কৰা সকলৰ ভিতৰত আমি বহুজন আছিলো আৰু অসম আন্দোলনৰ বহু শ্বহীদৰ লগত আমি একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত গুলীবিদ্ধ হৈ চিকিৎসাৰ বাবে  অহা সেই সাহসী যুৱকসকলৰ স্মৃতিয়ে এতিয়াও আমাক প্ৰেৰণা দিয়ে৷ অসমক সকলো ফালৰ পৰা সুৰক্ষিত কৰাৰ বাবে সদায়ে দায়বদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ৷ অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ প্ৰাপ্তি আৰু এই আন্দোলনৰ ফলত জাতিটো কিমান সুৰক্ষিত হ’ল তাৰ বিষয়ে কৰ’বাত নহয়, কৰ’বাত আলোচনা, বিতৰ্কৰ অৱকাশ সদায় থাকি গৈছে৷  অসম চুক্তিখনে আমাৰ জাতিটোক কিমান সুৰক্ষিত কৰিলে তাৰ ওপৰতো প্ৰশ্নবোধক চিন থাকি গৈছে৷ যদি প্ৰতিজন অসমীয়াই নিজৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে কাম কৰে, নিজক মনে-প্ৰাণে প্ৰস্তুত কৰি তোলে তেতিয়া এই শক্তিশালী জাতিটোক কোনেও দুৰ্বল কৰিব নোৱাৰিব৷ কিন্তু অসম আন্দোলনৰ পিছত আজি আমি নিজকে নিজে প্ৰশ্ন সোধাৰ সময় আহি পৰিছে৷ নামনি আৰু মধ্য অসমত বহু অসমীয়া পৰিয়ালে আৰ্থিকভাৱে মূল্যায়ন কৰি নিজৰ মাটি-বাৰী বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ হাতত বিক্ৰী কৰিছে৷ বিক্ৰী কৰাৰ স্বাধীনতা আছে কিন্তু অসমীয়াই হেৰুৱা ভূমিৰ প্ৰতিটো কণাই আমাক প্ৰশ্ন সুধিব যে কেৱল মাত্ৰ কেইটা মান টকাৰ কাৰণে অসমৰ এই পৱিত্ৰ ভূমি তেওঁলোকৰ হাতত তুলি দিয়াৰ আমাৰ নৈতিক অধিকাৰ আছে নে!  শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ অমৰ মৃত্যু আৰু বলিদানৰ এই পৱিত্ৰ মুহূৰ্তত নিজ ভূমি কেতিয়াও আমি সন্দেহযুক্ত বিদেশীক বিক্ৰী নকৰোঁ বুলি সংকল্পবদ্ধ হ’বৰ বাবে আহ্বান জনাই তেওঁ কয় যে অসম আন্দোলনে আমাৰ মাজত আৱেগৰ এক প্ৰচণ্ড ঢৌ সৃষ্টি কৰিছিল, সমানেই এই আন্দোলন যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আছিল৷  সেই কাৰণে অসম আন্দোলনৰ সমান্তৰালভাৱে এচাম অসমীয়াই অসমক স্বাৱলম্বী কৰাৰ সপোন দেখিছিল৷ অসম আন্দোলনৰ সময়ছোৱাত বজাৰে-হাটে অসমীয়া ডেকা ল’ৰা সকলে দোকান-পোহাৰ স্থাপন কৰি স্বাৱলম্বিতাৰ উৎকৃষ্টতম নিদৰ্শন দেখুৱাইছিল৷ কিন্তু বৰ্তমান এচাম অসমীয়াৰ কৰ্ম বিমুখীতাৰ সুযোগ লৈ অসমৰ নগৰ-চহৰৰ মুখ্যস্থানসমূহত সন্দেহযুক্ত বিদেশী লোকসকলে ব্যৱসায় কৰা আৰম্ভ কৰিছে৷ স্বাৱলম্বিতাৰ আদৰ্শ অসমৰ ৰাইজে, অসমৰ যুৱ শক্তিয়ে আকৌ এবাৰ নিজৰ জীৱনত সমাহিত কৰি আমাৰ জাতিটোক অৰ্থনৈতিক উন্নয়নৰ নতুন দিগন্তলৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰাৰ সময় সমাগত৷ আমাৰ জাতিটোক অৰ্থনৈতিকভাৱে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ এখন প্ৰচণ্ড সংগ্ৰাম আমি আৰম্ভ কৰিব পাৰো তেতিয়াহে অসমত আমি সোনকালে অসম আন্দোলনৰ শ্বহীদসকলৰ সপোনবোৰ সাৰ্থক কৰিব পাৰিম৷ যোৱা আঢ়ৈ বছৰত বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে৷ এই সময়ছোৱাত ৰাজ্য চৰকাৰে ৬৮ হাজাৰ বিঘা মাটি সন্দেহযুক্ত বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান চৰকাৰে জাতিটোৰ সুৰক্ষাৰ বাহিৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাৱে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুৱা তথ্য-পাতিৰে নাম অন্তৰ্ভুক্ত কৰা ব্যক্তিসকলক চিনাক্তকৰণৰ কৰাৰ বাবে পুনৰ এবাৰ সংঘবদ্ধ প্ৰচেষ্টা লোৱাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷  জালিয়াতিৰে এন আৰ চিত নাম ভৰালে বহুজনে৷ এন আৰ চিত যিসকলে জালিয়াতিৰে নাম সোমাইছিল জালিয়াতিৰ তথ্য পোহৰলৈ আনি তেনে নামসমূহ কৰ্তন কৰা হ’ব৷ ভূমিৰ অধিকাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে মাজুলী, বৰপেটা, বটদ্ৰৱা অঞ্চলৰ ভূমি স্থানীয় লোকৰ বাহিৰে যাতে আনকোনেও ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়নৰ বাবে চৰকাৰ ইতিমধ্যে কামত অগ্ৰসৰ হৈছে৷ বৰ্তমানৰ অসম চৰকাৰৰ বহু অসমীয়া বিষয়াই অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে কাম কৰা দেখা যায়৷ ৰাজহ বিভাগত কাম কৰা বহু বিষয়াই জাতিটোক দুৰ্বল কৰাৰ প্ৰচেষ্টা যোৱা কিছুদিনত নিৰন্তৰভাৱে দেখিবলৈ পোৱা গৈছে৷ জাতীয় চেতনাৰ অভাৱ থকা এচাম চৰকাৰী বিষয়াই জাতিটোক আটাইতকৈ দুৰ্বল কৰিছে৷ সামাজিক প্ৰতিৰোধৰ বিকল্প নাথাকে৷ সমাজে যেতিয়া অৰ্থনীতি হাতত লয়, সমাজে যেতিয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লয়, তেতিয়া জাতি শক্তিশালী হয়৷ সামাজিক প্ৰতিৰোধ আৰু সামাজিক বিকাশ এই দুয়োটা কামত চৰকাৰ আৰু জাতিয়ে হাতত হাত ধৰি আগবাঢ়িলে জাতিৰ প্ৰগতি আৰু বিকাশক কোনেও ৰুধিব নোৱাৰে৷ শ্বহীদ দিৱসৰ এই পৱিত্ৰক্ষণত সমগ্ৰ অসমীয়া জাতিক প্ৰতিটো কাম আৰু উদ্দেশ্য সাধন কৰিবলৈ যাওঁতে জাতিটোৰ ভৱিষ্যতৰ বাবে  যাতে প্ৰতিটো মুহূৰ্ততে মনত ৰাখে তাৰ বাবে আহ৩ান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ঘাট-প্ৰতিঘাটৰ মাজতো অসম জীয়াই আছিল আৰু জীয়াই থাকিব৷ মুখ্যমন্ত্ৰীয়ে আজি নিৰ্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অনুষ্ঠানত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্যক সম্বদ্ধৰ্না জ্ঞাপন কৰে৷  অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ন কলিতা, পৰমানন্দ ৰাজবংশী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিতসকলৰ পৰিয়ালবৰ্গ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷