Logo
image

বিজেপিৰে মিত্ৰতা ভাগিলে কৌশল সলাব অগপই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰঃ লোকসভাৰ আগন্তুক নিৰ্বাচনত মিত্ৰদল অগপক কেইখন আসন এৰিৰ দিব বিজেপি হাইকমাণ্ডে? এই পৰ্যন্ত অগপ দলৰ শীৰ্ষ নেতৃত্বও এই সন্দৰ্ভত নিশ্চিত নহয় যদিও লোকসভাৰ অন্ততঃ এখন আসনত অগপ দলক জয়ী  কৰি অনাৰ দায়িত্ব লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ লোকসভাৰ নিৰ্বাচনত অগপ দলে অতি কমেও ৫টা সমষ্টি বিজেপিৰ পৰা দাবী কৰিছে যদিও বৰ্তমানলৈ বিজেপি হাইকমাণ্ডে এই ক্ষেত্ৰত ৰহস্যজনক নিৰবতাহে অৱলম্বন কৰিছে৷ কিন্তু আশা কৰা মতে বিজেপি দলৰ পৰা যদি অগপই আসন লাভ নকৰে তেন্তে আঞ্চলিকতাবাদী দলটোৰ ভৱিষ্যত ৰণকৌশল কি হ’ব? ‘কা’ আন্দোলনৰ সময়ত অগপ দলে ৰাইজৰ হেচাৰ ওচৰত সেও মানি বিজেপিৰে মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা ওলাই আহিছিল যদিও পৰৱৰ্তী সময়ত পুনৰ বিজেপিৰে লগ লাগে আৰু চৰকাৰৰ অংশীদাৰ হয়৷ বিগত সময়ছোৱাত অগপৰ সভাপতি অতুল বৰাক আসন বুজাবুজি সন্দৰ্ভত সাংবাদিকে যেতিয়াই প্ৰশ্ন সোধে মন্ত্ৰী বৰাই তেতিয়াই সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈ প্ৰত্যাক্ৰমণ আৰম্ভ কৰি দিয়াটো চৰ্চাৰ বিষয় হৈ পৰিছে৷ আসন ভাগবটৰোৱাক কেন্দ্ৰ কৰি অগপৰ অধিকাংশ নেতা-কৰ্মী আদিও সন্ধিহান হৈ আছে৷ ইয়াৰ মাজতে দলটোৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত দেওবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয়–‘আসন ভাগ বটৰোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য ভূমিকা গ্ৰহণ কৰিব৷ তেওঁৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে৷ মিত্ৰতাৰ চূড়ান্ত ৰূপ ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব৷ ৰাষ্ট্ৰীয় পৰ্যায়তে আসন ভাগবটৰোৱাই চূড়ান্ত ৰূপ পাব৷ যেতিয়ালৈকে বিজেপিৰে মিত্ৰতা থাকে তেতিয়ালৈকে আমি ঠিকে আছো৷ যদি মিত্ৰতা নাথাকে তেতিয়া আমাৰ ৰণকৌশল বেলেগ হ’ব৷’ মন্ত্ৰী মহন্তৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে আসনৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ বিজেপিৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় অগপ৷ সেয়ে বিজেপিৰে মিত্ৰতা ভাঙিলে নিজৰ ৰণকৌশলো সলনি কৰিব দলটোৱে৷