Logo
image

মাঘত আকৌ যুঁজিব গোনা ম'হেঃ হাজোৰ বুলবুলি চৰাইৰ যুঁজ পুনৰ অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ডিজিটেল সংবাদ, হাজোৰ প্ৰতিবেদকঃ ঐতিহ্যমণ্ডিত হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত বন্ধ হৈ থকা পৰম্পৰাগত বুলবুলি চৰাই যুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে মন্দিৰ পৰিচালনা সমিতি আৰু বুলবুলি চৰাই খেল পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰে পৰা ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হৈ আহিছিল বুলবুলি চৰাইৰ যুঁজ।

কথিত অনুসৰি, চৈধ্য শতিকাৰ পৰা প্ৰত্যক বছৰৰ মাঘ মাহৰ মকৰ সংক্ৰান্তিৰ দিনা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ‌ বাকৰিত অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ। প্ৰকৃতিপ্ৰেমী সংগঠনে ন্যালয়ত গোচৰ তৰাত ২০১৫ চনত ন্যায়ালয়ে বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰে। তেতিয়াৰে পৰা বন্ধ হৈ আছে ঐতিহাসিক ৰজাদিনীয়া এক পৰম্পৰা।  

যোৱা ৮ ডিচেম্বৰত ৰাজ্যিক কেবিনেটে মʼহ যুঁজ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে হাজোবাসী ৰাইজে। ইয়াৰ বিপৰীতে মাঘৰ মকৰ সংক্ৰান্তিৰ দিনা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ খেলক লৈ কোনো সিদ্ধান্ত নোলোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতি, পুৰোহিত সমাজৰ লগতে স্থানীয় ৰাইজে। হাজোবাসী ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক বুলবুলি খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লʼবলৈ আহ্বান জনায়। ইপিনে ৰজাদিনীয়া বুলবুলি চৰাইৰ খেলখন তীৰ্থনগৰী হাজোৰ গৌৰৱ বুলি মন্তব্য কৰে দলৈ শিৱ প্ৰসাদ শৰ্মাই।