Logo
image

গাদী হেৰুৱালে মামাইঃ কি হ'ব ৰাজনৈতিক ভৱিষ্যৎ?

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ছত্তীশগড়ৰ পিছত ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম৷ শিৱৰাজ সিং চৌহানক গাদীৰ পৰা আঁতৰাই মোহন যাদৱক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই৷


মুখ্যমন্ত্ৰীৰ গাদী যোৱাৰ পিছতে মৰমৰ ভগ্নীৰ 'মামা' অৰ্থাৎ শিৱৰাজ সিং চৌহানৰ ৰাজনৈতিক ভৱিষ্যৎ কি হ'ব, তাক লৈ বিভিন্ন প্ৰশ্নৰ উৎত্থাপন হৈছে৷ শিৱৰাজ সিং চৌহান এতিয়া ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় থাকিব নে দলৰ হাইকমাণ্ডে তেওঁক দিল্লীলৈ মাতি পঠাব? - এনে বিভিন্ন পৰ্শ্নৰ উত্থাপন হৈছে৷ ইয়াৰ মাজতে শিৱৰাজে কৈছে যে তেওঁ দিল্লীলৈ যাব নিবিচাৰে। তেওঁ কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ ২৯ খন আসনৰ ভিতৰত ২৮ খন আসনত জয়ী হৈচিল আৰু ছিন্দৱাৰা আসনত পৰাজিত হৈছিল। তেওঁ '২৪ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২০১৯ত পৰাজয় হোৱা আসনখন উপহাৰ দিব বিচাৰে। 

বিধানসভা নিৰ্বাচনত ব্যাপক বিজয়ৰ পিছত শিৱৰাজ সিঙে এইটোও স্পষ্ট কৰি দিছিল যে তেওঁ মুখ্যমন্ত্ৰী পদৰ দৌৰত নাই।যাৰ বাবে এইটো অনুমান কৰা হৈছে যে শিৱৰাজ সিঙক দিল্লীলৈ মাতি অনা হ'ব পাৰে আৰু তেওঁ কেন্দ্ৰীয় চৰকাৰতো মন্ত্ৰীপদ লাভ কৰিব পাৰে। উল্লেখ্য যে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত জয়ী হোৱা নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ সিং পেটেলে কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰিছে। দুয়োগৰাকী নেতাই মধ্যপ্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব বুলি নিশ্চিত হৈছে। এনে পৰিস্থিতিত, শিৱৰাজ সিঙক এই নেতাসকলৰ ঠাইত মন্ত্ৰীপদ প্ৰদান কৰাৰ সম্ভাৱনা আছে৷