Logo
image

নিশাটোৰ ভিতৰতে ফুলিল কঁপালঃ ১০০ টকীয়া লটাৰীৰ টিকট কিনি ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰ'ভাৰৰ মালিক হ'ল ট্ৰেক্টৰ চালক ইনজামামুল

ডিজিটেল সংবাদ, হাউলীঃ নিশাটোৰ ভিতৰতে লাখপতি হʼল হাউলীৰ এজন ট্ৰেক্টৰ চালক। বহু প্ৰত্যাশিত হাউলী ৯৬ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ  উদ্যোগত 'বহুমুখী সাংস্কৃতিক প্ৰকল্প, হাউলী' নিৰ্মাণৰ সাহায্যাৰ্থে দেওবাৰে ৰাতি উপহাৰ কুপনৰ খেলখন অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই নিৰ্বাচিত বিচাৰক মণ্ডলীৰ উপস্থিতিত ৰাস মহোৎসৱস্থলীত অনুষ্ঠিত হয়। উপহাৰ কুপন খেলৰ  পুৰস্কাৰ হিচাপে ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰ'ভাৰকে আদি কৰি নামী-দামী কোম্পানীৰ ২১খন চাৰিচকীয়া বাহন। ইয়াৰে প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ'ভাৰ লাভ কৰিলে 478659 নম্বৰ টিকট ক্ৰয় কৰা হাউলীৰ উত্তৰ কালঝাৰৰ আব্দুল হকৰ পুত্ৰ ইনজামামুল হকে। পুৰষ্কাৰ বিজেতা হক পেচাত এজন ট্ৰেক্টৰ চালক।