Logo
image

কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপনলৈ মোদীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১২ ডিচেম্বৰঃ দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে৷ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ জনমুখী আঁচনিসমূহকলৈ মোদীৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ আঁচনিসমূহে কিদৰে ৰাজ্যবাসীৰ আৰ্থ-সামাজিক উত্তৰণৰ বাট প্ৰশস্ত কৰিছে সেই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে৷ সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে মোদীক অসম ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়৷ অসম ভ্ৰমণৰ কালছোৱাত তেওঁক কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে যোৰহাটত প্ৰতিষ্ঠা কৰিবলগীয়া বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দেশবাসীলৈ উছৰ্গা কৰাৰ বাবে অনুৰোধ জনায়৷ লগতে তিনচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বাবেও মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসম ভ্ৰমণ কৰিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়৷ পাছত ৰাজ্য চৰকাৰে জাৰি কৰা এক প্ৰেছ বিবৃতি অনুসৰি অহাবছৰ অসম বাণিজ্য সন্মিলন অনুষ্ঠিত হোৱাৰ কথা৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীজনে  মোদীৰ পৰা পৰামৰ্শ বিচাৰে৷ কিদৰে অসমত ব্যক্তিগতখণ্ডৰ বিনোয়গৰ বাবে উদ্যোগপতিসকলক আকৰ্ষিত কৰিব পাৰি সেই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে৷ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে বাণিজ্য মেলাৰ প্ৰয়োজনীয়তাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে৷ উল্লেখ্য, দেওবাৰে সন্ধিয়া দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীজনে প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় ৰে’লমন্ত্ৰী তথা ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তিমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো সাক্ষাত কৰে৷ চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰে’ল ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমত ৰে’লৰ আন্তগাঁথনিৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ ৰে’লমন্ত্ৰীক আহ্বান জনায়৷ আনহাতে, কেন্দ্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তিমন্ত্ৰী হিচাপে বৈষ্ণৱে অসম চৰকাৰে গ্ৰহণ কৰা ছেমিকণ্ডাক্টৰ নীতিৰ ওপৰত কেইবাটাও পৰামৰ্শ প্ৰদান কৰে৷ উল্লেখ্য, সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীয়ে সংসদ ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো সাক্ষাত কৰে৷ অসমৰ সংৰ্বাগীণ বিকাশত বিত্তমন্ত্ৰীজনৰ থকা অৱদানৰ বাবে মুখ্যমন্ত্ৰীজনে তেওঁৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে, সীতাৰমণেও মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নেতৃত্বত অসমে যিদৰে প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে তাৰ বাবে শলাগ লয়৷ উল্লেখ্য, নিশাৰ ভাগত মুখ্যমন্ত্ৰীজনে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাত কৰাৰ কথা৷ দিল্লীত অসমীয়া কলা-সংস্কৃতিক দাঙি ধৰিব পৰাকৈ নিৰ্মাণ কৰিবলগীয়া ‘আছাম কমপ্লে’ক্সৰ বাবে ভূমিৰ আবণ্টনকলৈ মুখ্যমন্ত্ৰীয়ে ছাক্সেনাৰ সৈতে আলোচনা কৰিব বুলি জানিব পৰা গৈছে৷