Logo
image

পুঁজি নাই, নিহতৰ পৰিয়ালে আজিও নাপালে ক্ষতিপূৰণ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক দমনৰ নামত অসম আৰক্ষীয়ে ৫জন তেজাল যুৱকক গুলীয়াই হত্যা কৰা ঘটনাৰ ৪ বছৰ অতিক্ৰম কৰিলে৷ ‘কা’ বিৰোধী  আন্দোলনৰ বাবে ৰাজপথলৈ অহা হাতীগাঁৱৰ ছেম ষ্টেফ’ৰ্ডৰ লগতে দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিম, দীপাঞ্জল দাস নামৰ নিৰপৰাধী যুৱককেইজনো অসম আৰক্ষীৰ গুলীত শ্বহীদ হ’ল৷ ‘কা’ বিৰোধী আন্দোলনক প্ৰতিহত কৰাৰ বাবে কোন আৰক্ষী বিষয়া-জোৱানৰ গুলীয়ে ছেম, দীজেন্দ্ৰ, ঈশ্বৰ, আব্দুল আৰু দীপাঞ্জলহঁতৰ প্ৰাণ কাঢ়ি নিলে সেয়া আজিও চিনাক্ত নহ’ল৷ অৱশ্যে ছেম ষ্টেফ’ৰ্ডৰ হত্যাৰ ঘটনাত নাম সাঙোৰ খাই পৰা বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ লাভ নকৰিলে বুলি তদন্তকাৰী আৰক্ষীয়ে ক্লীনশ্বীট দি আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে যদিও আজিলৈকে শ্বহীদ ছেমৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় লাভ নকৰিলে৷ আটাইতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়টো হৈছে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ছেমৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল যদিও আইন সেৱা প্ৰাধিকাৰীৰ ফাণ্ডত ধন নথকাৰ বাবে বিগত এবছৰে ক্ষতিপূৰণ লাভ নকৰিলে ভুক্তভোগী পৰিয়ালটোৱে৷ পুত্ৰ শোকত জৰ্জৰিত ছেম ষ্টেফ’ৰ্ডৰ মাতৃ অসুস্থ হৈ আছে যদিও চৰকাৰৰ ক্ষতিপূৰণৰ আশাতেই বন্দী হৈ আছে পৰিয়ালটো৷ উল্লেখ্য, ২০১৯ চনৰ ১২ ডিচেম্বৰত আছু আৰু শিল্পী সমাজৰ আহ৩ানত চানমাৰিত অনুষ্ঠিত প্ৰতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে সন্ধিয়া হাতীগাঁও থানাৰ সমীপত আই পি এছ বিষয়া এছ এন সিঙৰ নেতৃত্বত অহা আৰক্ষীৰ এটা কনভয়ৰ পৰা গুলী চালনা কৰাৰ ফলত থিতাতে মৃত্যুক আকোঁৱালি লৈছিল ১৭ বছৰীয়া ছেম ষ্টেফ’ৰ্ড নামৰ ছাত্ৰজনে৷ ছেমৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত সেই সময়ত ছেমৰ পিতৃৰ লগতে প্ৰবীণ মহন্ত নামৰ এজন অধিবক্তাই হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল৷ ছেম হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু হোৱা চি আৰ ৪৩৩৯/২২ নম্বৰৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিগত বৰ্ষ ২৯ অক্টোবৰত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ এ কে বৰুৱাৰ আদালতে হত্যাকাৰী চিনাক্ত নোহোৱাত ভুক্তভোগী ছেমৰ পৰিয়ালৰ আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখি জিলা আইন সেৱা প্ৰাধিকাৰীক অসম চৰকাৰৰ ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত দণ্ডবিধি ধাৰা ৩৫৭ (এ) মৰ্মে ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল৷ এই নিৰ্দেশৰ ভিত্তিত প্ৰায় এমাহৰ পাছতেই ছেমৰ পৰিয়ালে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ ওচৰত ৮ লাখ টকা ক্ষতিপূৰণ বিচাৰি আৰ্জি দিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফাণ্ডত ধন নথকাত আজিলৈকে ছেমৰ পৰিয়ালে ফুটাকড়ি এটাও ক্ষতিপূৰণ হিচাপে লাভ কৰা নাই৷ আদালতৰ নিৰ্দেশনাৰ পাছতো চৰকাৰে ক্ষতিপূৰণৰ ধন মোকলাই নিদিয়াত শ্বহীদ ছেমৰ পৰিয়ালটোৱে আৰ্থিক অনাটনৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ লক্ষণীয়ভাৱে কেৱল ছেম ষ্টেফ’ৰ্ডেই নহয়, আদালতে বিভিন্ন গোচৰত ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া আনকি ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীসকলেও চৰকাৰী ফাণ্ডত ধন নথকাৰ পৰিপ্ৰেক্ষিতত বছৰ ধৰি ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উঠিছে৷