Logo
image

সন্মান ৰক্ষাৰ শেষ চেষ্টাৰে উচ্চতম ন্যায়ালয়ত মহুৱা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ ডিচেম্বৰঃ লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই অৱশেষত সন্মান ৰক্ষাৰ স্বাৰ্থতেই সেই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে৷ সোমবাৰে তেওঁ লোকসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰে৷ উল্লেখ্য ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰা বুলি বিজেপিৰ ঝাৰখণ্ডৰ সাংসদ নিশিকান্ত ডুবেই জনোৱা আবেদনৰ ভিত্তিত মহুৱা মৈত্ৰক লোকসভাৰ পৰা বৰ্খাস্ত কৰা হৈছিল৷ অৱশ্যে এতিয়ালৈকে তেওঁ প্ৰশ্ন কৰাৰ বিনিময়ত ধন লোৱাৰ কোনো প্ৰমাণ লাভ কৰা নাই৷ মহুৱা মৈত্ৰই তেওঁৰ ব্যৱসায়ী বন্ধু দৰ্শন হীৰানন্দানিৰ পৰা প্ৰসাধন সামগ্ৰী উপহাৰ হিচাপে লোৱা বুলি আৰু লোকসভাৰ ৱেবছাইটৰ আইডি-পাছৱৰ্ড দিয়া বুলি স্বীকাৰ কৰিছিল৷ তেওঁৰ অভিযোগ সন্দৰ্ভত লোকসভাৰ এথিক্স কমিটীয়ে তদন্ত কৰে আৰু যোৱা শুকুৰবাৰে সেই প্ৰতিবেদন লোকসভাত দাখিল কৰাত ধবনি ভোটত মহুৱা মৈত্ৰক দোষী সাব্যস্ত কৰি লোকসভাৰ পৰা বহিষ্কাৰ কৰে৷ এই মুহূৰ্তত মহুৱা মৈত্ৰৰ বাবে উচ্ছতম ন্যায়ালয়ত লোকসভাৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনোৱাৰ বাহিৰে কোনো বিকল্প নাই৷ সেই বিকল্পৰ আশ্ৰয় লৈয়েই মহুৱা মৈত্ৰ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ এয়া তেওঁৰ বাবে সন্মান ৰক্ষাৰ শেষ চেষ্টা হিচাপে বিবেচিত হৈছে৷