Logo
image

হাতত লাখ টকাকৈ লৈ ৰাজীৱ ভৱনত ভিৰ প্ৰাৰ্থীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰঃ প্ৰদেশ কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে টিকটৰ বাবদ এক লাখ টকাকৈ  আবেদন মাচুল নিৰ্ধাৰণ কৰাক লৈ শাসকীয় দল বিজেপি আৰু ইউ ডি এফে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে৷ তাৰ মাজতে লোকসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ কৰিছে কংগ্ৰেছৰ বহু নেতা-নেত্ৰী৷ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ ঢাপলি মেলিছে কংগ্ৰেছৰ বহু নেতা-নেত্ৰীয়ে৷ কোনোবা যদি ৰাজীৱ ভৱনত উপস্থিত হৈছে আন কোনোবাই ৰাজীৱ ভৱনলৈ সদল বলে আহিবলৈ যো-জা চলাইছে৷ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত বিতৰণ কৰা হয় ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ টিকটৰ আবেদন প্ৰ-পত্ৰ৷ সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিপৰীতে আবেদন পত্ৰ সংগ্ৰহ কৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, জ্যেষ্ঠ নেতা ৰমেন চন্দ্ৰ বৰঠাকুৰে৷ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰে মাধৱ ৰাজবংশী আৰু ৰমেন চন্দ্ৰ বৰঠাকুৰে৷ বৰপেটা লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰে অৰুণ তিৱাৰী, ৰাতুল কলিতা আৰু প্ৰাণজিৎ দাসে৷ যোৰহাট লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰে বনশ্ৰী গগৈয়ে৷ শিলচৰ লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰে সৌম্যকান্তি পুৰকায়স্থই৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিছে চালামুদ্দিন চৌধুৰীয়ে৷ লখিমপুৰ সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিছে প্ৰহ্লাদ চাৰোৱা আৰু ৰঞ্জিতা পেগুৱে৷ ধুবুৰী লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিছে ৱাজেদ আলী চৌধুৰীয়ে৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিছে বেনুধৰ নাথে৷ কংগ্ৰেছৰ টিকটৰ বাবে আবেদন মাচুল এক লাখ টকা নিৰ্ধাৰণ কৰাক লৈ প্ৰতিপক্ষই কঠোৰ সমালোচনা কৰিছে যদিও কংগ্ৰেছৰ নেতা-কৰ্মী দুগুন উৎসাহেৰে ৰাজীৱ ভৱনত ভিৰ কৰিছে টিকটৰ বাবে আবেদন ল’বলৈ৷