Logo
image

সাংস্কৃতিক মানচিত্ৰৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১২ ডিচেম্বৰঃ অসমৰ পৰম্পৰাগত কলা-সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুতি প্ৰকল্প সন্দৰ্ভত সাধাৰণ পৰামৰ্শক সমিতিৰ প্ৰথমখন বৈঠক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ সভাপতিত্বত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড॰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হয়৷ সভাত ভাগ লৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই চমু ভাষণত ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰে বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য তথা ইতিহাস সামৰি প্ৰস্তুত হ’ব লগা এই সাংস্কৃতিক মানচিত্ৰৰ বাবে তথ্য সংগ্ৰহৰ সময়ত অৰ্থ নৈতিক দিশটোৰ ওপৰত গুৰুত্ব দিবলৈ বিশেষজ্ঞ সকলক আহ্বান জনায়৷ আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ শক্তি অনন্য বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় - সামাজিক সম্পৰ্ক তথা সামাজিক বান্ধোন আমাৰ পৰম্পৰাৰে অভিন্ন অংগ৷ স্পৰ্শনীয় আৰু  অস্পৰ্শনীয় সাংস্কৃতিক পৰম্পৰাৰ পৰা ভবিষৎ প্ৰজন্মই কি শিকিব বা অনুকৰণ কৰিব তাৰ ওপৰতো এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হব৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সমাজৰ সকলো দিশ হৃদয়ঙ্গম কৰি কাম কৰি আছে৷ সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতিৰ কাম সম্পন্ন হলে প্ৰতিখন জিলাতে একোটাকৈ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে৷ ৰাজ্যৰ প্ৰতিখন জিলাক সামৰি জিলা ভিত্তিক হ’ব লগা সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ইতিমধ্যে তিনিখন উচ্ছস্তৰীয় সমিতি গঠন কৰা হৈছে৷ শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰ সমাজৰ অধীনত প্ৰস্তুত হ’ব লগা এই সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰথম সাধাৰণ পৰামৰ্শক সমিতিৰ বৈঠকত উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে৷ ইয়াৰ পাছত প্ৰস্তুত হ’ব লগা সাংস্কৃতিক মানচিত্ৰৰ ৰূপৰেখা সন্দৰ্ভত পি পি টি প্ৰদৰ্শন কৰে প্ৰদীপ পূজাৰীয়ে৷ সভাত সাংস্কৃতিক মানচিত্ৰ প্ৰকল্প সঞ্চালক ড॰ সুনীল কুমাৰ দত্তই প্ৰকল্প সন্দৰ্ভত বিষদ ব্যাখ্যা আগবঢ়ায়৷ নিজ অভিমত ব্যক্ত কৰি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীয়ে পৰম্পৰা হেৰাই গলে জাতিটোৱেই বৰ্তি নাথাকিব বুলি বক্তব্য আগবঢ়ায়৷ সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, বিধায়ক ড॰ পৰমানন্দ ৰাজবংশী, সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, অভিনেতা প্ৰাঞ্জল শইকীয়া, চিত্ৰশিল্পী কিশোৰ কুমাৰ দাস, ড॰ উপেন ৰাভা হাকাচাম, ড॰ মালিনী গোস্বামী, শিল্পী ৰঞ্জিত গগৈ, শিল্পী পুলক বেনাৰ্জীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে ভাগ লৈ নিজস্ব পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ্য যে ইতিমধ্যে বিশেষজ্ঞ সমিতিয়ে প্ৰাথমিক পদক্ষেপ হিচাপে তিৱা জনগোষ্ঠীৰ পৰম্পৰাৰ সন্দৰ্ভত এক ক্ষেত্ৰ অধ্যয়ন সম্পাদন কৰিছে৷