Logo
image

ভাৰতীয় দলত অসমৰ ২ ফুটবলাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰঃ অসমৰ ফুটবলৰ বাবে সুখবৰ৷ আসন্ন এএফচি এছিয়ান কাপৰ বাবে ঘোষণা কৰা ভাৰতৰ সম্ভাব্য দলত স্থান পাইছে অসমৰ দুজন ফুটবলাৰে৷ তেওঁলোক হৈছে ২৬ বছৰীয়া মিডফিল্ডাৰ বিনীত ৰায় আৰু ২০ বছৰীয়া ষ্ট্ৰাইকাৰ পাৰ্থিৱ গগৈ৷ এছিয়ান কাপ ১২ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ডোহাত অনুষ্ঠিত হ’ব৷ ভাৰতীয় ছিনিয়ৰ দলৰ মুখ্য প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকে মঙলবাৰে টুৰ্নামেণ্টখনৰ বাবে ৫০জনীয়া সম্ভাব্য ৰাষ্ট্ৰীয় দলটো ঘোষণা কৰিছে৷ ভৰিৰ আঘতত ভুগি থকা নিৰ্ভৰযোগ্য চেণ্ট্ৰেল ডিফেণ্ডাৰ আনোৱাৰ আলী টুৰ্নামেণ্টৰ পৰা বাদ পৰিছে৷ উল্লেখ্য, টাটা ফুটবল একাডেমী, গোৱাৰ ডেম্পো স্প’ৰ্টছ ক্লাব, কেৰালা ব্লাষ্টাৰ্ছ, মিনাৰ্ভা পঞ্জাব, ওড়িশা আৰু বৰ্তমান মুম্বাই চিটী এফ চিৰ হৈ খেলা বিনীত ৰায় ইতিমধ্যে ৰাষ্ট্ৰীয় ফুটবলত পৰিচিত হৈ পৰিছে৷ আনহাতে, শিৱসাগৰৰ পাৰ্থিৱ পেটেলে খেলে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ৷ সদ্যসমাপ্ত ডুৰাণ্ড কাপত শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰি পাৰ্থিৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷

উল্লেখ্য, এ এফ চি এছিয়ান কাপ চলিত বৰ্ষত চীনত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ভিডৰ বাবে টুৰ্নামেণ্টখন ডোহালৈ স্থানান্তৰ কৰা হয়৷ ভাৰতীয় দলটো ৩০ জানুৱাৰীত ডোহালৈ ৰাওনা হ’ব আৰু কাটাৰত তেওঁলোকে প্ৰস্তুতি চলাব৷ ডোহালৈ ৰাওনা হোৱাৰ পূৰ্বে ভাৰতৰ ২৫জনীয়া দল ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ এছিয়ান কাপৰ ‘বি’ গ্ৰুপত ভাৰতৰ সৈতে আছে অষ্ট্ৰেলিয়া, উজবেকিস্তান আৰু ছিৰিয়া৷ তিনিওটা শক্তিশালী দল৷ ভাৰতে অষ্টে˜লিয়াৰ বিৰুদ্ধে ১৩ জানুৱাৰীত, উজবেকিস্তানৰ বিৰুদ্ধে ১৮ জানুৱাৰীত আৰু ছিৰিয়াৰ বিৰুদ্ধে ২৩ জানুৱাৰীত প্ৰতিদ্বন্দ্বিতা কৰিব৷ এছিয়ান কাপত ভাৰতে পঞ্চমবাৰৰ বাবে ভাগ ল’ব৷ ইয়াৰ পূৰ্বে দলটোৱে খেলিছিল ১৯৬৪, ১৯৮৪, ২০১১ আৰু ২০১৯ চনত৷ ১৯৬৪ চনত ভাৰত ফাইনেলত পৰাস্ত হৈছিল৷