Logo
image

শিলিগুৰি পালেহি চীন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ ডিচেম্বৰঃ ভাৰত-চীন-ভূটানৰ সীমাত অৱস্থিত ডোকলামক লৈ ভাৰতীয় সেনাবাহিনী আৰু চীনৰ পিএলএৰ উত্তেজনাপূৰ্ণ মুখামুখি অৱস্থানৰ ঘটনাৰ ৬ বছৰ পাছত ৰঙাচীনে পুনৰ ভূটানৰ এটা অংশত সেনাৰ শিবিৰ আৰু গাঁও নিৰ্মাণ কৰিছে, য’ৰ পৰা ভাৰতৰ শিলিগুৰিৰ দূৰত্ব নিচেই কম৷ ভাৰতৰ মূল অংশৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ ৰক্ষাকাৰী এই শিলিগুৰি কৰিডৰ দেশৰ বাবে ৰণকৌশলগত দিশত অতি স্পৰ্শকাতৰ হোৱাৰ বাবেই চীনৰ এই আগ্ৰাসী নিৰ্মাণে নতুন দিল্লীক উদ্বিগ্ন কৰি তুলিছে৷ বাংলাত ‘বাঘে কান্ধৰ ওপৰত নিশ্বাস পেলোৱা’ বুলি ক’লে যি পৰিস্থিতি বুজোৱা হয়, এতিয়া চীনে ভূটানৰ জাকাৰলুং উপত্যকাত দ্ৰুতগতিত সেনাৰ ছাউনী আৰু গাঁও নিৰ্মাণ সম্পন্ন কৰাটো ভাৰতৰ বাবে চীনা ড্ৰেগন দেশৰ সীমান্তত উপস্থিত হোৱাৰ দৰে কথা৷ কিয়নো ঠেক শিলিগুৰি কৰিডৰে ভাৰতৰ বৰ্হিঅংশৰ সৈতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰি ৰাখিছে৷ ইয়াৰে অৰুণাচল প্ৰদেশৰ বৃহৎ ভূমিখণ্ডৰ ওপৰত চীনে অহৰহ দাবী জনাই আছে৷ তেনে পৰিস্থিতিত শিলিগুৰি কৰিডৰৰ নিচেই কাষৰীয়া ভূটানৰ জাকাৰলুং উপত্যকাত চীনা সেনাই আন্তঃগাঁথনি নিৰ্মাণ কৰি সেনাৰ শিবিৰ আৰু গাঁওৰূপী চোৰাংচোৱাৰ বসতি স্থাপন কৰাটো নতুন দিল্লীৰ বাবে গভীৰ উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে৷ কিয়নো যুদ্ধকালীন পৰিস্থিতিত এই শিলিগুৰি কৰিডৰ দখল কৰাৰ বাবে চীনে নিজৰ ৰণকৌশলগত স্থিতি মজবুত কৰি পেলাইছে ভূটানৰ জাকাৰলুং উপত্যকাত এই নিৰ্মাণ সম্পন্ন কৰি৷ অৰুণাচল প্ৰদেশৰ নাতিদূৰৈত চীনে বিগত কেইবাবছৰ ধৰি সেনাৰ শিবিৰ আৰু অত্যাধুনিক গাঁও নিৰ্মাণ কৰি সেই শিবিৰ আৰু গাঁৱলৈ সুচল পথ যোগাযোগ সম্পূৰ্ণ কৰি তুলিছে৷ পিছে সেই নিৰ্মাণ চীনৰ নিজৰ ভূখণ্ডত৷ ইয়াৰ বিপৰীতে জাকাৰলুং উপত্যকা হৈছে ভূটানৰ ভূখণ্ড আৰু ইয়াত চীনে বাধাহীনভাৱে এই নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ এফালে ভূটানৰ সৈতে চীনৰ বিবদমান সীমান্তক লৈ বিগত কেইদিনত দ্বিপাক্ষিক আলোচনা চলি আছে আৰু তাৰ পূৰ্বেই প্ৰতিবেশী শক্তিশালী দেশখনে ভূটানত নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ ৰাজনৈতিক বিশে¡ষক আৰু সমৰবিদৰ ধাৰণা, চীনৰ এই নিৰ্মাণত ভূটানৰ নীৰৱ সন্মতি আছে৷ হয়তো শেহতীয়াকৈ পাহাৰী দেশখন চীনৰ অধিক কাষ চাপি গৈছে৷ ভাৰত আৰু চীন দুয়োখন দেশ ভূটানৰ সীমান্তৰ প্ৰতিবেশী হ’লেও সম্প্ৰতি চীনৰ শক্তিৰ ওপৰত ভূটান নত হৈছে বুলি এটা ধাৰণাৰ উদ্ভৱ হৈছে৷ এসময়ত নতুন দিল্লীৰ অধিক কাষৰ ক্ষুদ্ৰ পাহাৰীয়া দেশখন এতিয়া বেইজিঙৰ অধিক কাষ চাপি যোৱাটো স্বাভাৱিকতে নতুন দিল্লীৰ বাবে উদ্বেগৰ কথা৷ মাথোঁ ৩৮,০০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ ভূটানক ৰণকৌশলগত ক্ষেত্ৰত চীনে বশ কৰি লোৱা বুলিও ধাৰণা কৰা হৈছে৷ চৰ্চা অনুসৰি চীন-ভূটানৰ সীমা সমস্যাক লৈ হোৱা আলোচনা কেৱল প্ৰদৰ্শনহে আৰু দেশখনৰ নীৰৱ, গোপন অনুমতিতে চীনে ভাৰতৰ তেনেই কাষত এই নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷

২০২১ চনত জাকাৰলুং উপত্যকাত যিবোৰ অংশ খালী আছিল, এতিয়া সেই স্থান কেইবামহলীয়া অট্টালিকাৰে ভৰি পৰিছে৷ উপগ্ৰহ ছবিত সেই নিৰ্মাণ স্পষ্টভাৱে দেখা যায় আৰু সেয়া চীনৰ সেনাৰ শিবিৰ তথা গাঁও হিচাপেও চিহ্নিত কৰিব পৰা যায়৷ তাৎপৰ্যপূৰ্ণ এয়াই যে অঞ্চলটো কেৱল শিলিগুৰিৰ সমীপতে নহয়, অৰুণাচল প্ৰদেশৰ সীমাৰ পৰাও ওচৰত৷ অলপতে ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে চীনৰ সৈতে ভূমি আদান-প্ৰদানৰ ইংগিত দিছিল, ‘দ্য হিন্দু’ সংবাদপত্ৰৰ সৈতে হোৱা সাক্ষাৎকাৰত৷ অৱশ্যে তেওঁ জাকাৰলুং উপত্যকাৰ নাম উল্লেখ কৰা নাছিল৷ অলপতে ভূটানৰ বৈদেশিক মন্ত্ৰী তাণ্ডি ড’ৰজিয়ে বেইজিং ভ্ৰমণ কৰিছিল৷ এই প্ৰতিটো পদক্ষেপেই দিল্লীৰ বাবে সুখপ্ৰদ নহয়৷ উল্লেখ্য, ২০১৭ চনৰ ১৬ জুনৰ পৰা ২৮ আগষ্টলৈ চীনৰ ডোকলামত ভাৰতীয় আৰু চীনৰ সেনাই মুখামুখি অৱস্থান কৰি এখন অনাকাংক্ষিত যুদ্ধৰ আশংকাৰ সৃষ্টি কৰিছিল৷ চীনে ভাৰতৰ সীমান্তৱৰ্তী স্থান ভূটানৰ ডোকলামত পথ নিৰ্মাণ কৰোঁতে ২৭০ ভাৰতীয় সেনাই ‘জুনিপাৰ’ নামৰ অভিযান চলাই দুখন বুলড’জাৰ লৈ সেই নিৰ্মাণকাৰ্যত বাধা দিছিল৷ ফলত উভয় দেশে ডোকলামত সেনাৰ সমাৱেশ ঘটাইছিল আৰু দুয়ো দেশৰ সেনাই দুমাহ ১২ দিন মুখামুখি অৱস্থান কৰি উত্তেজনাৰ সৃষ্টি কৰিছিল৷ ডোকলাম ভাৰতৰ তেনেই সীমান্তৱৰ্তী, কিন্তু জাকাৰলুং কেইকিলোমিটাৰমান আঁতৰত৷ সেয়ে ভাৰতে জাকাৰলুঙত ডোকলামসদৃশ পদক্ষেপ ল’ব পৰা নাই৷ কিন্তু উদ্বেগ বাঢ়ি আছে৷