Logo
image

মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল বৃদ্ধি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰঃ ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল তিনি মাহৰ বাবে বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ অহা ৩১ ডিচেম্বৰত বৰঠাকুৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া আছিল৷ কিন্তু ৰাজ্য চৰকাৰে বৰঠাকুৰৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে৷ বৰঠাকুৰৰ কাৰ্যকাল বৃদ্ধিৰ ফাইলত কেন্দ্ৰীয় চৰকাৰে যাতে অনুমোদন জনায়তাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰে৷ সেইসূত্ৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৰঠাকুৰৰ কাৰ্যকাল বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ পাৰ্ছনেল বিভাগৰ পৰা ভিজিলেন্স ৰিপৰ্ট বিচাৰে৷ ৰাজ্য চৰকাৰে নিজৰ প্ৰতিবেদন প্ৰেৰণৰ পাছতেই  পৱন বৰঠাকুৰৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়৷ দিছপুৰৰ সূত্ৰৰ মতে পৱন বৰঠাকুৰৰ পাছত ৰাজ্যৰ বৰ্তমানৰ দুই অতিৰিক্ত মুখ্য সচিব ছৈয়দ উদ্দিন আব্বাছী আৰু ড॰ ৰবি কোটা ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিবৰ দৌৰত আছে৷ উল্লেখ্য, ১৯৮৯ বেট্‌ছৰ আইএএছ বিষয়া পৱন বৰঠাকুৰৰ নিকা ভাৱমূৰ্তিৰ বাবেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাব প্ৰেৰণ কৰে৷ পৱন বৰঠাকুৰৰ পাছত বহু বছৰলৈ কোনো অসমীয়া আইএএছ বিষয়া ৰাজ্যৰ মুখ্য সচিবৰ আসনত বহাৰ সম্ভাৱনা নাই৷ পৱন বৰঠাকুৰৰ ক্ষেত্ৰত প্ৰথমতে তিনিমাহ কাৰ্যকাল বৃদ্ধি কৰি পুনৰ আৰু তিনিমাহ কাৰ্যকাল বৃদ্ধি কৰাৰ কথা ভাবিছে অসম চৰকাৰে৷ মুখ্য সচিব পৱন বৰঠাকুৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান আৰু উচ্ছতৰ মাধ্যমিকত বিজ্ঞান শাখাত সপ্তম স্থান লাভ কৰাৰ উপৰি নতুন দিল্লীৰ চেইণ্ট ষ্টিফেনছ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক হোৱাৰ পাছত স্নাতকোত্তৰ পৰীক্ষাত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ সপ্তম স্থান লাভ কৰে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত [আইএএছ] দেশৰ ভিতৰত সপ্তদশ স্থান লাভ কৰা বৰঠাকুৰে কলিয়াবৰত অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়া-শুনা কৰিছিল৷