Logo
image

সুৰাপায়ীক লৈ আবকাৰী মন্ত্ৰীৰ শ্বায়েৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰঃ সুৰা আৰু সুৰা সেৱনকাৰীক লৈ সৃষ্টি হোৱা কাহিনীৰ অন্ত নাই৷ সুৰা সেৱনক লৈ সুৰা সেৱনকাৰী বা সুৰাৰ নাম নুশুনা লোকৰ মাজতো সৰৱ চৰ্চা হয়, ৰসাল আড্ডা হয়৷ কিন্তু শেহতীয়াভাৱে সুৰা সেৱনক লৈ চৰ্চালৈ আহিছে ৰাজ্যৰ খোদ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ সুৰাপায়ীক লৈ শ্বায়েৰী গাই চৰ্চালৈ আহিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ এটা চৰকাৰী অনুষ্ঠানৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ঊৰ্দূ শ্বায়েৰীৰ আৰ্হিত তেওঁ গায়– ‘গাখীৰ লৈ ফেৰীৱালাযফুৰে ঘৰে ঘৰেযমদৰ দোকানত লোকেযনিজে ভিৰ কৰে৷’ মন্ত্ৰী শুক্লবৈদ্যই আৰু কয়– মদ খালেও বিপদ, নাখালেও বিপদ৷ মদ খালে খাওঁক, কিন্তু মদ খাই ষ্টিয়েৰিঙত নধৰিব৷ গাড়ী চলোৱাৰ সময়ত কেতিয়াও মদ খাব নালাগে৷ গাড়ী চলোৱাৰ সময়ত কেতিয়াও মোবাইল ধৰিব নালাগে৷ গাড়ী চলোৱাৰ সময়ত সদায় ছীট বেল্ট পিন্ধিব লাগে৷ আৰু ট্ৰেফিক চিগনেল আমি সদায় মানি চলিব লাগে৷ এইবোৰ নিয়ম মানি চলিলে অসমত ৮৫ শতাংশ দুৰ্ঘটনা ৰোধ হ’ব৷ আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত মদ বা সুৰা সেৱন কমাবলৈ পৰামৰ্শ দিয়ে যদিও চৰকাৰখনে যে কাৰ্যক্ষেত্ৰত সুৰা সেৱন নিৰ্মূল কৰিব নিবিচাৰে সেই কথা চৰকাৰখনৰ শেহতীয়া কাম-কাজে প্ৰমাণ কৰে৷ চহৰ-নগৰ আনকি গাঁৱৰো চুকে-কোণেও সুৰা সুলভ কৰাৰ লক্ষ্য লৈ চৰকাৰখনে বিতৰণ কৰিছে শ শ সুৰা-বাৰৰ বিপনীৰ অনুজ্ঞাপত্ৰ৷