Logo
image

আনন্দ মিশ্ৰ, ৰণদীপ বৰুৱাক মণিপুৰ-হিংসাৰ তদন্তৰ দায়িত্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰঃ বিগত সাত মাহ ধৰি মণিপুৰত অব্যাহত থকা ভয়াৱহ গোষ্ঠী সংঘৰ্ষৰ তদন্ত কৰিব অসমৰ দুই আৰক্ষী বিষয়াই৷ এক গোচৰৰ ৰায়দান কৰাৰ সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ দুই আৰক্ষী বিষয়াৰ ওপৰত মণিপুৰত অব্যাহত থকা গোষ্ঠী সঘৰ্ষৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে৷ বৰ্তমান লক্ষীমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা আই পি এছ বিষয়া আনন্দ মিশ্ৰ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক ৰণদ্বীপ কুমাৰ বৰুৱাৰ ওপৰত  উচ্চতম ন্যায়ালয়ে এই দায়িত্ব অৰ্পণ কৰিছে৷ মণিপুৰত সংঘটিত সংঘৰ্ষৰ তদন্তৰ বাবে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট (এছ আই টি)ৰ দায়িত্বত থাকিব অসম আৰক্ষীৰ এই দুই আমোলা৷ দুয়োজনক শীঘ্ৰে নিজৰ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে অসম চৰকাৰৰ গৃহ বিভাগে৷ উল্লেখ্য যে মণিপুৰত ইটোৰ পিছত সিটো সংঘটিত ৰক্তাক্ত ঘটনাৰ পুংখানুপুংখ তদন্তৰ বাবে উচ্ছতম ন্যায়ালয়ে ইতিমধ্যে ৪২টা এছ আই টি গঠন কৰি দিছে বহিঃৰাজ্যৰ আৰক্ষী বিষয়াৰ দ্বাৰা৷ অসমৰ দুজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠিত এছ আই টিৰ দায়িত্ব দিয়াৰ পূৰ্বে ৰাজস্থান, মধ্যপ্ৰদেশ, ঋাৰখণ্ড, উৰিষ্যা আৰু দিল্লীৰ আৰক্ষী অধীক্ষকক পৰ্যায়ৰ বিষয়াক এছ আই টিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত মাহৰ পিছত মাহ ধৰি অব্যাহত থকা ৰক্তাক্ত গোষ্ঠী সংঘৰ্ষৰ এই পৰ্যন্ত শতাধিক লোক হতাহতি হৈছে৷ মাহৰ পাছত মাহ ধৰি ৰাজ্যখনত ভয়াৱহ ঘটনা সংঘটিত হৈ থকাৰ পিছতো আজিপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰহস্যজনক নিৰ্লিপ্ততা প্ৰদৰ্শন কৰে৷ মণিপুৰ আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই দেশৰ উচ্ছতম ন্যায়ালয়ে অসমক ধৰি দেশৰ বিভিন্ন ৰাজ্যত আৰক্ষী বিষয়াৰ দ্বাৰা এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে৷