Logo
image

ৰাজমাতা বসুন্ধৰাক চেৰাই যোৱা কোন এই দিয়া কুমাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ডিচেম্বৰঃ ৰাজস্থান বিজেপিৰ দখললৈ আহিল৷ কিন্তু বিশেষ ৰাজনৈতিক পৰিক্ৰমাৰ ফলশ্ৰুতিতে বসুন্ধৰা ৰাজেই মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিবলগীয়া হ’ল নিজ দলৰ হ’লেও ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ভজন লাল শৰ্মাক৷ আনকি বিধায়িনী দলৰ নেতা ঘোষণাৰ দায়িত্বও অৰ্পণ কৰা হ’ল বসুন্ধৰা ৰাজেৰ ওপৰত৷ বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই যে ৰাজস্থানৰ ৰাজনীতিত বসুন্ধৰা ৰাজেৰ আছে বিশেষ গুৰুত্ব৷ সেয়া যিয়েই নহওঁক; এই কথা সকলোৰে জ্ঞাত যে বসুন্ধৰা ৰাজে হোৱাৰ সপোন পুহি ৰাখে ৰাজস্থানৰ প্ৰায় প্ৰতিজন বাসিন্দাই৷ ৰাজস্থানৰ যিকোনো সম্ভাৱনাপূৰ্ণ যুৱতী-কিশোৰীক লৈ ৰাজস্থানবাসীয়ে ভৱিষ্যদ্বাণী কৰে–  ভৱিষ্যত এইজনী বসুন্ধৰা ৰাজেই হ’ব৷ এনেদৰে ভৱিষ্যদ্বাণী কৰা এগৰাকী যুৱতীয়ে কাৰ্যতঃ চেৰাই গ’ল ৰাজমাতা বসুন্ধৰা ৰাজেক৷ হয়, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা দিয়া কুমাৰীৰ কথাই ক’ব বিচৰা হৈছে৷ ৰাজস্থানৰ ৰাজকুমাৰী যদিও তেওঁ ৰাজপ্ৰসাদৰ চাৰিখন দেৱালৰ আঁৰত নাথাকিল৷ ৰাস্তালৈ ওলাই আহিল তেওঁ৷ ৰাজস্থানৰ ৰাইজে কয় যে এই ছোৱালীজনী ‘ভৱিষ্যতৰ বসুন্ধৰা ৰাজ’ হ’বলৈ গৈ আছে৷ ৰজাৰ কন্যা এগৰাকী সাধাৰণ ছোৱালী আৰু জনসাধাৰণৰ লগত মিলি যায়৷  বিধায়ক দিয়া কুমাৰী ৰাজস্থানৰ নতুন উপ-মুখ্যমন্ত্ৰী৷ দিয়া আছিল জয়পুৰৰ অন্তিম ৰজা দ্বিতীয় মান সিংহৰ নাতিনী৷ এই দ্বিতীয় মান সিংহৰ তৃতীয় পত্নী আছিল গায়ত্ৰী দেৱী৷ যাৰ নাম ৰাজনীতিৰ ক্ষেত্ৰতো কম নহয়৷ ১৯৬২ জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীয়ে নিৰ্বাচনী যুঁজত সকলো অভিলেখ ভগা দুবাৰকৈ স্বতন্ত্ৰ দলৰ টিকটত লোকসভাৰ সদস্য হৈছিল৷ গায়ত্ৰী আছিলকোচবিহাৰৰ ৰাজকুমাৰী৷ ৰাজপুত ৰজা দ্বিতীয় মান সিঙৰ লগত বিবাহপাশত আবদ্ধ হৈ জয়পুৰৰ মহাৰাণী হয়৷ সেই সূত্ৰৰ মতে দিয়াও তেওঁৰ নাতিনীয়েক৷ বাঙালী ৰাজপৰিয়ালৰ সৈতেও দিয়াৰ সম্পৰ্ক আছে৷ গায়ত্ৰী দেৱীয়ে ৰজাৰ ভিতৰুৱা ৰাজপ্ৰসাদৰ ৰাণী হোৱাৰ পৰিৱৰ্তে নিৰ্বাচনত যুদ্ধ কৰিছিল৷ দিয়ায়ো সেই পথ অনুসৰণ কৰিলে৷ ৰাইজৰ ভোট বিচাৰি ৰাজপথলৈ ওলাই আহিছিল৷  দিয়া কুমাৰী ৰাজপুত ৰজা দ্বিতীয় মান সিংহৰ প্ৰথম পুত্ৰ জয়পুৰৰ শেষ মহাৰাজ ভৱানী সিংহৰ কন্যা আছিল৷ অৱশ্যে তেওঁ কেতিয়াও নিজকে ৰাজকুমাৰী বুলি পৰিচয় দিয়া নাছিল৷ নিৰ্বাচনত তেওঁক এগৰাকী প্ৰবীণ সেনা বিষয়াৰ কন্যা বুলি চিনাকি দিয়া হয়৷ ভবানী সিং আছিল পেৰাচুট ৰেজিমেণ্টৰ দৰে বিশেষ বাহিনীৰ শীৰ্ষ পদাধিকাৰ৷