Logo
image

অভিযানৰ নেতৃত্ব দিয়া কোন এই সাগৰ শৰ্মা ৫ সংগীয়েই বা কোন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ডিচেম্বৰঃ সংসদৰ ভিতৰত দুজন আৰু বাহিৰত দুজন, তাৰে এগৰাকী মহিলা৷ কেৱল এই চাৰি দুৰ্বৃত্তই নহয়, লোকসভাত ৰঙৰ ধোঁৱা উৰুৱাই আতংকৰ সৃষ্টি কৰাৰ ঘটনাত জড়িত আছিল মুঠতে ছয়জন ব্যক্তি৷ ইতিমধ্যে পাঁচজনক আৰক্ষীয়ে আটক কৰিছে আৰু এজন এতিয়াও পলাতক, যাৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই৷ সংসদৰ ভিতৰত যিজন যুৱকে দৰ্শকৰ গেলাৰীৰ পৰা জপিয়াই সাংসদৰ বেঞ্চৰ ওপৰেৰে জাপ মাৰি মাৰি অধ্যক্ষৰ আসনৰ দিশে আগবাঢ়িছিল, তেওঁৰ নাম সাগৰ শৰ্মা৷ তেওঁ জোতাৰ ভিতৰৰ পৰা ‘স্মোক কেনিষ্টাৰ’ উলিয়াই সংসদ  ভৱনৰ ভিতৰত হালধীয়া ধোঁৱা এৰি দিছিল৷ সাগৰ শৰ্মাৰ ঘৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত৷ তেওঁ সংসদত আতংকৰ সৃষ্টি কৰা ডি মনোৰঞ্জনৰ বন্ধু আৰু তেওঁৰ নামতে বিজেপিৰ সাংসদ প্ৰতাপ সিনহাই সংসদত প্ৰৱেশ পত্ৰ দিছিল৷ তেওঁ বাকী চাৰিজন সংগীৰ সৈতে দিল্লীৰ সমীপৱৰ্তী গুৰুগ্ৰামত একেটা ঘৰতে বাস কৰিছিল৷ সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰা আনজন যুৱক আছিল ডি মনোৰঞ্জন৷ তেওঁৰ ঘৰ কৰ্ণাটকৰ মহীশূৰত৷ ইঞ্জিনিয়াৰিঙৰ স্নাতক মনোৰঞ্জনে একেসময়তে বেংগালুৰু আৰু দিল্লীৰ ফাৰ্মত চাকৰি কৰি আছিল৷ মনোৰঞ্জনৰ যোগেই দুই যুৱকে সংসদত প্ৰৱেশ কৰাৰ অনুমতি পত্ৰ লৈছিল৷ কিয়নো মহীশূৰৰ সাংসদ প্ৰতাপ সিমহাৰ সৈতে একে সমষ্টিৰ ভোটাৰ মনোৰঞ্জনৰ ঘনিষ্ঠ সম্পৰ্ক আছিল৷ মনোৰঞ্জনে দিল্লীত প্ৰায়ে প্ৰতাপ সিমহাক সাক্ষাত কৰিছিল৷ তেওঁৰ অনুৰোধতে বিজেপিৰ সাংসদজনৰ কাৰ্যালয়ে দুয়োকে দীঘলীয়া দিনৰ বাবে সদনৰ প্ৰৱেশপত্ৰ দিছিল৷ মনোৰঞ্জনৰ পিতৃ দেৱৰাজ গৌড়াই তেওঁৰ পুত্ৰৰ এই কাৰ্যক নিন্দা কৰিছে আৰু আইন অনুসৰি শাস্তিৰ আহ৩ান জনাইছে৷ কিন্তু পিতৃয়ে দাবী কৰা অনুসৰি মনোৰঞ্জনৰ যথেষ্ট অধয়নস্পৃহা আছে আৰু তেওঁ প্ৰায়ে স্বামী বিবেকানন্দৰ গ্ৰন্থ অধ্যয়ন কৰে৷ তাৰ পৰাই মনোৰঞ্জনে এনে প্ৰতিবাদৰ প্ৰেৰণা পোৱা বুলিও পিতৃ দেৱৰাজ গৌড়াই ধাৰণা কৰে৷

আনহাতে, সংসদৰ বাহিৰত, পৰিবহন ভৱনৰ সন্মুখত একেধৰণে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছে নীলম দেৱী আৰু অমল সিন্দে৷ দুয়ো সংসদৰ বাহিৰত ৰঙা-হালধীয়া ৰঙৰ ধোঁৱা উৰুৱাই প্ৰতিবাদ কৰোতে আৰক্ষীয়ে আটক কৰে৷ নীলম দেৱীৰ ঘৰ হাৰিয়ানাত আৰু এসময়ত শিক্ষকতা কৰা এই প্ৰতিবাদী মহিলা দিল্লীৰ কৃষক আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল৷ ৪২ বছৰীয়া নীলম কোনো দল-সংগঠনৰ সদস্য নহয়৷ আটাইকেইজন প্ৰতিবাদীৰ সৈতে তেওঁ অনলাইনত যোগাযোগ কৰিয়েই প্ৰতিবাদত নামিছিল৷ হিছাৰত থাকি হাৰিয়ানা চিভিল চাৰ্ভিচ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা নীলমৰ ডিগ্ৰীৰ তালিকাখন দীঘল– এম এ, এম এড, চিটিইটি, এম ফিল, এন ই টি৷ তেওঁ যোগ্যতা অনুসৰি সংস্থান নাপাই প্ৰায়ে চৰকাৰবিৰোধী প্ৰতিবাদত ভাগ লৈছিল৷ নীলমৰ সৈতে একেলগে গ্ৰেপ্তাৰ হোৱা অমল সিন্দেৰ ঘৰ মহাৰাষ্ট্ৰৰ লাটুৰত৷ ২৫ বছৰীয়া অমল আৰু ৪২ বছৰীয়া নীলমৰ ওচৰত ঘটনাৰ সময়ত কোনো ম’বাইল ফোন নাছিল৷ এই ঘটনাৰ চাৰি প্ৰতিবাদকাৰী যাৰ ঘৰত আছিল, গুৰুগ্ৰামৰ ললিত ঝাকো দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ললিত ঝা এই ঘটনাৰ সৈতে জড়িত আছিল৷ আনহাতে, ষষ্ঠজন এতিয়াও পলাতক, যাৰ নাম-পৰিচয় উদ্ধাৰ হোৱা নাই৷ উল্লেখ্য, দোষী প্ৰমাণিত হ’লে ৬জনৰ যাবজ্জীৱন কাৰাদণ্ড হ’ব পাৰে৷ কিয়নো লোকসভাৰ ভিতৰত সোমাই স্ম’ক বোমা ব্যৱহাৰ কৰা দেশদ্ৰোহৰ দৰে অপৰাধ৷