Logo
image

মোৰ পিছফালেই জঁপিয়াই পৰিলহি, ধৰিবলৈ যাওঁতে আঘাত পালোঁ হাতত

 দিলীপ শইকীয়া (বিজেপি সাংসদ)

মোৰ আসনৰ পাছফালেই আছিল ভিজিটৰ গেলাৰীটো৷ গেলাৰীৰ পৰা দুষ্কৃতিকাৰীটো জঁপিয়াই প্ৰথমে মোৰ পিছফালেই পৰিলহি৷ কি হৈছে– তাৎক্ষণিকভাৱে একো ধৰিব পৰা নাছিলোঁ যদিও দুষ্কৃতিকাৰীটো যেতিয়া ডেক্সত বগাই ইখনৰ পিছত সিখন ডেক্স পাৰ হ’বলৈ ধৰিলে তেতিয়াই সষ্টম হৈ পৰিলোঁ৷ লগে লগে দুষ্কৃতিকাৰীটোক ধৰিবলৈ চোঁচা ল’লোঁ৷ তেতিয়া সময় দিনৰ প্ৰায় ১২.৪০-৪৫ মিনিট হৈছিল৷ সদনত প্ৰথম কাৰ্যসূচী প্ৰশ্নোত্তৰ শিতান ইতিমধ্যে শেষ হৈ শূন্যকালীন ঘণ্টা আৰম্ভ হৈছিল৷ সদনৰ ৰুল ৩৭৭ৰ অধীনত ৮ নম্বৰত ময়ো দৰঙৰ ৰে’ল লাইনৰ এটা প্ৰশ্ন লিখিতভাৱে আজিয়েই দিছিলোঁ আৰু প্ৰশ্নটো আহিব বুলি, উপস্থান কৰিম বুলি আশা কৰি বহি আছিলোঁ৷ মোৰ আসনৰ নম্বৰ হৈছে ডিভিজন বেঞ্চ ৩৩১৷ মোৰ ডিভিজন বেঞ্চৰ পিছফালেই পাব্লিক গেলাৰী৷ ভিজিটৰ্ছ গেলাৰীৰ পৰা  এজন মানুহ তলত পৰা বুলি শব্দ পালোঁ৷ কাৰণ আমি সন্মুখৰ ফালে চাই আছোঁ৷ আমাৰ পিছফালে তেওঁ জঁপিয়াইছে৷ তেওঁৰ জঁপিওৱাৰ  পাছতে মুহূৰ্তৰ কাৰণে ভবা নাই যে বেলেগ কিবা এটা হৈছে৷ কোনোবাই কিবা ঘটনা কৰিবৰ বাবে দুষ্কৃতিকাৰী সোমাইছে৷ কিন্তু পিছত যেতিয়া সি তাৰ পৰা উঠি আমাৰ আসনৰ ওপৰত উঠি এখনৰ পাছত আন এখন আসন বগালে, তেতিয়াহে আমি গম পালোঁ– গণ্ডগোলীয়া আছে কথাটো৷ গতিকে তাৰ পাছত লগে লগে আমি এলাৰ্ট হৈ গ’লোঁ৷ এলাৰ্ট হৈ প্ৰথম ময়েই তেওঁক (যিহেতু মোৰ পিছফালেই পৰিছে) ধৰিবৰ কাৰণে চোঁচা ল’লোঁ৷ পিছত আৰু দুই তিনিজন সাংসদ আহিল৷ আচলতে গোটেই ঘটনাটো এনেকুৱাও আছিল যে শংকাও আছিল মনত৷ যেতিয়া জোটা খুলি সি স্মক কেনটো জ্বলাই দিলে, বাতাবৰণো ধোঁৱা ধোঁৱা হ’ল– তেতিয়া ধোঁৱাবোৰ আমাৰ মুখত সোমাই গ’ল৷ তথাপি আমি তাৰ পিছ এৰা নাছিলোঁ৷ তাক আমি গবা মাৰি ধৰি কাবু কৰি পেলালোঁ৷ সেই সময়তে ক’ৰবাত মোৰ হাতত আঘাত পালোঁ৷ হাতখনত মোছোৰা খালোঁ৷ মোৰ হাতত দুষ্কৃতিকাৰীটোৰ নখ লাগিল৷ আমি আমি সংসদৰ ভিতৰত সঁচাকৈ এক কল্পনা কৰিব নোৱৰা পৰিস্থিতিৰ সন্মুখীন হ’লোঁ৷ দুৰ্ভাগ্যপূৰ্ণ ঘটনাটো হ’ল– যিটোৱে নিশ্চয় সুৰক্ষা ব্যৱস্থাটোৰ প্ৰতি প্ৰশ্ন আনিছে৷ ২০০১ চনত পুৰণি সংসদ ভৱনত আক্ৰমণৰ আজি ২২ বছৰ হ’ল৷ য’ত ৯জনকৈ আমাৰ জোৱান শ্বহীদ হৈছিল৷ সেই দিনটোতে পুনৰ আজি সংঘটিত হোৱা ঘটনাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ উচ্ছ পৰ্যায়ৰ তদন্ত চলি আছে, ইতিমধ্যে দোষীক কৰায়ত্ত কৰা হৈছে৷ মই ভাবো গোটেই ঘটনাটোৰ পুখাংনুপুংখ তদন্ত হ’ব আৰু ঘটনাৰ সৈতে জড়িত সকলো কথা পোহৰলৈ আহিব৷