Logo
image

বিজেপি সাংসদৰ পৰাই প্ৰৱেশ-পত্ৰ লৈছিল দুৰ্বৃত্তই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ডিচেম্বৰঃ লোকসভাত সংঘটিত আজিৰ আতংকজনক ঘটনাৰ বাবে শাসনাধিষ্ঠিত বিজেপি দলো আওপকীয়াকৈ জগৰীয়া৷ কিয়নো নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা থকা লোকসভাত বুধবাৰে যি দুজন দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিলে, তেওঁলোকক প্ৰৱেশ-পত্ৰ যোগান ধৰিছিল বিজেপিৰ মহীশূৰৰ সাংসদ প্ৰতাপ সিমহাই৷ ইয়াৰ পৰিণতিতে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে এই  ঘটনা ‘বিজেপি স্পনছৰ্ড’ বুলি কটাক্ষ কৰিছে৷ আনহাতে, ৩০৩জন সাংসদেৰে সংসদ ভৱনৰ সিংহভাগ আসন অধিকাৰ কৰি থকা বিজেপিৰ এজনো সাংসদে আজি দুবৃৰ্ত্তক ধৰিবলৈ বা কাবু কৰিবলৈ সাহস গোটাব নোৱাৰিলে৷ দুই দুবৃৰ্ত্তক পাকৰাও কৰিলে ক্ৰমে বহুজন সমাজপাৰ্টীৰ সাংসদ মালুক নাগৰ আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টীৰ সাংসদ হনুমান বেনিৱালে৷

বিজেপিৰ সাংসদে প্ৰৱেশ-পত্ৰ দিয়া যুৱকে লোকসভাত আতংকৰ সৃষ্টি কৰাৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে আৰু শাসনাধিষ্ঠিত দলটো কঠোৰভাৱে সমালোচিত হৈছে৷ প্ৰৱেশ-পত্ৰ দিয়া প্ৰতাপ সিমহা প্ৰধানমন্ত্ৰী মোদীৰ ঘোৰ সমৰ্থক৷ তেওঁ আছিল এসময়ৰ সাংবাদিক আৰু মোদীৰ সমৰ্থনত সাংবাদিক হিচাপে ‘ছিৰিজ’ লিখিয়েই লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিজেপিৰ টিকট যোগাৰ কৰিছিল৷ দীৰ্ঘদিন ধৰি তেওঁ সাংবাদিক হিচাপে নৰেন্দ্ৰ মোদীৰ প্ৰতিবেদন লিখি এখন আত্মজীৱনীও প্ৰকাশ কৰিছিল৷ তাৰ পাছতে তেওঁ মহীশূৰৰ পৰা ২০১৪ চনত বিজেপিৰ টিকট লাভ কৰে৷ সেই আসনৰ পৰাই তেওঁ উপুৰ্যপৰি দুবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে৷ কৰ্ণাটকত টিপু চুলতানৰ জন্মদিন পালনৰ বিৰোধিতা কৰি চৰ্চালৈ অহা সাংসদ প্ৰতাপ সিমহা ঘোৰ ইছলামবিৰোধী৷ আজি ঘটনাৰ পাছত তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি কি পৰিস্থিতিত প্ৰৱেশ-পত্ৰ দিছিল সেয়া ব্যাখ্যা কৰে৷ সাংসদ সিমহাৰ মতে, দুবৃৰ্ত্ত সাগৰ শৰ্মাৰ পিতৃ শংকৰলাল শৰ্মা মহীশূৰৰ বাসিন্দা আৰু তেওঁৰ সৈতে ঘনিষ্ঠ৷ সাগৰ শৰ্মাৰ পিতৃৰ অনুৰোধতে তেওঁ প্ৰৱেশ-পত্ৰ দিয়া বুলি দাবী কৰিছে৷ আনহাতে, তৃণমূল কংগ্ৰেছৰ বৰ্খাস্ত সাংসদ মহুৱা মৈত্ৰই সংসদৰ নিৰাপত্তা লংঘনৰ অভিযোগত প্ৰতাপ সিমহাক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে৷

আনহাতে, দিনান্তত নায়ক হৈছে বিএছপিৰ সাংসদ মালুক নাগৰ আৰু আৰএলপিৰ সাংসদ হনুমান বেনিৱাল৷ দুয়ো পৰিস্থিতি কি আনে বুজি উঠাৰ আগতেই আৰু দুই যুৱকৰ হাতত কি অস্ত্ৰ আছে নজনাকৈ সংসদত আতংক বিয়পোৱা দুয়োজন দুবৃৰ্ত্তকে জঁপিয়াই পৰি কাবু কৰে আৰু ধৰি পেলায়৷ সেই সময়ত লোকসভাৰ মাৰ্শ্বাল বা নাতিদূৰৈত থকা নিৰাপত্তাৰক্ষীয়ে একো কৰিব পৰা নাছিল৷ উত্তৰ প্ৰদেশৰ বিজনৌৰৰ সাংসদ মালুক নাগৰ আৰু ৰাজস্থানৰ নাগৌৰৰ সাংসদ হনুমান বেনিৱালাই নিজৰ জীৱন বিপন্ন কৰি যি সাহসিকতা প্ৰদৰ্শন কৰিলে, সেই সাহসক সকলোৱে প্ৰশংসা কৰিছে৷ কিয়নো সংসদত আতংক সৃষ্টি কৰা দুই দুবৃৰ্ত্তই স্মোক বোমা বা কেনিষ্টাৰৰ ধোঁৱাৰে যি পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই সময়ত দুবৃৰ্ত্ত সশস্ত্ৰ নে অস্ত্ৰহীন সেয়া জনাৰ সুযোগ আৰু সময় নাছিল৷

এজনক মই কৰায়ত্ত কৰিলোঁঃ দিলীপ শইকীয়া

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ সুৰুঙা নিৰাপত্তা ব্যৱস্থাৰ সুযোগলৈ সংসদ ভৱনত সংঘটিত কৰা আজিৰ ভয়ংকৰ ঘটনাত মৃদু আঘাত প্ৰাপ্ত হৈছে অসমৰ সাংসদ দিলীপ শইকীয়া৷ জানিব পৰা মতে, সদনৰ শূন্যকালত হাতত গেছ কেনিষ্টাৰলৈ দৰ্শনাৰ্থীৰ গেলাৰীৰ পৰা অনুপ্ৰৱেশ কৰা দুজন যুৱকৰ ভিতৰত এজন যুৱকে সাংসদ শইকীয়াই বহি থকা আসনৰ সন্মুখত জপিয়াই পৰে৷ লগে লগে মঙলদৈৰ বিজেপি সাংসদজনে যুৱকজনক ধৰিবলৈ উদ্যত হয়৷ সেই সময়ত সদনত বিৰাজমান হুৱা-দুৱা পৰিস্থিতিত তেওঁৰ বাওঁ হাতখন আঘাতপ্ৰাপ্ত হয়৷ তুৰন্তে তেওঁক চিকিৎসা প্ৰদান কৰা হয়৷ সাংসদজনৰ হাতত লগাই দিয়া হয় ক্ৰিপ বেণ্ডেজ৷ সাংসদ শইকীয়াই প্ৰকাশ কৰা মতে, দুই অনধিকাৰ প্ৰৱেশকাৰীৰ এজনক তেওঁ কৰায়ত্ত কৰিবলৈও সক্ষম হয়৷