Logo
image

৬৪বাৰ আহিল উত্তৰ-পূবলৈ! মোদী-গেৰাণ্টীৰ প্ৰশংসাত পঞ্চমুখ সৰ্বানন্দ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১৪ ডিচেম্বৰঃ লক্ষ্য উত্তৰপূৰ্বাঞ্চলৰ ২৫খন সংসদীয় আসন৷ ইয়াৰ বাবে শাসকীয় বিজেপি দলে মোদীৰ গেৰাণ্টীক সমুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ খোদ প্ৰধানমন্ত্ৰী মোদীয়ে অলপতে প্ৰদান কৰা এই নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি মোদীৰ ৯ বছৰীয়া কাৰ্যকালত উত্তৰপূৰ্বাঞ্চলতহোৱা বিকাশৰ খতিয়ান দাঙি ধৰে আৰু স্বাভাৱিকতেই প্ৰধানমন্ত্ৰী মোদী তথা মোদী-গেৰাণ্টীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷৷ ‘মোদীৰ গেৰাণ্টী বিকশিত উত্তৰ-পূৰ্বাঞ্চল’– বিজেপিৰ এই নতুন শ্লোগানক সমুখত ৰাখি সোণোৱালে কয়– ‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল এতিয়া বিকাশৰ পাৱাৰ হাউছত পৰিণত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলবাসীক যিমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাতোকৈ বেছি-কাম কৰিছে৷ কংগ্ৰেছৰ শাসনকালত যুগ যুগ ধৰি বঞ্চনাৰ চিকাৰ হৈ অহা উত্তৰপূৰ্বাঞ্চলে যোৱা ৯ বছৰত কেন্দ্ৰৰ পৰা ৫ লাখ কোটি টকাৰ আন্তগাঁথনি তথা উন্নয়নমূলক বিভিন্ন প্ৰকল্প-আঁচনি লাভ কৰিছে৷’ নিজৰ চৰকাৰী বাসভৱনত সম্বোধন কৰা সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বক্তব্য– ‘মোদীৰ নেতৃত্বত সন্ত্ৰাসজৰ্জৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ উভতি আহিছে৷ জ্জ্ব হাজাৰৰো অধিক উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে৷ অধিকাংশ স্থানৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে৷ কংগ্ৰেছৰ শাসনকালত চলা লুণ্ঠনৰাজৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়ালৈকে ৬৪ বাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ দিল্লীত কংগ্ৰেছৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰতিনিধিসকলে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাত কৰিবৰ বাবে মাহৰ পাছত মাহ ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল৷ কিন্তু যোৱা ৯ বছৰত কেন্দ্ৰীয়মন্ত্ৰীসকলে ৮০০ বাৰৰো বেছি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে৷ যোৱা দুবছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে ৩৬২ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি কেৱল জনপ্ৰতিনিধিসকলৰে নহয়, সাধাৰণ ৰাইজৰ আশা-আকাংক্ষাৰ বুজ লৈছে৷’ অলপতে ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনৰ কথা উল্লেখ কৰি সোণোৱালে কয়– ‘উক্ত কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলত ১২ খন বৈঠক অনুষ্ঠিত কৰা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে কিমান মৰম কৰে তাতকৈ আৰু ভাল উদাহৰণ আৰু কি হ’ব পাৰে?’ মন কৰিবলগীয়া যে খোদ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ‘মোদীৰ গেৰাণ্টী বিকশিত উত্তৰ পূৰ্বাঞ্চল’ৰ মন্ত্ৰেৰে কালি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়েও এখন সংবাদমেল সম্বোধন কৰিছিল৷ আনহাতে আজি সোণোৱালৰ পাছত দিল্লীৰ অসম হাউছত সাংসদ কুইন ওজায়ো আন এখন সংবাদমেল সম্বোধন কৰি মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপ কেনেদৰে সলনি হৈছে তাৰ এক খতিয়ান দাঙি ধৰে৷ তেওঁ কয়– ‘এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ সাত ভনী অসমৰ সৈতেই আছিল৷ কংগ্ৰেছে সেই উত্তৰ-পূৰ্বাঞ্চলক ভাগ ভাগ কৰিছিল৷ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক একত্ৰিত কৰি আছে৷ উন্নয়নৰ নামত ৭০ বছৰ ধৰি কংগ্ৰেছে কৰি অহা ভোকোভাওনাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলক নিজৰ সন্তানৰ নিচিনাকৈ মৰম কৰিছে৷ আদৰ্শ উত্তৰ-পূব গঢ়ি তুলিবলৈ যত্ন লৈছে৷ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তনেৰে অঞ্চলটোৰ পৰ্যটন খণ্ডতো ব্যাপক উন্নতি সাধন কৰিব পাৰিছে৷ কাজিৰঙা, কামাখ্যাত দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যা কেবাগুণ বৃদ্ধি পাইছে৷ আৰু এয়া সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক প্ৰদান কৰি অহা অগ্ৰাধিকাৰৰ বাবে৷ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মস্পৃহাৰ বাবে অসমত উন্নয়নৰ গতি দুগুণ বৃদ্ধি পাইছে৷ সেয়েহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ভবাতকৈও ভাল ফল লাভ কৰিব৷ উন্নয়ন য’ত আছে ৰাইজ তাত আছে৷’

নতুন ৰূপত গঢ়ি তোলা হ’ব নামৰূপ সাৰ কাৰখানাক!

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নামৰূপ সাৰ কাৰখানা হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেডৰ গুৰুত্ব অপৰিসীম৷ সেয়েহে কেতিয়াও বন্ধ কৰা নহয় সাৰ কাৰখানাটো৷ বৰঞ্চ নতুন ৰূপত গঢ়ি তোলা হ’ব নামৰূপ সাৰ কাৰখানাক৷ কাৰখানাটোত সংযোজন ঘটোৱা হব নেন ইউৰিয়া আৰু ডি এ পি উৎপাদনকাৰী গোট৷ ৰাজ্যসভাৰ প্ৰশ্নোত্তৰকালত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী মনসুখ মান্দাভিয়াই এই আশাৰ বাণী প্ৰদান কৰিছে৷ মান্দাভিয়াৰ মতে, নামৰূপ সাৰকাৰখানাটো হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এক প্ৰকল্প৷ সেয়েহে ইয়াক আমি বন্ধ কৰিব নিবিচাৰো৷ ই চলি থাকিব৷ কেৱল কাৰখানাটোৰ পৰা এতিয়াৰে পৰা নেন ইউৰিয়া আৰু ডি এ পি উৎপাদনত গুৰুত্ব দিয়া হ’ব৷ যাৰ বাবে শীঘ্ৰে কাৰখনাটোত নতুনকৈ যন্ত্ৰপাতি স্থাপন কৰা হ’ব৷ আধুনিকীকৰণ কৰা হ’ব কাৰখানাটোৰ৷ উল্লেখ্য যে নিটি আয়োগৰ পৰামৰ্শ মৰ্মে নামৰূপ সাৰ কাৰখানা বন্ধ কৰা হ’ব বুলি চলিত বছৰত সংসদৰ বাৰিষাকালীন অধিবেশনত লোকসভাৰ মজিয়াত মন্ত্ৰী মান্দাভিয়াই খোদ এক লিখিত বিবৃতি প্ৰদান কৰিছিল৷ পিচে আজি ৰাজ্যসভাৰ মজিয়াত কাৰখানাটো বন্ধ নহয় বুলি কৰা মন্তব্য লোকসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ তাৎপৰ্য৷