আঙুৰলতাক অব্যাহতি, বিজেপি মহিলা মৰ্চাৰ দায়িত্বত স্বপ্না
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ডিচেম্বৰঃ প্ৰদেশ মহিলা বিজেপিৰ সভানেত্ৰী পদৰ পৰা অপসাৰিত হ’ল প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা৷ বিগত সময়চোৱাত দলীয় কাম-কাজ সঠিকভাৱে আগবঢ়াই নিয়াত ব্যৰ্থ হোৱা বাবে তেওঁক প্ৰদেশ মহিলা বিজেপি সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰা হৈছে বুলি এটা দলীয় সূত্ৰত প্ৰকাশ৷ অৱশ্যে অপসাৰিত নেত্ৰীগৰাকীয়ে একান্তই ব্যক্তিগত কাৰণত দলৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা অব্যাহতি ল’ব বিচৰা বুলি মত প্ৰকাশ কৰিছে৷ বিজেপিৰেই আন এক সূত্ৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেহোৱা মতানৈক্যৰ বাবে আঙুৰলতা ডেকাক মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰা হৈছে৷ প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী পদত নিযুক্তি দিয়া হৈছে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভানেত্ৰী তথা শোণিতপুৰ জিলা পৰিষদৰ সদস্য স্বপ্না বনিয়াক৷ তেওঁ পূৰ্বে শোণিতপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক, শোণিতপুৰ জিলা পৰিষদৰ উপসভাপতি পদতো অধিষ্ঠিত হৈছিল৷ ইফালে আন এক নিৰ্দেশযোগে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই চিৰাং আৰু বিলাসীপাৰা জিলা বিজেপিৰ সভাপতি নিযুক্তি দিছে৷ ৰতন ৰায়ক চিৰাং জিলা বিজেপিৰ সভাপতি আৰু দেৱজিৎ বৰকলিতাক বিলাসীপাৰা জিলা বিজেপিৰ সভাপতি নিযুক্তি দিয়া হৈছে৷ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পাছত আঙুৰলতা ডেকাই ছ’চিয়েল মিডিয়াত আপলোড কৰে এটা দীঘলীয়া পোষ্ট৷ তাত তেওঁ কয়– ‘সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই পোনপ্ৰথমেই মই স্পষ্টকৈ উল্লেখ কৰিব বিচাৰিছোঁ যে মোৰ জীয়ৰী নমামীয়ে বৰ্তমান স্কুলীয়া শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভৰি দিছে আৰু এই সময়খিনিত এগৰাকী মাতৃৰ ঘৰুৱা ব্যস্ততা খিনিৰ বিষয়ে হয়তো সকলো জ্ঞাত৷ এই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই দলীয় শীৰ্ষ নেতৃত্বক মোৰ অসুবিধা সমূহৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু দলীয় দ্বায়িত্বৰ পৰাও অব্যাহতি বিচাৰিছিলোঁ যাতে নমামী কিছু ডাঙৰ তথা বুজা হোৱালৈকে তাইক মই সম্পূৰ্ণ সময় দিব পাৰোঁ৷ শেহতীয়াকৈ, দলে মোৰ সেই অসুবিধাসমূহৰ বিষয়ে বিবেচনা কৰি মোক দলীয় দ্বায়িত্বৰ পৰা অব্যাহতি দিয়াত দলীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ নৱ নিযুক্ত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়াক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ বিগত প্ৰায় দুইবছৰ পাঁচ মাহ সময় ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহক কৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ সেৱা আগবঢ়াবলৈ সক্ষম হোৱাটো মোৰ বাবে আছিল পৰম সৌভাগ্যৰ প্ৰাপ্তি৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসী ৰাইজৰ তথা অসমৰ মহিলা সমাজৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’ম৷ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মোৰ বিগত কাৰ্যকালত মই সংগঠনৰ বহু কথাই শিকাৰ সুযোগ পাইছিলো যিটো মোৰ জীৱনৰ অনন্য প্ৰাপ্তি আছিল৷ তাৰ পিছতে উল্লেখ কৰিব লাগিব মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে সমগ্ৰ অসমৰ মহিলা শক্তিৰ যি অভূতপূৰ্ব সমৰ্থন মই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেই প্ৰাপ্তিৰ মাদকতা হয়তো পোৱা জনেহে অনুভৱ কৰিব পাৰিব৷ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়া সকলক যাৰ অবিহনে মহিলা মৰ্চাক প্ৰতিনিধিত্ব কৰাটো মোৰ পক্ষে কাহানিও সম্ভৱ নহ’ল হয়৷ তাৰ সমান্তৰালভাৱে অসমৰ সংবাদ মাধ্যমৰ সঁহাৰিয়ে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতিটো কৰ্মসূচীক জনমানসত সৰ্বাধিক আলোচিত তথা দলীয় উদ্দেশ্য সম্প্ৰসাৰিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এই সকলোবোৰৰ উদ্ধৰ্ত চিৰকৃতজ্ঞ হৈ ৰ’ম সমূহ অসম বাসী ওচৰত কাৰণ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবেই এসময়ৰ অসমীয়া ছবিজগতৰ অভিনেত্ৰীৰ পৰা আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ আংগুৰলতাৰ সৃষ্টি হ’ল৷ শেষত, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে, মই সদায় ভাৰতীয় জনতা পাৰ্টিৰ অংশ আছিলোঁ, আছোঁ আৰু চিৰদিন ভাৰতীয় জনতা পাৰ্টিৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই যাম৷’
তেজপুৰত আনন্দৰ বন্যা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ শোণিতপুৰ বিজেপিৰ এগৰাকী জ্যেষ্ঠ মহিলা নেত্ৰী স্বপ্না বনিয়াক আজি বিজেপিৰ ভগ্নী সংগঠন ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী মনোনিত কৰাৰ পাছতেই তেজপুৰৰ বিজেপি কৰ্মীসকল উৎফুল্ল হৈ পৰে৷ আনহাতে, নতুন সভানেত্ৰীগৰাকীলৈ ফোনযোগে অভিনন্দন জ্ঞাপন কৰি বিদায়ী নেত্ৰী অভিনেত্ৰী আঙুৰলতা ডেকাই সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি প্ৰকাশ কৰিছে বনিয়াই৷ এই দায়িত্ব লাভৰ পিছতে আজি সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনিয়াই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয়– বিজেপি দলৰ মহিলা সকল যথেষ্ট সক্ৰিয় আৰু তেওঁৰ কাৰ্যকালত মহিলা মৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ প্ৰয়াস কৰিব৷ নিৰ্বাচনী আসনৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩শতাংশ সংৰক্ষণৰ বিষয়টো সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়– বিষয়টোকলৈ চৰ্চা চলি আছে আৰু এইক্ষেত্ৰত দলৰ নেতৃত্বই সিদ্ধান্ত ল’ব৷ উল্লেখ্য, ২০১৩ত পৰ্বতীয়া জিলা পৰিষদ আসনৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা বনিয়া ২০১৮ত এইখন আসনত বিজয়ী হৈছিল৷ আনহাতে শোণিতপুৰ বিজেপিৰ দুটা কাৰ্যকালত উপসভানেত্ৰীৰ দায়িত্ব পালন কৰা বনিয়াই জিলা বিজেপিৰ সম্পাদক আৰু সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ বনিয়াই এই দায়িত্ব লাভৰ পিছতে শোণিতপুৰ জিলা বিজেপিৰ লগতে বহুসংখ্যক দলীয় নেতা কৰ্মী আৰু শুভাকাংক্ষীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে৷