Logo
image

লোকসভাৰ সচিবালয়ে নিলম্বন কৰিলে ৮ গৰাকী সুৰক্ষাকৰ্মীক

ডিজিটেল ডেস্কঃ   বুধবাৰে সংসদ ভৱনৰ সুৰক্ষা উলংঘন কৰি দৰ্শকৰ বিথিকাৰ পৰা সদন কক্ষলৈ দুজন অচিনাক্ত ব্যক্তিয়ে জপিয়াই হালধীয়া ধোঁৱা উৰুওৱা ঘটনা সন্দৰ্ভত লোকসভাৰ সচিবালয়ে ৮ গৰাকীকৈ সুৰক্ষাকৰ্মীক নিলম্বন কৰিছে।  ২২ বছৰ পূৰ্বে ১৩ ডিচেম্বৰত সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীৰ দিনাই কালি ২জন লোকে ভিজিটৰছ গেলেৰীৰ পৰা লোকসভাৰ সংসদৰ ভিতৰত সোমাই সাংসদসকলৰ আসনত উপস্থিত হৈ শ্লগান দি স্প্ৰে’ মাৰে।

লোকসভাৰ ভিতৰত এই পৰিস্থিতিৰ সূচনা কৰা লোক দুজন ক্ৰমে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। আনহাতে তেওঁলোকৰ আন দুজন সহযোগী যি, সদনৰ বাহিৰত প্ৰতিবাদত লিপ্ত হৈছিল তেওঁলোকক অমল সিন্দে আৰু নীলম বুলি চিনাক্ত কৰা হৈছে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে সংসদ ভৱনত সংঘটিত অবাঞ্চিত ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক কমিটী গঠন কৰিছে। CRPFৰ সঞ্চালক প্ৰধান অনিষ দয়াল সিঙৰ নেতৃত্বত কমিটীত আন সকলো নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়া আছে। বুধবাৰৰ সংসদ ভৱন কাণ্ডৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত ৮ নিৰাপত্তাৰক্ষীক নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।