Logo
image

আঁহতগুৰিৰ ম’হযুঁজত জয়ী ম’হৰ গৰাকীয়ে পাব মুঠ ১.৭ লাখ টকা

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক, ১৫ ডিচেম্বৰঃ অসম চৰকাৰৰ কেবিনেটে চৰ্ত সাপেক্ষে ম’হযুঁজৰ অনুমতি প্ৰদান কৰাৰ সূত্ৰে ম’হযুঁজ হোৱা ঠাইবোৰত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷ ভোগালী বিহুত প্ৰথমদিনাই শিৱসাগৰ, আঁহতগুৰি, বৈদ্যবড়ী আদিত উৎসৱমুখৰ পৰিৱেশত ম’হযুঁজ অনুষ্ঠিত হয়৷ পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত ম’হযুঁজৰ আয়োজনত কিছুদিনৰ পৰা আইনী বাধা আহি পৰিছে৷ ন্যায়ালয়ে নিষেধাজ্ঞাপৰ্যন্ত আৰোপ কৰিছিল৷ পৰৱৰ্তী সময়ত আইনী বাধাৰ জটিলতা বহুখিনি নাইকিয়া হোৱাৰ উপৰি অসম চৰকাৰেও পৰম্পৰাগত ম’হযুঁজ অনুষ্ঠিত কৰাৰ সপক্ষে মত দিয়াই নহয়, কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে৷ লগে লগে দুগুণ উৎসাহেৰে এইবাৰ ম’হযুঁজৰ প্ৰস্তুতি চলিছে৷ আঁহতগুৰিৰ ম’হযুঁজলৈ এইবাৰ মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্ৰী পৰিষদৰ কেইবাগৰাকী সদস্যৰ আগমনৰ সম্ভাৱনা আছে৷ মৰিগাঁও জিলাৰ আঁহতগুৰিৰ বেজবৰুৱা খেলপথাৰত এইবাৰো উলহ-মালহেৰে ম’হযুঁজ অনুষ্ঠিত কৰিবলৈ উঠি-পৰি লাগিছে আঁহতগুৰিবাসী ৰাইজ৷ ম’হযুঁজৰ পৰিচালনাৰ বাবে আঁহতগুৰি শংকৰ মন্দিৰৰ সভাগৃহত বৃহস্পতিবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ম’হযুঁজ পৰিচালনা সমিতিৰ স্থায়ী সভাপতি নাথুৰাম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যাখ্যা কৰে নৱজ্যোতি দাসে৷ সভাত এইবাৰ ঐতিহ্যমণ্ডিত ম’হযুঁজ আৰু ভোগালী উৎসৱ পৰিচালনাৰ বাবে নাথুৰাম হাজৰিকাক সভাপতি, ৰত্ন ডেকাক কাৰ্যকৰী সভাপতি, নিৰ্মল দাস, শিশুৰাম দাস, ধীৰেণ দাস, হৰকুমাৰ দাস আৰু ভোগৰাম দাসক উপ-সভাপতি, মুকুল দাসক সম্পাদক, তিলেন্দ্ৰ ডেকা আৰু নৱদ্বীপ দাসক যুটীয়া সম্পাদক, নৱজ্যোতি দাসক বিত্ত সম্পাদক হিচাপে লৈ মূল সমিতি আৰু হেমেন্দ্ৰ দাসক সভাপতি, বিজু কুমাৰ দাসক সম্পাদক হিচাপে লৈ ব্যৱস্থাপনা উপ-সমিতি, প্ৰবীন দাসক সভাপতি, উপকুল দাসক সম্পাদক হিচাপে লৈ সাংস্কৃতিক উপ- সমিতি, ধ্ৰnৱ প্ৰসাদ দাসক সভাপতি, উৎপল দাসক সম্পাদক হিচাপে লৈ প্ৰচাৰ উপ- সমিতি, দেৱীচৰণ দাসক সভাপতি গোলাপ দাসক সম্পাদক হিচাপে লৈ খাদ্য উপ-সমিতি গঠন কৰা হৈছে৷ নৱ গঠিত সমিতিৰ এখন বদ্ধিত সভা অহা দেওবাৰে আহ৩ান কৰা হৈছে এই সভাতেই মূল কাৰ্যসূচী প্ৰস্তুত কৰা হ’ব৷ বৃহস্পতিবাৰৰ সভাই লোৱা সিদ্ধান্ত মৰ্মে আঁহতগুৰি ম’হযুঁজ দুটা শাখাত অনুষ্ঠিত হ’ব৷ দুয়োটা শাখাতে জয়ী আৰু ‘ৰানাৰ-আপ’ ম’হৰ গৰাকীলৈ আগবঢ়োৱ হ’ব মুঠ ৰ লাখ ৭০ হাজাৰ টকা৷ গৰলীয়া ম’হৰ যুঁজত প্ৰথম স্থানৰ বাবে হোৱা যুঁজত প্ৰথম পুৰস্কাৰ বিজয়ী ম’হৰ গৰাকীক নগদ ৫০ হাজাৰ টকা, ‘ৰানাৰ-আপ’ ম’হৰ গৰাকীক নগদ ৩০ হাজাৰ টকা আগবঢ়োৱাৰ বিপৰীতে দ্বিতীয় স্থানৰ বাবে হোৱা যুঁজত জয়ী ম’হৰ গৰাকীক নগদ ৩০ হাজাৰ টকা, ‘ৰানাৰ-আপ’ ম’হৰ গৰাকীক নগদ ২০ হাজাৰ টকা,  দমৰা ম’হৰ প্ৰথম স্থানৰ বাবে হোৱা যুঁজত জয়ী ম’হৰ গৰাকীক নগদ ১৫ হাজাৰ টকা, ‘ৰানাৰ-আপ’ ম’হৰ গৰাকীক নগদ ১০ হাজাৰ টকা আৰু দমৰা ম’হৰ দ্বিতীয় স্থানৰ বাবে হোৱা যুঁজত জয়ী ম’হৰ গৰাকীক নগদ ১০ হাজাৰ টকা আৰু ‘ৰানাৰ-আপ’ ম’হৰ গৰাকীক নগদ ৫ হাজাৰ টকাৰ লগত ট্ৰফী প্ৰদান কৰা হ’ব৷ ম’হযুঁজৰ লগতে কেইবাদিনীয়াকৈ ভোগালী উৎসৱৰ আয়োজন কৰা হৈছে৷