Logo
image

একেদিনাই ১,২৮১ মাদ্ৰাছা বন্ধ, এমই স্কুললৈ ৰূপান্তৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এক জাননীৰ জৰিয়তে ৰাজ্যৰ ১,২৮১ খন এম ই মাদ্ৰাছা বন্ধ কৰি নাম সলনি কৰিছে৷ এই বিদ্যালয় সমূহত এতিয়াৰে পৰা আৰবী বা ধৰ্মীয় শিক্ষাৰ পাঠদান কৰিব নোৱাৰিব৷ মাদ্ৰাছা সমূহ মধ্য ইংৰাজী (উচ্চ প্ৰাথমিক) বিদ্যালয় হিচাপে ৰূপান্তৰ কৰা হৈছে৷ এম ই মাদ্ৰাছাৰ পৰা এম ই স্কুললৈ ৰূপান্তৰ হোৱা ১,২৮১ খন বিদ্যালয়ৰ অধিকাংশই দক্ষিণ শালমাৰা-মানকাচাৰ, নগাঁও, মৰিগাঁও, ধুবুৰী, বৰপেটা, কৰিমগঞ্জ, কাচাৰ, হোজাই, হাইলাকান্দি, গোৱালপাৰা আৰু নলবাৰী জিলাৰ৷ ইয়াৰোপৰি বজালী, বিশ্বনাথ, বঙাইগাঁও, দৰং, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ গ্ৰাম্য, লখিমপুৰ, শোণিতপুৰ জিলাৰ একাংশ মাদ্ৰাছাও নাম সলনিৰ তালিকাত আছে৷ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ স্বাক্ষৰিত এক জাননীৰ দ্বাৰা তৎকালীনভাৱে এই বিদ্যালয়সমূহৰ নামৰ পৰা ‘মাদ্ৰাছা’ শব্দটো কৰ্তন কৰা হৈছে৷ নাম সলনি হ’লেও বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক একেই থাকিব৷ উল্লেখ্য যে ২০২১ চনতে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মাদ্ৰাছা আইন খাৰিজ কৰি মাদ্ৰাছাসমূহৰ শিক্ষাৰ্থীসকলেও যাতে গণিত, বিজ্ঞান, কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কেৱল ৰাজ্যতে নহয় ৰাষ্ট্ৰীয় স্তৰটো যুক্তি দাঙি ধৰি আহিছে যে মুছলমান ল’ৰা-ছোৱালীক ডাক্টৰ-ইঞ্জিনিয়াৰ বনোৱাৰ লক্ষ্যত চৰকাৰে এই কাম কৰিছে৷ সেই অনুসৰিয়েই উচ্চ শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে অধীনস্থ মাদ্ৰাছাসমূহ ইতিমধ্যেই মাদ্ৰাছাৰ পৰিৱৰ্তে উচ্চ প্ৰাথমিক বিদ্যালয়লৈ পৰিৱৰ্তন কৰিছে৷ ৰাজহুৱা ধনৰ জৰিয়তে কোনো ধৰ্মীয় শিক্ষা দিয়া উচিত নহয় বুলিও ৰাজ্য চৰকাৰে মত দাঙি ধৰি আহিছে৷ কিন্তু প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ যিসমূহ মাদ্ৰাছা আছিল সেই সমূহ মাদ্ৰাছাকলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল বাবেই তেনেদৰেই চলি আছিল৷ যোৱা ৪ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ মাদ্ৰাছাসমূহৰ নাম সলনি কৰি উচ্চ প্ৰাথমিক বা কেৱল ‘এম ই’ কৰিব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুসৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগে এক জাননী জাৰি কৰি কালি ৰাজ্যৰ এম ই মাদ্ৰাছা সমূহৰ নাম সলনি কৰে৷ উল্লেখ্য যে ৰাজ্যৰ এই ১২৮১ খন মাদ্ৰাছা বিদ্যালয়ত আন সাধাৰণ বিষয়সমূহৰ লগতে এটা আৰবী ভাষা বা ধৰ্মীয় বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা আছিল৷ সাধাৰণ উচ্চ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে ছয়টা বিষয়ত শিক্ষা গ্ৰহণ কৰিব লগাৰ বিপৰীতে এনে বিদ্যালয়সমূহত সাতটা বিষয়ত শিক্ষা গ্ৰহণ কৰিব লাগিছিল৷ এতিয়াৰে পৰা সংশ্লিষ্ট বিদ্যালয়সমূহত ৰাজ্যৰ আন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ দৰে কেৱল ছয়টা বিষয়ৰহে শিক্ষাদান কৰিব পাৰিব৷ ইফালে মাদ্ৰাছা বন্ধৰ সন্দৰ্ভত চৰকাৰক সিদ্ধান্তক সমালোচনা কৰি বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয়–‘এয়া ভুল সিদ্ধান্ত৷ চৰকাৰী মাদ্ৰাছাতহে চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব৷ ব্যক্তিগত মাদ্ৰাছাত চৰকাৰী নিয়ন্ত্ৰণ নাথাকে৷ মাদ্ৰাছা যদি বন্ধ কৰা হয় তেন্তে মাদ্ৰাছাৰ নামত ভূমি দান কৰা লোকসকলক ভূমি উভতাই দিয়ক চৰকাৰে৷ মুখ্যমন্ত্ৰীৰ বাবে মুচলমান মানুহে মাদ্ৰাছাত গৈ কোৰান পঢ়িলেও চৰকাৰৰ অসুবিধা আৰু বেছিকৈ চিকিৎসক হ’লেও অসুবিধা৷ ইপিনে লোকসভাত ১৪ সাংসদক বহিষ্কাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খালেকে কয় যে নিলম্বন কৰিব লাগিছিল কাক আৰু কৰিছে কাক৷’