নড্ডাৰে কথা পাতি আসন বুজাবুজি চূড়ান্ত কৰিব অগপই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰঃ লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক কেইখন আসন এৰি দিব সেয়া আজিও ৰহস্যৰ আবৰ্তত সোমাই আছে৷ বিগ ব্ৰাডাৰ বিজেপিয়ে হওক বা অগপই হওক কোনো এটা দলৰে নেতৃত্বই এই সন্দৰ্ভত স্পষ্ট মত প্ৰকাশৰ পৰা বিৰত আছে৷ যাৰ ফলত চৰম অনিশ্চয়তাৰ মাজত সময় অতিবাহিত কৰিছে দুয়োটা দলৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল৷ যিহেতু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত বিজেপি আৰু অগপৰ মাজৰ মিত্ৰতা চূড়ান্ত হৈছিল আসন বিতৰণৰ বিষয়টোও বিজেপি নেতৃত্বৰ উপস্থিতিতে চূড়ান্ত হ’ব৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট ইংগিত দিছে যে অগপ দলক এটা সমষ্টিৰ পৰা জয়ী কৰি আনিব৷ অৰ্থাৎ আঞ্চলিক দল অগপক অতি কমেও এটা সমষ্টিৰ পৰা জয়ী কৰি অনাৰ দায়িত্ব গ্ৰহণ কৰিছে বিজেপি হাইকমাণ্ডে৷ কিন্তু বিজেপি দলে অগপত মুঠ কেইখন আসন এৰি দিব সেয়া এই পৰ্যন্ত স্পষ্ট নহয়৷ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৃহস্পতিবাৰে এই সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়–জে পি নাড্ডা আৰু অতুল বৰাৰ মাজত হোৱা আলোচনা মৰ্মে লোকসভাৰ নিৰ্বাচনত মিত্ৰজোটৰ আসন বুজাবুজি চূড়ান্ত হ’ব৷ লোকসভাৰ ১৪ খন আসনত বিজেপি দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব৷ ১১ খনত বিজেপিৰ জয় নিশ্চিত৷ বাকী ৩ খন আসনো আজুৰি অনাৰ বাবেও চেষ্টা চলাই থকা হৈছে৷ উল্লেখ্য যে অগপ দলে গুৱাহাটী, তেজপুৰ, বৰপেটা, কাজিৰঙা আদি কৰি ৫/৬ টা সমষ্টি বিচাৰিছে বিজেপিৰ পৰা৷ অগপ দলে ইতিমধ্যে নিজৰ এই দাবী মিত্ৰদল বিজেপিৰ ৰাজ্যিক নেতৃত্বক অবগত কৰিছে৷ কিন্তু বিজেপি দলে এই পৰ্যন্ত অগপক আসনৰ ক্ষেত্ৰত দিয়া নাই কোনো চূড়ান্ত সিদ্ধান্ত৷ যাৰ বাবে দুদিন পূৰ্বে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত অতি কৌশলপূৰ্ণভাৱে মিত্ৰদল বিজেপিক সকীয়নিও দিছিল৷