Logo
image

সকলোৱে ওলোটা খৰ মাৰিলে! ৰৈ গ’লোঁ মই আৰু সমুজ্জ্বলদা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰাজ্যত শীঘ্ৰে পুনৰ আৰম্ভ হ’ব নেকি ‘কা’বিৰোধী আন্দোলন? দেশৰ সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ চাৰি বছৰ অতিক্ৰম কৰিলে যদিও এইপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা নাই এই আইন৷ কেন্দ্ৰীয় চৰকাৰৰ একাংশ মন্ত্ৰী বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলৰ একাংশ নেতাই সুযোগ বুজি ‘কা’ বলৱৎ কৰাৰ কথা কৈ থাকে৷ একমাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবে যে বিজেপি দলে ‘কা’ক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে সেয়া স্পষ্ট হৈ পৰিছে৷ অৱশ্যে অসমত ‘কা’বিৰোধী প্ৰতিবাদ পূৰ্বৰ দৰে জোৰদাৰ ৰূপত যে পুনৰ আৰম্ভ হ’ব তাত সন্দেহ আছে৷ কাৰণ যিসকল দল-সংগঠন বা ব্যক্তি বিশেষে চাৰি বছৰ পূৰ্বে ‘কা’ৰ বিৰোধিতাৰে দিনৰ পাছত দিন, মাহৰ পাছত মাহ ৰাজপথ উত্তাল কৰি ৰাখিছিল সেই দল, সংগঠন আৰু ব্যক্তিবিশেষ আজি ৰহস্যজনকভাৱে মৌন ‘কা’ বিষয়টোক লৈ৷ ‘কা’বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ মতে তেওঁ আৰু আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যইহে আজিও ‘কা’ৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আছে৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মত প্ৰকাশ কৰি জুবিন গাৰ্গে কয়– ‘কা’ৰ কথা মই এতিয়া নকওঁ৷ ‘কা’ আন্দোলনত মই একেবাৰে নেতৃত্বত আছিলোঁ৷ মই এতিয়াও আছোঁ৷ বেমাৰৰ পাছত মই ঘূৰি আহি দেখিলোঁ যে কোনেও নাই৷ অকল মই, সমুজ্জ্বল দা আৰু দুই এজনহে আছোঁ৷ সমগ্ৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ গ’ল৷ বিষয়টো ৰাজনীতিকৰণ হৈ থাকিল৷ ইমান কষ্ট কিয় কৰিলোঁ বুলি এতিয়াও দুখ কৰোঁ৷ মই এতিয়াও ‘কা’ৰ বিৰোধী, তেতিয়াও বিৰোধী আছিলোঁ আৰু সদায় বিৰোধী থাকিম৷ আমি আন্দোলন কৰিম, কিন্তু এইবাৰ আগৰ নিচিনা আন্দোলন নকৰোঁ৷ আমি প্তজন ল’ৰাক হেৰুৱাইছোঁ৷ সেইটো ঘটনাৰ পুনৰাবৃত্তি আমাক নালাগে৷ বিপ্লৱ কৰিবলৈ আমাৰ বহুত উৎস আছে৷ সামাজিক মাধ্যম আছে৷ ক’ৰবাত দৰকাৰ হ’লে আমি ধৰ্ণাও দিম৷ যোৱাবাৰ অলপ বেছি হৈ গ’ল৷ হাতৰ পৰা বাহিৰ হৈ যোৱাৰ দৰে হ’ল৷ এনেকুৱা হ’ব বুলি ভবা নাছিলোঁ৷ তাৰ বাবে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ৷ কিন্তু ‘কা’ আন্দোলন আমাৰ এতিয়াও অব্যাহত আছে৷ অব্যাহত থাকিব৷ ‘কা’ বলৱৎ কৰিবলৈ নিদিওঁ৷ এইখন গণতান্ত্ৰিক দেশ৷ ইয়াত মানুহৰ কথা চলে৷ চৰকাৰ মানুহে বনায়৷ মানুহ আটাইতকৈ ডাঙৰ অস্ত্ৰ ইয়াত৷ ‘কা’ক সকলোৱে বুজি পাব লাগিব৷ এইটো এটা ৰাজনৈতিক বিষয়৷ নিজে যেতিয়া বুজি পাব তেতিয়া মানুহে ইয়াৰ বিৰোধিতা কৰিব৷