Logo
image

২ শিশুৰ নাম সলাই স্কুলত ভৰ্তিৰ পৰামৰ্শ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ ডিচেম্বৰঃ ক’লা অতীতক পাহৰি পুনৰ স্কুলীয়া যাত্ৰা আৰম্ভ কৰিব মাতৃ-পিতৃৰ হাতত নিৰ্যাতিত দুই দেৱতুল্য শিশুৱে৷ বৰ্তমান পাষাণ পিতৃ-মাতৃ কাৰাগাৰত যদিও চৰকাৰী শিশুগৃহ কতৃৰ্পক্ষই ভুক্তভোগী কণমানি দুটিক শিক্ষাৰ অধিকাৰৰ  আলোক যাত্ৰাৰ পৰা বঞ্চিত কৰিব বিচৰা নাই৷ দেৱতুল্য এই শিশু দুটি আন কোনো নহয়  তেওঁলোক হৈছে চেলিব্ৰেটী চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামে অবৈধভাৱে তুলি লোৱা সন্তানদ্বয়৷ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম বিগত প্ৰায় ছমাহ ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে যদিও সম্প্ৰতি শিশুগৃহৰ তত্বাৱধানত থকা কণমানি দুটিৰ নাম আৰু পৰিচয় সলনি কৰি বিদ্যালয়লৈ পঠোৱাৰ বাবে প্ৰস্তুতি চলাইছে শিশুগৃহ কতৃৰ্পক্ষই৷ শিশুগৃহ কতৃৰ্পক্ষই প্ৰকাশ কৰা অনুসৰি অবৈধভাৱে শিশু দুটিক ‘দত্তক’ লোৱাৰ চলেৰে ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে নিৰ্যাতন চলোৱা শিশু দুটিৰ এই নতুন যাত্ৰাত সকলো পৰিচয় গোপনে ৰখা হ’ব৷ কতৃৰ্পক্ষই এখন ভাল স্কুল পালেই নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিছে৷ এই ক্ষেত্ৰত সংশ্লিষ্ট শিশু দুটিক বুজি পোৱা বিদ্যালয়ৰ কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰি নামভৰ্তিৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰিছে শিশুগৃহ কতৃৰ্পক্ষই৷ উল্লেখ্য, গুৱাহাটীৰ হাইপ্ৰ’ফাইল চিকিৎসক দম্পতীয়ে ধনৰ বিনিময়ত শিশু দুটিক ক্ৰয় কৰি পিতৃ-মাতৃৰ মৰম দিয়াৰ নামত জঘন্য নিৰ্যাতন চলাইছিল৷ শিশু দুটিক যৌন শোষণ চলোৱাৰ লগতে গাত গৰম ইস্ত্ৰী লগাই অত্যাচাৰ কৰিছিল৷ কন্যা শিশুটিক ঘৰৰ চাঁদত ৰ’দত বান্ধি থোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ লাভ কৰাত পŒI×ন বজাৰ আৰক্ষীয়ে দুয়োটি শিশুকে উদ্ধাৰ কৰিছিল৷ ইয়াৰ পাছতেই পকছ’ আইনৰ ধাৰাত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযোগনামাও দাখিল কৰিছে৷ অৱশ্যে এই ঘটনাই গুৱাহাটীত চলা ছাৰোগেট ব্যৱসায়ৰ ক’লা অধ্যায় পোহৰলৈ আনিছিল যদিও দালাল চক্ৰটোক উৎঘাট কৰাত ব্যৰ্থ হৈছিল স্মাৰ্ট গুৱাহাটী আৰক্ষী৷