Logo
image

১৮ ডিচেম্বৰৰ পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

 গুৱাহাটী, ১৫ ডিচেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ আয়ুৰ্বেদিক শিক্ষা আৰু চিকিৎসাৰ প্ৰথমটো প্ৰতিষ্ঠান গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে বছৰজোৰা মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানটো অহা ১৮, ১৯ আৰু ২০ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত  হব। এই উপলক্ষে অহা ১৮ ডিচেম্বৰত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন ন-পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে য'ত প্ৰায় এহেজাৰজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। আজি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত  আগন্তক মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে অনুষ্ঠানৰ আদৰণি সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অধ্যাপক ডঃ বিমল ডেকাই কয় - ১৮ ডিচেম্বৰত অনুষ্ঠানৰ  আৰম্ভণি হব ন-পুৰণি সতীৰ্থৰ পঞ্জীয়ন আৰু সম্বৰ্ধনাৰ জৰিয়তে । তাৰ পাছত ক্ৰমে -  প্ৰাক্তন সতীৰ্থৰ শিবিৰ মুকলি , ৭৫ বছৰ গৰকা উপলক্ষে পুৰণি সতীৰ্থৰ দ্বাৰা ৭৫খন পতাকা উত্তোলন ,  শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনোৱা হব ।  ন-পুৰণি সতীৰ্থ সন্মিলনখন উদ্বোধন কৰিব নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি  দ্বীপেন বড়োৱে। প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপৰ পিছত নিশা এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে য'ত ন-পুৰণি সতীৰ্থসকলৰ লগতে আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰিব। ১৯ ডিচেম্বৰৰ পুৱা এক বাৰে ৰহনীয়া  সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব।  শোভাযাত্ৰাৰ উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। দুপৰীয়া এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব যত বহুকেইজন গণ্য-মান্য বক্তা তথা বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব। প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপৰ পিছতেই নিশা এটি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে য'ত গীত পৰিৱেশন কৰিব বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা, সয়ন পাল আৰু তেজপুৰ থেছপীয়ান দলটিয়ে। ২০ ডিচেম্বৰ শেহৰ দিনা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি বিদায়ী অধিবেশনৰ শুভাৰম্ভ কৰিব চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যই। তাৰ পাছত অনুষ্ঠিত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰিব পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক  নাৰায়ণ কলিতাই। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ  সোণোৱাল, অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা। তেনেদৰে অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে  শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা , গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ কুইন ওজা, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মিছন সঞ্চালিকা ডঃ এম এছ লক্ষ্মীপ্ৰিয়া, আয়ুস বিভাগৰ সঞ্চালিকা ডঃ ইন্দ্ৰানুষি দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যকৰী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি ডাঃ অনুপ বৈশ্যৰ সম্পাদনাত এখন স্মৃতিগ্ৰন্থ মুকলি কৰা হব । সন্ধিয়াৰ পৰা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত  গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু আচুৰ্য বৰপাত্ৰই। আনহাতে সংবাদ মেলত আদৰণি সমিতিৰ সম্পাদক ডাঃ শংকৰজ্যোতি দাস আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক ডঃ ৱাই বি হাষ্টছোৱে আগন্তুক মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটো সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰে।