Logo
image

জুবিন-সমুজ্জ্বলক সমালোচনা ড॰ হীৰেন গোহাঁইৰ, ‘কা’ক লৈ একে স্থিতিতে ৰবি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে৷ ‘কা’বিৰোধী সমন্বয় সমিতিৰ সভাপতিৰ দায়িত্বত থকা ড॰ গোহাঁয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘অসমত ‘কা’ আন্দোলন অকল জুবিন গাৰ্গে কৰা নাই৷ দহ হাজাৰৰো অধিক লোক ‘কা’ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল৷ এনে আন্দোলন ভৱিষ্যতেও হ’ব বুলি মই আশা কৰোঁ৷ অৰ্থাৎ ‘কা’ আন্দোলনৰ নেতৃত্বত ভিন্ন ঠাইত বিভিন্ন লোক জড়িত আছিল৷ কেৱল আছু নাইবা জুবিনে ‘কা’ আন্দোলন কৰা নাই৷ ‘কা’ আন্দোলনত ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু জুবিন গাৰ্গৰ ভূমিকা অতি দুৰ্ভাগ্যজনক বুলি বিবেচনা কৰোঁ৷ তেওঁলোকৰ  বিৰুদ্ধে মোৰ কোনো আখেজ নাই৷ তেওঁলোকে ‘কা’ আমি নামানো বুলি ঠিকেই ক’লে, কিন্তু কাৰ্যত কৰিলে কি? অসমত এতিয়া বেছি সংখ্যক মানুহ হিতাধিকাৰী হিচাপেহে জীয়াই আছে৷ আত্মসন্মানসহ জীয়াই থাকিব পৰা নাই৷ অসমত অসমীয়াৰ বাবে আজি অৰ্থনৈতিক সংকট নামি আহিছে৷ এইক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমে অসমীয়াৰ হকে সঁচা বাতৰি প্ৰচাৰ কৰক৷ জুবিন গাৰ্গ, সমুজ্জ্বল ভট্টাচাৰ্যই বিজেপিৰ লগত থাকি ‘কা’ বিৰোধ কৰি লাভ নাই৷ এয়া এক স্ববিৰোধী কথা৷ ‘কা’ বিৰোধ কৰাৰ এওঁলোকৰ নৈতিক অধিকাৰেই নাই৷ এওঁলোকৰ বাবে ‘কা’ আন্দোলন দুৰ্বল হ’ল৷ মোৰ সন্দেহ হয়, বিজেপিৰ কথামতে জুবিন-সমুজ্জ্বলে আকৌ ‘কা’ আন্দোলনৰ নেতৃত্ব ল’বলৈ আহিছে৷’ উল্লেখ্য, দুদিন পূৰ্বে কণ্ঠশিল্পী জুবিন গাৰ্গে কৈছিল– ‘‘কা’ আন্দোলন কৰা সকলোৱে ওলোটা খৰ মাৰিলে৷ ৰৈ গ’লো মই আৰু সমুজ্জ্বল দা৷ ‘কা’ আন্দোলনৰ নেতৃত্বত আগতেও আছিলোঁ, এতিয়াও আছোঁ৷ বেমাৰৰ পাছত মই ঘূৰি আহি দেখিছিলোঁ যে কোনো নাই৷ অকল মই, সমুজ্জ্বল দা আৰু দুই-এজনহে আছে৷ ‘কা’ বলবৎ কৰিবলৈ নিদিওঁ৷’

‘কা’ক লৈ একে স্থিতিতে ৰবি শৰ্মা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ নাগৰিকত্ব সংশোধনী আইন [কা] সন্দৰ্ভত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সুৰতে সুৰ মিলালে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই৷ শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত  নাগৰিকত্ব সংশোধনী আইন [কা] সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে ৰবি শৰ্মাই৷ তেওঁ সংবাদ মাধ্যমক কয়- মই নাগৰিকত্ব সংশোধনী আইন [কা]ৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিতে আছোঁ৷ ‘কা’ মই নামানো৷ ‘কা’ৰ বিৰুদ্ধে মই এজন অসমীয়া হিচাপে, এজন অভিনেতা হিচাপে দায়িত্ব পালন কৰিম৷ মই ‘ কা’ৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিবলৈ, ধৰ্ণা দিবলৈ নাযাওঁ৷ মই সামাজিক মাধ্যমৰ জৰিয়তে ইয়াৰ প্ৰতিবাদ কৰিম৷ যিহেতু আজিকালি সামাজিক মাধ্যম আটাইতকৈ বেছি শক্তিশালী মাধ্যম৷ ২০১৯ চনত হোৱা ‘কা’ বিৰোধী আন্দোলনৰ কোনো ইতিবাচক ফলাফল লাভ কৰা দেখা নগ’ল৷ একাংশ শিল্পীয়ে সুবিধাবাদী স্থিতি গ্ৰহণ কৰিলে৷ সেই সময়ত মাত্ৰ কম সংখ্যক শিল্পীয়েহে বিজেপিত যোগদান নকৰিলে৷ যাৰ বাবে সাধাৰণ জনগণে তেওঁলোকক তীব্ৰ সমালোচনা কৰা দেখা গ’ল৷ কা’ বিৰোধী আন্দোলন ৰাজনৈতিক হৈ থাকিল৷ এটা সুস্থ শৰীৰ লাভৰ বাবে ধৈৰ্য, একাগ্ৰতা লাগিব৷ এনেয়ে এটা সুস্থ শৰীৰৰ অধিকাৰী হ’ব নোৱাৰি৷ সেইদৰে আন্দোলনৰ ক্ষেত্ৰতো ধৈৰ্য, একাগ্ৰতা নহ’লে আন্দোলন বিফল হ’ব৷ ইয়াৰ বাবে সুস্থ নেতৃত্ব প্ৰদান কৰিব লাগিব৷ কিন্তু ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নেতৃত্ব লোৱাসকল ফৰিং ফুটা দিছিল৷ এইবাৰ মই ‘কা’ আন্দোলনৰ গতি বিধি ভাল দেখা নাই৷ তথাপিও মই ‘কা’ ৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিবাদ কৰি যাম৷