Logo
image

ঘৰে ঘৰে যাব নতুন জিলা আয়ুক্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাৰ নতুন আয়ুক্ত হিচাপে যোগদান কৰিয়েই তৎপৰ হৈ পৰি আই এ এছ বিষয়া সুমিত ছাত্তাৱান৷ নৱ নিযুক্ত আয়ুক্ত ছাত্তাৱানে ৰাইজৰ ওচৰলৈ গৈ অভাৱ-অভিযোগ তথা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা ছাত্তাৱানে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি  শুনাৰ লগতে অভিযোগৰ খৰতকীয়া নিস্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ জিলা আয়ুক্তজনে প্ৰতিটো দেওবাৰে জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ এটাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকি ৰাজহ চক্ৰটোৰ ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তিৰ বুজ ল’ব৷ সেই অনুসৰি অহা ১৭ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত জিলা আয়ুক্ত সুমিত ছাত্তাৱানে বশিষ্ঠ চাৰিআলিত থকা দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব আৰু ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজৰ ওজৰ-আপত্তি শুনিব৷ ইফালে কামৰূপ মহানগৰ জিলাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতেই বিষয়া-কৰ্মচাৰীৰ সৈতে হোৱা এখন বৈঠকত জিলা আয়ুক্তজনে সৰ্বসাধাৰণ ৰাইজৰ দাবী আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসা কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছিল৷ ৰাইজে তেওঁলোকৰ মূল্যবান সময় নষ্ট কৰি যাতে প্ৰাপ্য সেৱাৰ বাবে কাৰ্যালয়লৈ অহা-যোৱা কৰি থাকিবলগীয়া নহয়, তাৰ বাবে জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে নিজেও অধিক কষ্ট কৰিব বুলি জিলা আয়ুক্ত ছাত্তাৱানে স্পষ্ট কৰি দিছিল৷ ইয়াৰ অংশ হিচাপে জিলা আয়ুক্তজনে দেওবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে৷