Logo
image

দুঃচৰিত্ৰ! বিজেপি নেতাৰ ফোন ৰেকৰ্ডিং ভাইৰেল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ কোনো টকা নিদিয়াকৈ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ সময়তে খোদ শাসক দল বিজেপিৰ নেতা-পালিনেতাই নামি পৰিছে চাকৰিৰ ক’লা বজাৰত৷ বিজেপিৰ কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰানী তহবিলদাৰে আত্মহত্যা কৰাৰ ঘটনাই কি দৰে বাজপেয়ী ভৱনৰ পৰা চৰকাৰী চাকৰিৰ বজাৰ গঢ়ি উঠিছিল তাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল৷ চৰকাৰী চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰা আৰএছএছ-বিজেপিৰ প্ৰায় ৭ জন নেতা-সদস্য আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়াও হৈছিল৷ আনকি জালুকবাৰী সমষ্টিৰ ৫০-৫৫ বছৰীয়া প্ৰাৰ্থীয়ে ২৬ হাজাৰৰ নিযুক্তিৰ তালিকাত বাছনি লাভ কৰাক লৈ নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰো অভিযোগ কৰিছিল অসম জাতীয় পৰিষদৰ লগতে কেইবাটাও ছাত্ৰ সংগঠনে৷ উক্ত নিযুক্তি কেলেংকাৰিৰ কোনো তদন্ত নহ’ল যদিও এইবাৰ খোদ বিজেপি নেতাই অংগনৱাড়ী কৰ্মী-সহায়িকা পদৰ চাকৰিৰ নামতো ক’লা বেপাৰ চলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ অংগনৱাড়ী চাকৰিৰ নামত বজাৰ মেলা কাৰ্যত নাম সাঙোৰ খাই পৰিছে চিৰাং জিলাৰ এজন গেৰুৱা নেতাৰ৷ চিৰাং জিলাৰ বিজনী জিলা অ’ বি চি মৰ্চাৰ উপ-সভাপতি চৰিত্ৰ বৰ্মনৰ বিৰুদ্ধে চাকৰিৰ দালালিৰ অভিযোগ উঠিছে৷ বিজেপিৰ অ’ বি চি মৰ্চাৰ উপ-সভাপতি চৰিত্ৰই খোদ বিজেপি কৰ্মীৰ পৰাই চাকৰিৰ বাবে ধন দাবী কৰা অডিঅ’ ভাইৰেল হৈ পৰিছে৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা অডিঅ’ ক্লিপিংটোত বিজেপি নেতা চৰিত্ৰ বৰ্মনে আন এজন বিজেপি সদস্যক  চাকৰিৰ বাবে ৰ লাখ টকা দাবী কৰিছে৷ অংগনৱাড়ীৰ এটা পদত বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীজনৰ পত্নীক নিযুক্তিৰ বাবদ দুটা কিস্তিত ধন বিচাৰিছে চৰিত্ৰ বৰ্মনে৷ অৱশ্যে বিজেপি সদস্যজনে নিজেই দলীয় কৰ্মী হৈ বিজেপি দলৰ নেতাক ধন দি পত্নীৰ চাকৰি ক্ৰয় কৰিবলৈ লজ্জাবোধ কৰাৰ কথাও ভাইৰেল অডিঅ’টোত শুনা গৈছে৷ ইফালে এই চাকৰিৰ বজাৰত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়কৰো নাম সাঙোৰ খাই পৰিছে৷ অংগনৱাড়ীৰ সামান্য এটা চাকৰিৰ বাবে খোদ বিজেপি কৰ্মীৰ পৰা বিজেপি নেতাই ধন দাবী কৰি দালালিত নামি পৰাৰ পাছত বাজপেয়ী ভৱনে কি দৰে গ্ৰহণ কৰিব, সেয়া সময়তহে স্পষ্ট হ’ব৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্লোগান আওৰোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় নেতাৰ দুষ্কাৰ্যৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিব নে নাই, সেয়াও হ’ব লক্ষণীয়৷