Logo
image

২১খন সাহিত্য সভালৈ ৭১ কোটি টকা অনুদান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ডিচেম্বৰঃ অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি ৰাজ্যৰ ২১ খন সাহিত্য সভাক ২০২০-২১ আৰু ২০২২-২৩ বৰ্ষৰ অৰ্থাৎ দুবছৰৰ পুঁজি ব্যয়ৰ প্ৰমাণ-পত্ৰ [হিচাপ] দাখিলৰ বাবে কঠোৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে৷ উচ্ছ শিক্ষা বিভাগ সঞ্চালক পমী বৰুৱাই যোৱা ১১ ডিচেম্বৰত এক জাননী জাৰি সাহিত্য সভাসমূহৰ সভাপতিসকলক ১৬ ডিচেম্বৰ অৰ্থাৎ শনিবাৰৰ ভিতৰত পুঁজি ব্যয়ৰ প্ৰমাণ পত্ৰ দাখিলৰ কঠোৰ নিৰ্দেশ দিছে৷ এই জাননীত উল্লেখ কৰা হৈছে যে সাহিত্য সভাসমূহে ২০২০-২১ বৰ্ষত ৪৩ কোটি ২০ লাখ টকাৰ আৰু ২০২২-২৩ বৰ্ষৰ ২৭ কোটি ৩৬ লাখ টকা অৰ্থাৎ মুঠ ৭০ কোটি ৫৬ লাখ টকাৰ পুঁজি ব্যয়ৰ প্ৰমাণ পত্ৰ চৰকাৰৰ ওচৰত দাখিল কৰা নাই৷ গ্ৰাণ্ট ইন এইডৰ অধীনত লাভ কৰা এই পুঁজি ব্যয়ৰ প্ৰমাণ পত্ৰ সাহিত্য সভাসমূহে ৰাজ্যৰ উচ্ছ শিক্ষা সঞ্চালকালয়ৰ ওচৰত দাখিল কৰিব লাগে৷ জাননীত জাৰি কৰা তথ্য অনুসৰি অসম সাহিত্য সভাই ২০২০-২১ বৰ্ষত ছয় কোটি, ২০২২-২৩ বৰ্ষত চাৰি কোটি মুঠ দহ কোটি, বড়ো সাহিত্য সভাই ২০২০-২১ বৰ্ষত তিনি কোটি, ২০২২-২৩ বৰ্ষত দুই কোটি মুঠ পাঁচ কোটি টকাৰ পুঁজি ব্যয়ৰ হিচাপ চৰকাৰৰ ওচৰত দাখিল কৰা নাই৷ আনহাতে, দেউৰী সাহিত্য সভা, ডিমাচা সাহিত্য সভা, নেপালী সাহিত্য সভা, ৰাভা সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, মিছিং সাহিত্য সভা, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভা, পূৰ্বাঞ্চল টাই সাহিত্য সভা, তিৱা সাহিত্য সভা, মণিপুৰী সাহিত্য সভা, গাৰো সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুৰুখ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, অসম সান্থালী সাহিত্য সভা, মুন্দ্ৰাৰী সাহিত্য সভা, শৰণীয়া কছাৰী সাহিত্য সভাই প্ৰতিখনে ২০২০-২১ বৰ্ষত ৯.৮০ কোটিকৈ আৰু ২০২২-২৩ বৰ্ষত এক কোটি ৪২ লাখকৈ মুঠ দুই কোটি ৯২ লাখ ৪২,১০৫ টকাকৈ পুঁজি ব্যয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিবলৈ আছে৷