Logo
image

কামাখ্যা ৰে'ল ষ্টেচনত বিলাতী সুৰাসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চোৰাং সুৰাৰ ৰমৰমীয়া বেহা। গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল সুৰক্ষা বাহিনী আৰু ৰে'ল আৰক্ষীয়ে এক অভিযান চলায়। অভিযানত বুজন পৰিমাণৰ বিলাতী সুৰাসহ তিনি মহিলা সৰবৰাহকাৰী আটক হয়। ধৃত মহিলাকেইগৰাকী ক্রমে হীৰা দেৱী, ববিতা দেৱী আৰু মূর্তি দেৱী বুলি জানিব পৰা গৈছে। অভিযানকাৰী দলটোৱে ধৃত মহিলাকেইগৰাকীৰ বেগৰ পৰা জব্দ কৰে ১৫০ বিলাতী সুৰাৰ বটল। জানিব পৰা মতে, ৰে'লযোগে বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰি সুৰাৰ বটলসমূহ। উল্লেখযোগ্য যে অবৈধভাৱে সুৰাসমূহ নি অধিক দৰত বিক্ৰী কৰে সৰবৰাহকাৰীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।